...

১৫ ফেব্ৰুৱাৰীৰ পূর্বে সম্পন্ন হ’ব মিত্রতা:মুখ্যমন্ত্ৰী শৰ্মা

Spread the love

১৫ ফেব্ৰুৱাৰীৰ পূর্বে সম্পন্ন হ’ব মিত্রতা:মুখ্যমন্ত্ৰী শৰ্মা

*গুৱাহাটী:*

বিজেপি আৰু মিত্ৰদলৰ আসন বুজাবুজিৰ বিধানসভা নির্বাচনৰ বাবে বিজেপি প্রক্রিয়া ক্ষীপ্ৰতাৰেই
আগবাঢ়িছে। মিত্রদল অগপ, বিপিএফ আৰু ইউপিপিএলৰ সৈতে আসন বুজাবুজিক লৈ ইতিমধ্যে প্ৰাৰম্ভিক আলোচনা প্রায় সম্পূর্ণ কৰা বিজেপিয়ে ১৫ ফেব্রুৱাৰীৰ পূর্বে মিত্রতা চূড়ান্ত কৰিব। এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড° হিমস্ত বিশ্ব শর্মাই। লখিমপুৰত সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সকলো প্রক্রিয়া সম্পূর্ণ হ’ব। কালি হাগ্রামা মহিলাৰীক লৈ কেন্দ্রীয় গৃহমন্ত্রীক মই

সাক্ষাৎ কৰিছোঁ। ইয়াৰ পূর্বে ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৱে অমিত শ্বাহক সাক্ষাৎ কৰিছে। তদুপৰি কালি অগপ সভাপতি অতুল বৰাৰ সৈতেও মই দীঘলীয়া বার্তালাপ কৰিছোঁ। মিত্রতাক লৈ আমাৰ কথা-বতৰা চলি আছে। যথেষ্ট সুন্দৰকৈ আসন বুজাবুজিৰ বিষয়টো চূড়ান্ত হৈ যাব। উল্লেখ্য যে মুখ্যমন্ত্রী ড” হিমন্ত বিশ্ব শর্মাই মঙলবাৰে নিশা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে। নিশা ৯ বজাত প্রায় আধাঘণ্টা ধৰি চলা আলোচনাকালত বিটিচিপ্রধান তথা বিপিএপৰ মুৰব্বী হাগ্রামা মহিলাৰীও উপস্থিত থাকে। বৈঠকত আগন্তুক বিধানসভা নির্বাচনৰ প্রস্তুতিক লৈ আলোচনা হয়। বিশেষকৈ এনডিএৰ অংশীদাৰী দল হিচাপে

বিটিএডিত বিপিএফৰ সৈতে মিত্রতা প্রায় চূড়ান্ত যদিও প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ সৈতে আসন বুজাবুজি সম্ভব হয় নে নহয় তাক লৈও আলোচনা কৰা হয়। আনহাতে আন এক মিত্রদল অগপৰ সৈতে মিত্রতাব সমীকৰণৰ বিষয়টোও উত্থাপন কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। পূর্বৰ নির্বাচনতকৈ অধিক আসনত প্রতিদ্বন্দ্বিতা কৰিব বিচৰা অগপক কিদৰে সন্তুষ্ট কৰিব পাৰি সেই বিষয়ত আলোচনা কৰা হয়। উল্লেখ্য যে ২৯ জানুৱাৰীত কেন্দ্রীয় গৃহমন্ত্রীজনে অসম ভ্রমণ কৰিব। অসম ভ্ৰমণৰ কালছোৱাত মিত্ৰতাৰ সমীকৰণ চূড়ান্ত কৰা হ’ব। আনহাতে এনডিএত ইউপিপিএল থকা-নথকাটোও জানুৱাৰী মাহৰ ভিতৰত স্পষ্ট হৈ পৰিব। ইফালে মুখ্যমন্ত্রীয়ে বিৰোধী শিবিৰৰ তিনি গগৈক লৈ হৈ থকা চর্চাক কটাক্ষ কৰি কয়- আমাৰ লগতো বহুত গগৈ আছে। নির্বাচনৰ টিকট দিয়াৰ সময়ত দেখিব আমাৰ গগৈৰ সংখ্যা বেছি।

Leave a Reply

Your email address will not be published. Required fields are marked *