জুঁইয়ে সৰ্ব্বনাশ নমালে এটা পৰিয়াললৈ!
নথি-পত্ৰ ,কাপোৰ ,নগদ ধন ভস্মীভূত
*গোৱালপাৰা:*
গোৱালপাৰাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত শিমলীতোলা গেৰুৱা নেপালীখুটিত দিনদুপৰতে এটা পৰিয়ালৰ জুঁইয়ে কৰিলে সৰ্ব্বনাশ ,নিমিষতে ভস্মীভূত হ’ল বেংকৰ পাছবুক ,এটিএম কে আদি কৰি সকলো নথি-
পত্ৰ ,কিতাপ-বহী ,নগদ ধন।গাঁৱখনৰ বিনোদ দৰ্জি নামৰ এজনৰ ঘৰত এই শোকাবহ কাণ্ড।আজি আবেলি পৰত পৰিয়ালটোৰ এটা ঘৰৰ কাপোৰ থোৱা আলনাত প্ৰথমে জুঁই লাগে আৰু ক্ৰমান্বয়ে পৰিয়ালটোৰ সকলো নথিপত্ৰ ,বিচনা ,কাপোৰ ,স্কুলৰ কিতাপ-বহী ,নগদ ধন সকলো পুৰি ছাঁই হয়।
হাহাকাৰ লাগে পৰিয়ালটোত আৰু প্ৰতিবেশী আগবাঢ়ি গৈ তৎপৰতাৰে জুঁইকুৰা নুমুৱাবলৈ সক্ষম হয় ,খৱৰ পাই আৰক্ষীও উপস্থিত হয় ঘটনাস্থলীত পিছে ইতিমধ্যে জুঁইয়ে সৰ্ব্বনাশ কৰিলে পৰিয়ালটিৰ।অগ্নিকাণ্ডৰ সঠিক কাৰণ জানিব পৰা নগ’ল।দিনদুপৰতে হোৱা এই অগ্নিকাণ্ডক লৈ চাঞ্চল্য বিয়পে গাঁৱখনত।