*শিখা শৰ্মাৰ কঠোৰতম শাস্তিৰ দাবী তুলি দিশপুৰ থানাত এজাহাৰ দাখিল সাংবাদিক হেমন্ত শৰ্মাৰ*
*গুৱাহাটী, ১৯ জানুৱাৰীঃ* বিতৰ্কিত লেখিকা শিখা শৰ্মাই সদ্য প্ৰয়াত জুবিন গাৰ্গক কেন্দ্ৰ কৰি বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত কৰি অহা অশালীন মন্তব্যত ক্ষুন্ন হৈ দিশপুৰ থানাত এজাহাৰ দাখিল কৰে সাংবাদিক, লেখক হেমন্ত শৰ্মাই। জুবিন গাৰ্গৰ অস্বাভাৱিক বিয়োগক কেন্দ্ৰ কৰি অসমীয়া সমাজত গভীৰ শোক আৰু আবেগজনিত পৰিৱেশ সৃষ্টি হৈ থকাৰ সময়তে বিতৰিকিত মহিলাগৰাকীয়ে সামাজিক মাধ্যমত কৰা এনে মন্তব্যক তীব্ৰ গৰিহণা দি সাংবাদিক হেমন্ত শৰ্মাই কয় যে, সংগীত, মানৱিয়তা, সংস্কৃতি, সাহিত্য আদি ক্ষেত্ৰত জুবিন গাৰ্গৰ অৱদান অকল্পনীয় আৰু অসমীয়া সমাজ-সংস্কৃতিৰ পৰিচয় গঠন কৰাৰ এক ঐতিহাসিক অধ্যায় জুবিন গাৰ্গ। তেওঁ কেৱল এজন সংগীতশিল্পীয়েই নহয়, অসমীয়া জাতীয় চেতনাৰ অন্যতম সাংস্কৃতিক স্বাক্ষৰ। জুবিন গাৰ্গক আদৰ্শ হিচাপে লৈ তেওঁৰ দৰ্শন, নীতি আদৰ্শক নৱপ্ৰজন্মই আঁকোৱালি লৈ এখন সুস্থ-সৱল সমাজৰ সপোন দেখাৰ সময়তে শিখা শৰ্মাই 
সামাজিক মাধ্যমত প্ৰয়াত শিল্পীগৰাকীৰ বিষয়ে অপমানজনক আৰু অসন্মানজনক ভাষা ব্যৱহাৰ কৰা বিষয়টো জাতীয় অপৰাধ। আনহাতে, বহু তথ্য-প্ৰমাণ সংলগ্ন কৰি দাখিল কৰা দুই পৃষ্ঠাজোৰা এজাহাৰত সাংবাদিক হেমন্ত শৰ্মাই উল্লেখ কৰি কয় যে, স্বল্প গ্লেমাৰত উটি-ভাঁহি ফূৰা এইগৰাকী নিকৃষ্ট মানসিকতাৰ মহিলাক ইমানদিনে মানসিক ৰোগী বুলি ভাবি আহিছিল যদিও শেহতীয়াকৈ তেওঁৰ কৰ্মকাণ্ডই সীমা অতিক্ৰম কৰিছে। এগৰাকী মৃত ব্যক্তিত্বৰ মানহানি কৰাৰ উপৰি অসমীয়া সমাজৰ আবেগক আঘাত দিছে আৰু সমাজিক উত্তেজনা সৃষ্টিৰ পৰিস্থিতিও উদ্ভৱ হোৱা মন্তব্য কৰিছে শিখা শৰ্মাই। এজাহাৰত ঘটনাটোক মানহানি, উত্তেজনামূলক বক্তব্য আৰু সামাজিক মাধ্যম সংলগ্ন আইন উলংঘাৰ অন্তৰ্গত বুলিও উল্লেখ কৰি সাংবাদিক শৰ্মাই দিশপুৰ আৰক্ষীক কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্রহণৰ বাবে অনুৰোধ জনাইছে।