কালিলৈ ঢকুৱাখনালৈ আহিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
২৯০ কোটি টকাৰ কেইবাটাও অভিলাষী প্ৰকল্পৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ
*ঢকুৱাখনা:*
ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে ঢকুৱাখনাবাসীৰ বাবে ভাল খবৰ।কিয়নো উন্নয়ন আৰু বিকাশৰ বতৰা লৈ নৱবৰ্ষৰ প্ৰথম সপ্তাহতেই অৰ্থাৎ ৭ জানুৱাৰীত কেইবাটাও উন্নয়নমূলক কাৰ্য্যসূচী হাতত লৈ ঢকুৱাখনা সমষ্টিত উপস্থিত হ’ব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা।
যাৰ বাবে মুখ্যমন্ত্রীৰ আগমনক লৈ ঢকুৱাখনাত ব্যস্ততা বাঢ়িছে দলীয় কৰ্মী তথা সমজিলা প্ৰশাসনৰ।সোমবাৰে বিয়লি মন্ত্ৰী ডা° ৰণোজ পেগুৰ সৈতে স্থানীয় বিধায়ক নৱ কুমাৰ দলেই
সমজিলা প্ৰশাসন,আৰক্ষী প্ৰশাসনৰ বিষয়াবৰ্গৰ লগত ঘিলামৰাৰ মুখ্যমন্ত্ৰীৰ সভাৰ স্থান পৰিদৰ্শন কৰাৰ লগতে সভাৰ প্ৰস্তুতিৰ বুজ লয়।বুধবাৰে

বিয়লি ২.৩০ বজাত মাতমৰাত উপস্থিত হৈ এছিয়ান ডেভেলপমেন্ট বেংকৰ প্রায় ১৫০ কোটি টকাৰ সাহায্যৰে ৰূপায়ন কৰিব লগা ব্ৰহ্মপুত্ৰ মথাউৰিৰ বান-খহনীয়া প্ৰতিৰোধ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।উক্ত আধাৰশিলা স্থাপনথলীৰ পৰাই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আন তিনিটা গুৰুত্বপূৰ্ণ প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব।প্ৰায় ৭৮ কোটি টকা ব্যয়ৰে নিৰ্মান কৰা ১০০ খন বিচনাযুক্ত ঢকুৱাখনা অসামৰিক চিকিৎসালয়ক ২০০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণৰ লগতে চিকিৎসক নিবাস নির্মাণ,১২ কোটি ৬৮ লাখ টকাৰে উত্তৰ অসমৰ প্ৰধান বৈষ্ণৱপীঠ বাসুদেৱ থান নৰোৱা সত্ৰৰ উন্নয়ন (পর্যায়-১) আৰু ৪০ কোটি টকা ব্যয়ৰে ঐতিহ্যমণ্ডিত ফাটবিহুক্ষেত্র উন্নয়ন প্রকল্পৰ ভূমিপুজনো বৈদ্যুতিন-দূৰসংযোগৰ ব্যবস্থাপনাৰে একত্রে সমাপন কৰিব।তাৰ সমান্তৰালকৈ ঢকুৱাখনা নগৰৰ মাজমজিয়াত নিৰ্মাণ কৰা ঢকুৱাখনা জিলা বিজেপি কাৰ্যলয়ৰ গৃহ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে।এই সন্দৰ্ভত
স্থানীয় বিধায়ক নৱ কুমাৰ দলেৱে কয় যে –
“২০২৬ চনৰ ৭ তাৰিখটো ঢকুৱাখনা সমষ্টিৰ বাবে উল্লেখযোগ্য দিন হিচাপে পৰিগণিত হ’ব।ঢকুৱাখনাবাসীৰ সুৰক্ষিত ভৱিষ্যত আৰু উন্নয়নমুখী যাত্ৰাৰ প্ৰতি অতিশয় সংবেদনশীল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।ঢকুৱাখনাবাসীৰ দৃঢ় নিশ্চয় আৰু সামূহিক চিন্তনৰ 
উন্নয়নমুখী এক নতুন আশাবাদ, আত্মবিশ্বাস আৰু উদ্যমিতা সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীৰ আগমনে
সমষ্টিবাসীৰ প্রত্যাশাক নতুন মাত্ৰা প্ৰদান কৰিব।ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিহাস প্ৰসিদ্ধ ঢকুৱাখনাৰ হাৰ্হি দেৱালয়ো পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে।