*ভূমিকম্পত দায়িত্ববোধৰ অনন্য নিদৰ্শন নগাঁৱৰ নেমচি হাস্পতালৰ কৰ্তব্যৰত নাৰ্ছৰ*
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
বছৰৰ আৰম্ভণিতেই ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চল,চুবুৰীয়া কেইবাখনো ৰাষ্ট্ৰ কঁপাই যোৱা এটা ভয়ংকৰ ভূমিকম্পৰ সময়ত নগাঁৱত দেখা গ’ল এক অনন্য দৃশ্য। নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত কৰ্মৰত নাৰ্ছৰ কৰ্তব্যনিষ্ঠাই ব্যাপকভাৱে চর্চা লাভ কৰিছে বিভিন্ন মহলত। উল্লেখ্য যে সোমবাৰে পুৱতি নিশা ৪.১৭ বজাত সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চল কঁপাই যোৱা ভূমিকম্পৰ সময়ত নগাঁৱৰ নেমচি হাস্পতালত কৰ্মৰত নাৰ্ছে দেখুৱালে স্বাস্থ্যসেৱাৰ প্ৰকৃত অৰ্থ। পুৱতি নিশা ভূমিকম্পৰ সময়ত সকলো আছিল গভীৰ নিদ্ৰাত। সেই সময়ত নগাঁৱৰ নেমচি নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত কৰ্মৰত আছিল তিনিগৰাকীকৈ নাৰ্ছ। ভয়ংকৰ ভূমিকম্পৰ সময়ত চিকিৎসালয়খনৰ আই চি ইউত কৰ্তব্যৰত নাৰ্ছ তিনিগৰাকীয়ে নিজৰ জীৱনৰ কথা পাহৰি মনত পেলালে আই চি ইউৰ বিছনাত ভৰ্তি হৈ থকা নৱজাতকৰ কথা। লগে লগে নিজৰ জীৱনৰ কথা চিন্তা নকৰি নৱজাতককেইটাক সুৰক্ষা দিবলৈ দৌৰি নৱজাতককেইটাৰ কাষত থিয় হ’ল নাৰ্ছকেইগৰাকী ।
নৱজাতককেইটাৰ গাত যাতে আই চি ইউৰ কোনো সামগ্ৰী পৰি কোনো ক্ষয়-ক্ষতি নহয়,তাৰ বাবে সম্পূৰ্ণ সুৰক্ষা প্ৰদানৰ চেষ্টা কৰে নাৰ্ছকেইগৰাকীয়ে। অৱশ্যে নিশা নগাঁৱৰ নেমচি হাস্পতালৰ আই চি ইউত কৰ্তব্যৰত নাৰ্ছকেইগৰাকীৰ নাম নাৰ্ছিং হোম কৰ্তৃপক্ষই ৰাজহুৱা কৰা নাই। নাছিং হোম কৰ্তৃপক্ষই জনাইছে যে বিগত ২০২৫ চনত হোৱা ভূমিকম্পৰ সময়তো আমাৰ নাৰ্ছিং হোমৰ নাৰ্ছসকলে নৱজাতকৰ সুৰক্ষা দিয়াৰ বাবে এইদৰে দৌৰি গৈছিল । অৱশ্যে আমি প্ৰচাৰৰ বাবে নহয়, আমাৰ চিকিৎসক-নাৰ্ছসকলে নিজৰ দায়িত্ব বুলি ভাবিহে নিজৰ জীৱনতকৈ চিকিৎসালয়ত ভৰ্তি নৱজাতকৰ চিন্তা কৰিছে । উল্লেখ্য যে সোমবাৰে কাহিলিপুৱাতে ৰিখটাৰ স্কেলত ৫.৬ প্ৰাবল্যৰ ভূমিকম্পত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ উপৰি চুবুৰীয়া বাংলাদেশ,ভূটান,চীন আদিতো প্ৰভাৱ পৰিছে ।