...

শীতপ্ৰবাহৰ পৰিপ্ৰেক্ষিতত ধুবুৰীত শিক্ষানুষ্ঠান বন্ধ

Spread the love

 

শীতপ্ৰবাহৰ পৰিপ্ৰেক্ষিতত ধুবুৰীত শিক্ষানুষ্ঠান বন্ধ

 

৭ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈকে বন্ধ ৰখাৰ নিৰ্দেশ
ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানবোৰক বন্ধ দিয়াৰ পৰামৰ্শ

*ধুবুৰী:*

বৰ্তমানে চলি থকা শীতপ্ৰবাহৰ পৰিপ্ৰেক্ষিতত তথা
শিক্ষাৰ্থীসকলৰ স্বাস্থ্য তথা সুৰক্ষাৰ স্বাৰ্থত জিলাখনৰ চৰকাৰী আৰু প্ৰাদেশিকীকৃত এলপি/উইপি/এমই/এমভি/উচ্চ/উচ্চতৰ/চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়সমূহ অহাকালিৰ পৰা ১০ জানুৱাৰীলৈকে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে পৰীক্ষা চলি থকা শিক্ষানুষ্ঠানবোৰৰ ক্ষেত্ৰত উক্ত আদেশ প্ৰযোজ্য নহব। আজি ISD/PCA/E-6/Misc/2026/24 নম্বৰৰ এক আদেশ যোগে এই নিৰ্দেশ জাৰী কৰিছে ধুবুৰী জিলাৰ বিদ্যালয় পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অদিত কুমাৰ শৰ্মাই। আদেশনামা খনত ধুবুৰী জিলাৰ অন্তৰ্গত সকলো ব্যক্তিগত বিদ্যালয়কো শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ স্বাৰ্থত এই আদেশৰ সৈতে সংগতি ৰাখি একে ধৰণৰ জাননী জাৰি কৰিবলৈ পৰামৰ্শ দিয়াৰ সমান্তৰালকৈ সকলো বিদ্যালয়ক আজি ভিতৰতে কোনো ব্যৰ্থতা নোহোৱাকৈ ‘পৰীক্ষা পে চৰ্চা’ৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *