*জাগীৰোডৰ জোনবিলৰ পাৰত কাইলৈৰ পৰা ২৪ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা*
নগাঁও: মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত কাইলৈৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে জাগীৰোডত অনুষ্ঠিত হ’ব ঐতিহাসিক জোনবিল মেলা। বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ ৷ পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ কাৰ্বি আংলং,মেঘালয়ৰ শতাধিক গাঁৱৰ পৰা আহিব পাহাৰৰ মামা-মামী। য’ত পুনৰ এবছৰৰ অন্তত মিলন ঘটিব পাহাৰ-ভৈয়ামৰ লোকসকলৰ। মেলা সমিতিয়ে ইতিমধ্যে ইয়াৰ বাবে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদর্শন দেখিবলৈ পোৱা যাব। আধুনিক মুদ্ৰাক অচল কৰি বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ ৷ উল্লেখ্য যে,কাইলৈ পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ লগতে তিৱা জাতীয় জীৱনৰ সৈতে জড়িত গৃহ মুকলি কৰিব। পাহাৰৰ মামা-মামীসকল সামগ্রী বিনিময়ৰ বাবে মেলালৈ আহিব। ২৩ জানুৱাৰীৰ পুৱা ঐতিহাসিক বিনিময় প্রথাৰে হাট মুকলি কৰা হ’ব। তাৰ পাছতে জোনবিলৰ পাৰত “সমূহীয়া মাছ ধৰা” পৰ্ব অনুষ্ঠিত কৰিব। ইপিনে এই কাৰ্যসূচীৰ অংশ হিচাপে মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজ দৰবাৰত ২২গৰাকী তিৱা ৰজাক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজভাট্টা প্ৰদান কৰিব। ইয়াৰ লগতে তিৱা আৰু অসমীয়া ভাষাৰ কবি সম্মিলন,বিভিন্ন নৃত্য-গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হ’ব।