...

*বিশিষ্ট আলোকচিত্ৰ শিল্পী তপন দাসক ২০২৬ বৰ্ষৰ “অমূল্য মান্না আলোকচিত্ৰ বঁটা” প্ৰদান*

Spread the love

*বিশিষ্ট আলোকচিত্ৰ শিল্পী তপন দাসক ২০২৬ বৰ্ষৰ “অমূল্য মান্না আলোকচিত্ৰ বঁটা” প্ৰদান*

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,

বিশিষ্ট আলোকচিত্ৰ শিল্পী তপন দাসলৈ আগবঢ়োৱা হৈছে ২০২৬ বৰ্ষৰ ‘অমূল্য মান্না আলোকচিত্ৰ বঁটা’। অসমৰ প্ৰসিদ্ধ আলোকচিত্ৰ শিল্পী অমূল্য মান্না স্মৃতিৰক্ষা সমিতি ফটোগ্ৰাফী ইনষ্টিটিউট অৱ অসম আৰু ইউ বি ফটোজৰ সহযোগত আলোকচিত্ৰ শিল্পীগৰাকীক অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান কৰা হয়।
উল্লেখ্য যে,২০২১বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। বিগত বৰ্ষ সমূহত এই বঁটা লাভ কৰিছে প্ৰখ্যাত আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা,সমীৰ চৌধুৰী,মহেন্দ্ৰ বৰুৱা,সুমন দুৱৰা আৰু উৎপল দত্তই। এইবছৰৰ অমূল্য মান্না আলোকচিত্ৰ বঁটা আগবঢ়োৱা তপন দাসে ১৯৮৭ চনত অসমীয়া বাতৰি কাকত “নতুন দৈনিক”ত চিত্ৰ সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তাৰোপৰি “চিত্ৰ সংবাদ”,”অসমবাণী”, “শিল্পীৰ পৃথিৱী” আদি সংবাদপত্ৰ- আলোচনীত তেওঁৰ আলোকচিত্ৰ নিয়মীয়াকৈ প্ৰকাশ পাইছিল। তপন দাসে নতুন প্ৰজন্মক ফটোগ্ৰাফি শিক্ষা প্ৰদানৰ বাবে পি ডি টি আই নামৰ এখন ফটোগ্ৰাফি শিক্ষানুষ্ঠান পৰিচালনা কৰি আছে। যশস্বী আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ পৰিচালক অমূল্য মান্নাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদেশ্যৰে অসমৰ কেইগৰাকীমান সংস্কৃতিবান ব্যক্তিৰ প্ৰচেষ্টাত ২০১৫ চনত অমূল্য মান্না স্মৃতি ৰক্ষা সমিতি গঠন কৰা হৈছিল। প্ৰতি বছৰেই শিল্পীগৰাকীৰ মৃত্যু দিৱসৰ দিনা ১৯ জানুৱাৰীত অসমৰ এগৰাকী অগ্ৰজ,প্ৰবীণ আলোকচিত্ৰ শিল্পীক এই বঁটা প্ৰদান কৰি অহা হৈছে। শিল্পী গৰাকীক উক্ত বঁটাৰ লগত নগদ বিশ হাজাৰ টকা,স্মাৰক আৰু এখনি মানপত্ৰ প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *