...

জোনাইত পাঃতৃৰ অপৃন কেবাঙৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশন

Spread the love

জোনাইত পাঃতৃৰ অপৃন কেবাঙৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশন

উদুলি-মুদুলি পৰিৱেশ তেলাম-জামজিং সুৰেন পাঃতৃৰ ক্ষেত্ৰ

ডাঃ মতিলাল পাতিৰৰ ‘দ্যা মেন হু পুট কাজিৰঙা ইন দ্যা ৱৰ্ল্ড মেপ’ উন্মোচন বিশিষ্ট অধিবক্তা সোণাধৰ পাতিৰৰ

জোনাই, ১৬ জানুৱাৰীঃ আজিৰে পৰা বনাৰ্ঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে জোনাইত অনুষ্ঠিত হৈছে পাঃতৃৰ অপৃন কেবাঙৰ পঞ্চম ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশন। জোনাইৰ তেলাম-জামজিঙৰ সুৰেন পাঃতৃৰ ক্ষেত্ৰত অনুষ্ঠিত হোৱা পাঃতৃৰ অপৃন কেবাঙৰ অধিৱেশনত উন্মোচন কৰা হয় বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডাঃ মতিলাল পাতিৰৰ ‘দ্যা মেন হু পুট কাজিৰঙা ইন দ্যা ৱৰ্ল্ড মেপ’ শীৰ্ষক গ্ৰন্থখন। কেবাঙৰ সাধাৰণ সম্পাদক অজয় কুমাৰ পাতিৰে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অধিবক্তা সোণাধৰ পাতিৰে গ্ৰন্থখন উন্মোচন কৰি কয়, এখন গ্ৰন্থই ইতিহাস বহন কৰে। ‘দ্যা মেন হু পুট কাজিৰঙা ইন দ্যা ৱৰ্ল্ড মেপ’ গ্ৰন্থখনে তাৰেই সাক্ষী বহন কৰিব। মহী চন্দ্ৰ মিৰি আৰু ইন্দিৰা মিৰিক লৈ অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা উপন্যাসখনৰ প্ৰসংগ উল্লেখ কৰি গ্ৰন্থখনত মহী চন্দ্ৰ মিৰি সম্পৰ্কে বহু তথ্য লাভ কৰিব পাৰিব বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, কাৰ্যসূচী অনুসৰি আজি পুৱাৰ ভাগত সামূহিক চাফাই অভিযানৰ পাছতে পাঃতৃৰ অপৃন কেবাঙৰ সভাপতি দেৱজিত পাতিৰ আৰু বেনুধৰ পাতিৰে তোৰণ উন্মোচন কৰে। ডেকাপাম আঞ্চলিক পঞ্চায়তৰ সদস্যা কবিতা পাতিৰে বৃক্ষৰোনৰ কাৰ্যসূচী শুভাৰম্ভ হোৱাৰ পাছত কেবাঙৰ সভাপতি দেৱজিত পাতিৰৰ সভাপতিত্বত কেবাঙৰ অন্তিমখন কাৰ্যকৰী সভা অনুষ্ঠিত হয়। এই সভাত কেবাঙৰ বিগত কাৰ্যকালৰ কাম-কাজ সম্পৰ্কে বিস্তৃতৰূপত আলোচনা কৰা হয়। ইফালে কেবাঙৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি মৃণাল পাতিৰে প্ৰতিনিধি দ্বাৰ উন্মোচন কৰাৰ পাছত মুৰং অকুমৰ দ্বাৰ উন্মোচন কৰে কেবাঙৰ উপ-সভাপতি ৰেৱত পাতিৰে। ইয়াৰ পাছতে অৰুণাচল প্ৰদেশৰ প্ৰাক্তন বন বিষয়া চেনিৰাম পাতিৰে বিপনী আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচনৰ লগতে কেবাঙৰ অভ্যৰ্থনা সমিতিৰ সভাপতি শিৱনাথ পাতিৰে ভোজনালয় কক্ষৰ দ্বাৰ উন্মোচন কৰে। ইফালে নিশাৰ ভাগত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাখন উদ্বোধন কৰে কেবাঙৰ প্ৰাক্তন সাধাৰণ সম্পাদক লক্ষীকান্ত পাতিৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *