...

লিভ-ইনত সংগী পত্নীৰ সমানে আইনী সুৰক্ষা প্রাপ্য!

Spread the love

লিভ-ইনত সংগী পত্নীৰ সমানে আইনী সুৰক্ষা প্রাপ্য!

 

একত্রবাসক গন্ধর্ব বিবাহ আখ্যা মাদ্রাজ হাইক’ৰ্টৰ

*চেন্নাই:*

‘লিভ-ইন সম্পর্ক বা একত্রবাসত থকা মহিলাসকলেও কিছু আইনী সুৰক্ষা পোৱা উচিত।’ -এই মন্তব্য মাদ্রাজ উচ্চ ন্যায়ালয়ৰ। কোনো কোনো ক্ষেত্রত এইধৰণৰ একত্রবাস সংগীক পত্নীৰ সমান আইনী মর্যদাও দিব লাগিব বুলি মন্তব্য কৰিছে। ন্যায়াধীশে। ন্যায়ালয়ত এই সম্পর্কক গন্ধর্ব প্রথামতে বিবাহৰ সৈতে তুলনা কৰা হৈছে। ভাৰতৰ প্ৰাচীন বিবাহৰ ঐতিহ্যূত ইয়াৰ উল্লেখ আছে। তামিলনাডুৰ তিৰুচিবাপল্লীৰ এগৰাকী যুৱকে লিভ-ইন সংগীৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত আগতীয়া জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল।

মাদ্রাজ উচ্চ ন্যায়ালয়ৰ মাদুবাই বিচাৰপীঠত এই গোচৰৰ শুনানি আছিল। অভিযোগ মতে, লিভ-ইন সম্পর্কত থকা সময়ছোৱাত মহিলাগৰাকীৰ সৈতে বিবাহৰ প্রতিশ্রুতিৰে একাধিকবাৰ শাৰীৰিক সম্পৰ্কত লিপ্ত হোৱাৰ পিছত যুৱকগৰাকীয়ে সম্পর্ক ভংগ কৰে। ন্যায়াধীশ এছ শ্রীমতীৰ পর্যবেক্ষণ যে লিভ-ইন সম্পর্ক ভাৰতীয় সমাজত এটা ‘সাংস্কৃতিক আঘাত’। ইয়াত বিবাহৰ দৰে সুৰক্ষা নাথাকে। ভাৰতীয় ন্যায় সংহিতাৰ ৬৯ ধাৰা মতে, মিছা প্রতিশ্রুতিৰে সহবাস অপৰাধ। সেইবাবে লিভ-ইন সম্পর্কত থকা মহিলাক আইনী সুৰক্ষা দিয়াটো প্রয়োজন বুলি গণ্য কৰে তেওঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *