আপুনিও বহুবিবাহ কৰিব নে কি ?
বহুবিবাহক লৈ মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিলে ?
দ্বিতীয় বিবাহ কৰিলে ৭ বছৰ
তৃতীয় বিবাহত ১৪ বছৰ জে’ল
*চাইন অন ডেস্ক:*
ৰাজ্যত বহুবিবাহক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰখনে এইবাৰ বহুবিবাহ ৰোধ কৰিবলৈ অচিৰেই মুকলি কৰিব এক হেল্পলাইন নম্বৰ। বিলাসীপাৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা ঘোষণা কৰি স্পষ্ট কৰে যে কোনো লোকে যদি দ্বিতীয় বিবাহ কৰিবলৈ প্রস্তুতি চলায় তেন্তে পত্নীয়ে হেল্পলাইন নম্বৰযোগে অভিযোগ দিব পাৰিব আৰু অচিৰেই প্ৰতিখন জিলাৰ প্রশাসনে মুকলি কৰিব ১১৪ হেল্পলাইন নম্বৰ। এই নম্বৰৰ জৰিয়তে দ্বিতীয় বিবাহ কৰিব খোজা স্বামীৰ বিৰুদ্ধে মহিলাসকলে অভিযোগ দিব পাৰিব। বিলাসীপাৰাত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি উপস্থিত মহিলাসকলক উদ্দেশ্যি মুখ্যমন্ত্রী ড° শর্মাই এই সন্দর্ভত কয়- আমি এতিয়া নতুনকৈ এখন আইন আনিছোঁ। আগতে একাংশ স্বামীয়ে – তিনিগৰাকীলৈ যুৱতীক বিয়া কৰাইছিল। কিন্তু এতিয়া এই বহুবিবাহ সম্ভৱ নহয়। এতিয়া দ্বিতীয় বিবাহ কৰিলে ৭ বছৰ, তৃতীয় বিবাহ কৰিলে ১৪ বছৰ, চতুৰ্থ বিবাহ কৰিলে ২১ বছৰ কাৰাদণ্ডৰে দণ্ডিত হ’ব। উল্লেখ্য যে বহুবিবাহ ৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰি অহা – মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিগত বৰ্ষৰ নৱেম্বৰ মাহত বহুবিবাহ প্ৰতিৰোধী আইন প্রণয়ন কৰিছে। ইয়াৰ জৰিয়তে প্রথমা পত্নী থকাৰ পাছতো দ্বিতীয় বিবাহ কৰিলে ৭ৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাদণ্ডৰে দণ্ডিত হ’ব। মুখ্যতঃ মহিলাৰ অধিকাৰ আৰু সমতা সুৰক্ষিত কৰাৰ লক্ষ্যৰে অনা এই আইনৰ জৰিয়তে নামনি অসমৰ সংখ্যালঘু অধ্যুষিত এলেকাত হৈ থকা বহুবিবাহ প্ৰতিৰোধৰো লক্ষ্য লোৱা হৈছে। বহুবিবাহ প্ৰতিৰোধী আইন সন্দর্ভত ইতিমধ্যে মুখ্যমন্ত্রী ড° শর্মাই উল্লেখ কৰিছিল যে ইছলামিক আইন অনুসৰি প্ৰথমগৰাকীৰ স্পষ্ট সম্মতি অবিহনে মুছলমান লোক এজনে দ্বিতীয় পত্নী গ্ৰহণ কৰিব নোৱাৰে। কাৰ্যতঃ ইয়াৰ জৰিয়তে ইছলামতো দ্বিতীয় বিবাহ আইনগতভাৱে বৈধ নহয়। উল্লেখ্য যে ৰাজ্য চৰকাৰে উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী কৰাৰ বাবে এই আইনখন প্রণয়ন কৰিছে। আইনখনত কোনো ব্যক্তিয়ে প্রথম বিবাহ লুকুৱাই ৰাখি দ্বিতীয় বিবাহ কৰিলে শাস্তি দুগুণৰ লগতে গধুৰ জৰিমনা বিহাৰ ব্যৱস্থা ৰখা হৈছে। মাঘৰ পহিলা দিনটোতেই মুখ্যমন্ত্রীয়ে আজি বিলাসাপাৰাত কৰা ঘোষণাই স্বাভাৱিকতে বিশেষ তাৎপর্য বহন কৰিছে। সেয়াই নহয়, দ্বিতীয় বিবাহ প্ৰতিৰোধৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিব বুলি কৰা ঘোষণাই স্বাভাবিকতে সংখ্যালঘু মহিলাসকলকো উৎসাহিত কৰিছে।