...

মাৰ্ঘেৰিটা মহাবিদ্যালয়ত গ্ৰন্থ মেলা

Spread the love

মাৰ্ঘেৰিটা মহাবিদ্যালয়ত গ্ৰন্থ মেলা

তৰ্ক প্ৰতিযোগিতা, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ

চাইন অন ডেস্ক:

মাৰ্ঘেৰিটা অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান মাৰ্ঘেৰিটা মহাবিদ্যালয়ত বিগত বৰ্ষৰ দৰে এইবাৰো কালিৰ পৰা আৰম্ভ হৈছে জুবিন গাৰ্গ সোঁৱৰণী গ্ৰন্থ মেলা।মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰ, মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ  সংস্থাৰ উদ্যোগত আয়োজন কৰা হৈছে এই গ্ৰন্থমেলা। ২১জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা গ্ৰন্থ মেলাৰ বাকৰিত দিলীপ কুমাৰ চুতীয়া সোঁৱৰণী সদৌ অসম ভিত্তিত আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰৰ ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আনহাতে গ্ৰন্থ মেলা বাকৰিত আজি অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ। প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ সভাপতি মোলেন বৰুৱাই সঞ্চালনা কৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ আঁ‌ত ধৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সংস্থাৰ সম্পাদক মানস প্ৰতিম গগৈয়ে। প্ৰাক্তন শিক্ষাৰ্থী সকলে গীত মাতেৰে জীপাল কৰি তোলে গ্ৰন্থ মেলা বাকৰি । গ্ৰন্থ মেলা খনত অসমৰ আগশাৰীৰ ভালে কেইটা  প্ৰকাশন প্ৰতিষ্ঠান আৰু গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰিছে। গ্ৰন্থ মেলা বাকৰিত প্ৰতিদিনে আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠান।আজি বিয়লি এক বজাত অনুষ্ঠিত হ’ব কবি সন্মিলন আৰু বিয়লি চাৰি বজাত অনুষ্ঠিত হ’ব বক্তৃতানুষ্ঠান । সন্ধিয়া অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান। উল্লেখ্য যে গ্ৰন্থ মেলাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট ঔপন্যাসিক ডঃ মৃণাল কলিতা উপস্থিত থাকে। প্ৰথম দিনা নিশা সাংস্কৃতিক অনুষ্ঠান আমন্ত্ৰিত আৰু স্থানীয় শিল্পী সকলে গীত নৃত্যৰে জীপাল কৰি তোলে। দিলীপ কুমাৰ চুতীয়া সোঁৱৰণী সদৌ অসম ভিত্তিক আন্তঃমহাবিদ্যালয়/ বিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিক ঋতুৰাজ শইকীয়া (গুৱাহাটী বিশ্ববিদ্যালয়) ,দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক গীতাৰ্থ বৰা ( কটন বিশ্ববিদ্যালয়),প্ৰথম শ্ৰেষ্ঠ দল ঋতুৰাজ শইকীয়া আৰু অনুপ্ৰেৰণা মহন্ত (গুৱাহাটী বিশ্ববিদ্যালয়),দ্বিতীয় শ্ৰেষ্ঠ দল গীতাৰ্থ বৰা আৰু কপিল দেৱ গোস্বামী ( কটন বিশ্ববিদ্যালয়),তৃতীয় শ্ৰেষ্ঠ দলঅংগণা বৰদলৈ আৰু চয়নিকা ভট্টাচাৰ্য ( ডিগবৈ মহাবিদ্যালয়)।

Leave a Reply

Your email address will not be published. Required fields are marked *