...

দেশত সমাগত গণৰাজ্য দিৱস

Spread the love

দেশত সমাগত গণৰাজ্য দিৱস

সংগতি ৰাখি ঢকুৱাখনাত ৰক্তদান শিবিৰ

*ঢকুৱাখনা*

ৰক্তদান মহান দান। আপোনাৰ এটুপি তেজে কাৰোবাক দিব পাৰে জীৱন দান।এই মন্ত্ৰকে সাৰোগত কৰি সমাগত দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি ঢকুৱাখনাত বুধবাৰে অনুষ্ঠিত কৰা হয় এক ৰক্তদান শিবিৰ।ঢকুৱাখনা সম-জিলা প্ৰশাসন,ঢকুৱাখনা আৰু হাৰ্হি মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আৰু ইলোৰা বিজ্ঞান মঞ্চ আৰু ঢকুৱাখনা ব্যৱসায় সন্থাৰ সহযোগত স্থানীয় ধৰমশালাত
এই শিবিৰৰ অনুষ্ঠিত কৰা হয়।বহু সংখ্যক সমাজ সচেতন ৰাইজ আৰু ৰক্তদাতাৰ উপস্থিতিত এই শিবিৰ উদ্বোধন কৰে ঢকুৱাখনা সম-জিলাৰ আয়ুক্ত অপূৰ্ব কুমাৰ নাথে।উদ্বোধনী ভাষণত এটোপাল ৰক্তই কিদৰে

একোজন ৰোগীক জীৱন দান কৰিব পাৰে সেই সম্পৰ্কে বক্তব্য প্ৰদান কৰে নাথে।ৰক্তদান কাৰ্যসূচীত ঢকুৱাখনা মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা: প্ৰদীপ মিলি, বিশেষজ্ঞ চিকিৎসক ডাঃ সত্যনাৰায়ণ মিলি,লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ কাউন্সিলৰ চম্পক বৰুৱা , সহকাৰী আয়ুক্ত জানুমা সোণোৱাল,ৰাহুল প্ৰসেনজিত গগৈ,ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ অধ্যক্ষ ড° যুগানন্দ সুত,ইলোৰা বিজ্ঞান মঞ্চ, ঢকুৱাখনা শাখাৰ সভাপতি টবেন্দ্ৰ দাস,সম্পাদক ৰাজু চুতীয়া,হাৰ্হি মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিষয়া অজিত শৰ্মা,ঢকুৱাখনা ব্যৱসায় সন্থাৰ সভাপতি পূৰ্ণ চুতীয়াৰ লগতে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৰক্তদান কেন্দ্ৰ বিষয়ববীয়া উপস্থিত থাকে।

এই ৰক্তদান শিবিৰত ঢকুৱাখনা সমজিলা প্ৰশাসনৰ বিষয়া – কৰ্মচাৰীকে ধৰি ব্যৱসায় সন্থাৰ কেইবাজনো সদস্যৰ লগতে ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩০গৰাকী ব্যক্তিয়ে ৰক্তদান কৰে।বিয়লিলৈ সামৰণি পৰা ৰক্তদান শিবিৰত ৰক্ত দান কৰা ৰক্তদাতা সকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *