নগাঁওঃ অসমৰ প্ৰথমখন ইংৰাজী-অসমীয়া অভিধানৰ প্ৰণেতা বুদ্ধীন্দ্ৰ নাথ দিলিহীয়াল ভট্টাচাৰ্যৰ সোঁৱৰণত শিঙিয়া পোতনিত ১৯৮৩চনৰে পৰা নিৰ্মাণ কাৰ্য আৰম্ভ কৰা এটি আঞ্চলিক পুথিভঁৰাল আৰু ৰংগমঞ্চৰ সোমবাৰে শুভ উদ্বোধন কৰা হয়। এই আঞ্চলিক পুথিভঁৰাল আৰু ৰংগমঞ্চটি শুভ উদ্বোধন কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। অৱশ্যে বুদ্ধীন্দ্ৰ নাথ দিলিহীয়াল ভট্টাচাৰ্য ৰংগমঞ্চ নামেৰে নামাংকৃত এই ৰাজহুৱা মঞ্চ পৰিচালনা সমিতিৰ সভাপতি নৰেন শৰ্মাৰ পুত্ৰ জিতু শৰ্মাৰ ৰবিবাৰে (৪জানুৱাৰী) এক পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ বাবে এক শোকাকুল পৰিস্থিতিৰ মাজতেই পুত্ৰহাৰা সভাপতিগৰাকীৰ অনুৰোধ সাপেক্ষে উন্মোচনী অনুষ্ঠানটো অতি গাম্ভীৰ্যপূৰ্ণ আৰু অনানুষ্ঠানিকৰূপে সম্পন্ন কৰা হয়। ইয়াৰ পূৰ্বে প্ৰয়াত বুদ্ধীন্দ্ৰ নাথ দিলিহীয়াল ভট্টাচাৰ্যৰ প্রতিচ্ছবি আৰু জুবিন গাৰ্গৰ প্রতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতেই বৃহৎ সংখ্যক লোকৰ উপস্থিতিত শ্ৰুতি মধুৰ বৰগীতেৰে অনানুষ্ঠানিকভাৱে আৰম্ভ হোৱা সভাখনত বিশিষ্ট অতিথিসকলে দৰ্শকৰ আসনত বহাৰ বিপৰীতে সুদীৰ্ঘ কালত মঞ্চখনত অনুষ্ঠানটোৰ সৈতে জড়িত প্ৰয়াত ব্যক্তিসকল আৰু জীৱিত ব্যক্তিসকলক সম্বৰ্ধনা প্ৰদান কৰে।
বিধায়ক ৰূপক শৰ্মা আৰু প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে।পুথিভঁৰাল আৰু ৰংগমঞ্চৰ শুভ উদ্বোধন কৰি মন্তব্য আগবঢ়াই নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। উক্ত সভাত জ্যেষ্ঠ সাংবাদিক তথা সহযোগী সম্পাদক প্ৰকাশ মহন্তই বুদ্ধীন্দ্ৰ নাথ দিলিহীয়াল ভট্টাচাৰ্যৰ ওপৰত আলোকপাত কৰে।
উল্লেখ্য যে, ১৯৮৬ চনত বঢ়মপুৰ সমষ্টিৰ বিধায়ক হৈ থকা অৱস্থাতেই প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই এই মঞ্চৰ আধাৰশিলা স্থাপন কৰিছিল। সেই কাৰ্যৰ সুদীৰ্ঘ ৪২ বছৰৰ পাছত সম্পূৰ্ণ হৈ উঠাত উদ্বোধন কৰা হয়। ইপিনে সভাপতি বা অতিথি সম্বৰ্ধনা কাৰ্যসূচী অবিহনে অনুষ্ঠিত হোৱা সভাখনত থুলমূল ভাবে অতি বেদনাদায়ক পৰিস্থিতিত সভাখন অনুষ্ঠিত কৰিব লগা হয়। সেই কথা সভালৈ আমন্ত্ৰিত নিৰ্দিষ্ট বক্তা প্ৰকাশ মহন্তই সদৰি কৰি আয়োজক সকলক অনানুষ্ঠানিক ভাবে সভা সম্পন্ন কৰিবলৈ আহ্বান জনায়। ৰাইজেও ইয়াত সমৰ্থন জনায়। এই নিৰ্মাণ কাৰ্যৰ সৈতে আৰম্ভণিৰে পৰা জড়িত হৈ থকা প্ৰতিজন প্ৰয়াত ব্যক্তিৰ লগতে সভাপতি গৰাকীৰ সদ্য প্ৰয়াত পুত্ৰৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰি ১ মিনিট মৌন প্ৰাৰ্থনাৰে অনুষ্ঠানিক সভা ভঙ্গ কৰা হয়।
উক্ত অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা সহযোগী সম্পাদক প্ৰকাশ মহন্ত,অসমৰ প্ৰাক্তন মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱা,অসম গণ পৰিষদ দলৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক নিৰঞ্জন বৰা,নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা সহ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।