*নগাঁৱৰ কলং কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তীৰ দুদিনীয়া সামৰণি*
পাঁচ শিল্পী-সাহিত্যিকক সম্বৰ্ধনা-
“ৰূপোৱালি সঁফুৰা” স্মৃতিগ্ৰন্থ উন্মোচন
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,
নগাওঁ জিলাৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান কলং কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ দুদিনীয়া সামৰণি উৎসৱ শনিবাৰে সফলতাৰে সমাপ্তি হয়। উৎসৱৰ প্ৰথম দিনা পতাকা উত্তোলন কাৰ্যসূচীৰ অংশ হিচাপে মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি কৃষ্ণ গোস্বামীয়ে আৰু পুৰণিগুদাম তথা নগাঁও জিলাৰ বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি তথা সমাজ-সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত গিৰীন্দ্ৰ কুমাৰ বৰুৱা,পুলিন হাজৰিকা,ড° নৃপেন চন্দ্ৰ দাস,ৰবীন্দ্ৰ নাথ কলিতা,দিগন্ত প্ৰকাশ মহন্ত, যতীন্দ্ৰ মোহন বৈৰাগী,প্ৰফুল্ল কলিতা, দুৰ্লভ শৰ্মা,জ্যোতিৰ্ময় গোস্বামী,তিলক গায়ন,অশ্বিনী শৰ্মা,পাৰুল গায়ন, অনিল কুমাৰ বৈৰাগী,দ্বিপেন বৈৰাগী, দেৱ প্ৰসাদ ভূঞা,দ্বিজেন্দ্ৰ মোহন শইকীয়া,প্ৰেমানন্দ বৈৰাগী,দুৰ্লভ পৱন বৰুৱা,প্ৰদীপ চন্দ্ৰ বৈৰাগী,মৃণাল কুমাৰ বৰা,জীৱন চন্দ্ৰ বৰা,কেশৱ চন্দ্ৰ বৰা,প্ৰদীপ কুমাৰ হাজৰিকা আদিৰ দ্বাৰা ২৬খন পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলনৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে চিত্ৰকৰ নবীন বৰাই আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নে। উন্মোচনী ভাষণত গায়নে কলং কলা কেন্দ্ৰই কৰি অহা বিভিন্ন প্ৰশিক্ষণ তথা অন্যান্য কাম-কাজৰ প্ৰশংসা কৰাৰ লগতে অনুষ্ঠানটি এটি ব্যতিক্ৰমী অনুষ্ঠান বুলি মন্তব্য কৰে। দুপৰীয়া অভ্যৰ্থনা সমিতিৰ সভাপতি কৃষ্ণ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত পুৰণিগুদাম তথা নগাঁও জিলাৰ পাঁচ গৰাকী শিল্পী-সাহিত্যিকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধৃতসকল হ’ল–সাহিত্যিক ফণীন্দ্ৰ নাথ গায়ন, সাহিত্যিক যুগলচন্দ্ৰ দেৱ গোস্বামী, সমাজকৰ্মী পুলিন হাজৰিকা,নগঞা ওজাপালিৰ ওজা ভাবুৰাম কেওঁট আৰু শিল্পী মহেন্দ্ৰ বৰা। সভাত নিৰ্দ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে বিশিষ্ট গল্পকাৰ,কলা সমালোচক তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ অধ্যাপিকা ড° মৌচুমী কন্দলীয়ে। ভাষণ প্ৰসংগত গোস্বামীয়ে কলং কলা কেন্দ্ৰৰ বিভিন্ন কাম-কাজৰ বিশ্লেষণ আগবঢ়াই কয় যে লোক শিল্পক কেন্দ্ৰ কৰি গঢ় লোৱা অনুষ্ঠান অসমত খুবেই তাকৰ। অনুষ্ঠানটোৰ বহু মুখী বিভিন্ন কাৰ্যাৱলীৰ বিশ্লেষণ কৰি তেওঁ কয় যে কিছু যত্ন কৰিলেই এখন আৰ্ট স্কুল খুলিব পাৰি,কিছু যত্ন কৰিলেই আধুনিক চিত্ৰ-ভাস্কৰ্যৰ বাবে কিছুমান পদক্ষেপ গ্ৰহণ কৰিব পাৰি। কিন্তু লোক কলা বা লোক শিল্পৰ বাবে ইমান দলৈ গৈ এনেভাৱে কাম কৰাতো সহজ কথা নহয়। লোক কলাৰ
চৰিত্ৰ আৰু আধুনিক চিত্ৰকলাৰ মাজত থকা মৌলিক পাৰ্থক্যৰ বিষয়ে বিস্তৃত ভাৱে ব্যাখ্যা কৰি তেওঁ কয় যে লোক কলা যদি আমাৰ ভৰিৰ তলৰ মাটি তেন্তে আধুনিক কলা হ’ল আমাৰ আকাশখন। আমাক দুয়োটাই লগিব। অনুষ্ঠানত ডাঃ বিকাশ কুমাৰ হাজৰিকাৰ দ্বাৰা সম্পাদিত “ৰূপোৱালি সঁফুৰা” নামৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি থগিত মহন্তই। প্ৰশান্ত গোস্বামীৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত কলং কলা কেন্দ্ৰৰ সংগীতৰে শুভাৰম্ভ কৰা সভাৰ মাজে প্ৰত্যাশা শইকীয়া,ঋতুস্মিন বৰা আৰু অৰুনাভ গোস্বামীয়ে গীত পৰিৱেশন কৰে। উদযাপন সমিতিৰ সম্পাদক চিত্তৰঞ্জন বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত প্ৰতাপ চন্দ্ৰ দাসৰ পৰিচালনাত বান্দৰৰ এক আকৰ্ষণীয় মুখা নৃত্য পৰিৱেশিত হয়। অনুষ্ঠান উপলক্ষে আয়োজিত কলা কৰ্মশালাত পল্লবী শৰ্মা,মিঠুন দাস,কেশৱ পাচনী, ছ’বিতা বৰুৱা,যোগীন্দৰ সিং,শুভাশীষ চক্ৰৱৰ্ত্তী,লক্ষীপ্ৰভা শইকীয়া আৰু প্ৰণৱ শৰ্মাই অংশ লৈ একোখনকৈ চিত্ৰ অংকন কৰে। ধুবুৰীৰ শিল্পী গকুল পালে এটি মৃন্ময় মূৰ্তি সাজি ৰাইজৰ মৰম বুলিবলৈ সক্ষম হয়। বিয়লি শিল্পীসকলৰ মাজত ভাৱ বিনিময় অনুষ্ঠানত দহগৰাকী শিল্পীয়ে অংশ লয়। কলিয়াবৰৰ শিল্পী যোগিন্দৰ সিঙে কয় যে কলং কলা কেন্দ্ৰই তেওঁৰ কলা যাত্ৰাত ভালেখিনি অৰিহণা যোগাইছে। প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানত এক্ৰিলিক ৰঙেৰে ছবি অঁকা কাম আৰম্ভ কৰিছিল বুলি ব্যক্ত কৰি সিঙে অনুষ্ঠানটিত টেৰাকোটা শিকিবলৈ আহি হোৱা অভিজ্ঞতাৰ বিষয়েও ব্যক্ত কৰে। সভাত শুভাশীষ চক্ৰৱৰ্ত্তী,মিঠুন দাস,লক্ষীপ্ৰভা শইকীয়া আদিয়েও তেওঁলোকৰ জীৱনত কলং কলা কেন্দ্ৰই পেলোৱা প্ৰভাৱৰ বিষয়ে ব্যক্ত কৰে। নিশালৈ শংখধ্বনি শিল্পী সমাজৰ দ্বাৰা পৰিৱশিত হয় মহাপুৰুষ শংকৰদেৱ বিৰচিত অংকীয়া নাট ‘পাৰিজাত হৰণ’। ভাবুৰাম কেওটে উদ্বোধন কৰা সৰ্বাঙ্গ সুন্দৰ ভাৱে পৰিৱেশিত নাটখনি চাবলৈ বহু শতাধিক ৰাইজৰ সমাগম হয়। প্ৰথমদিনাৰ প্ৰথম কাৰ্যসূচীত আলোচনা চক্ৰখনি পুলিন হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হয়। “অসমৰ বিশেষ উল্লেখেৰে লোক কলাৰ অতীত আৰু বৰ্ত্তমান” শীৰ্ষক আলোচনা চক্ৰখনিত নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউটৰ অধ্যাপক জ্যোতিষ বৰুৱা,একে প্ৰতিষ্ঠানৰে ডিন ড° ভাৰ্গৱ জ্যোতি চহৰীয়া,কলা সমালোচক জ্যোতি খাটনিয়াৰ আৰু ‘লোক সংস্কৃতি’ আলোচনীৰ সম্পাদক হেমন্ত কুমাৰ
শইকীয়াই অংশ গ্ৰহণ কৰে। মমী গোস্বামীৰ বৰগীতেৰে আৰম্ভ হোৱা আলোচনা চক্ৰখনি উদ্বোধন কৰে যুৱ নেতা মণিমাধৱ মহন্তই। ভাষণ প্ৰসংগত মহন্তই লোক শিল্পীসকলক আদৰ মৰম ৰাইজে কিয় কৰিব লাগে সেই সম্পৰ্কে বক্তব্য ৰাখি কলং কলা কেন্দ্ৰৰ বিভিন্ন পদক্ষেপৰ শলাগ লয়। মূল বিষয়বস্তুত আলোকপাত কৰি জ্যোতি খাটনিয়াৰে লোক কলাৰ স্পন্দন কেনেকৈ মানৱ সমাজত প্ৰৱাহিত হৈ মানৱ সভ্যতাক সুন্দৰ কৰি তুলিছিল তাৰ তাত্ত্বিক আৰু সৰলীকৃত ব্যাখ্যা আগবঢ়ায়। জ্যোতিষ বৰুৱাই লোক সমাজৰ মাজত থকা কিছুমান পৰম্পৰাগত জ্ঞান তথা লোকাচাৰে কেনেকৈ আমাৰ সংস্কৃতিক সুন্দৰ কৰিছে তাৰ এক সাৱলীল ব্যাখ্যা আগবঢ়ায়। ড° ভাৰ্গৱ জ্যোতি চহৰীয়াই প্ৰাচীন পুথিত থকা বিবিধ জ্ঞান আধুনিক বিজ্ঞান চিহ্নিত কৰাৰ আগতেই যে আবিস্কাৰ কৰিছিল তাৰ এক নিৰ্মোহ বিশ্লেষণ আগবঢ়ায়। ইয়াৰ পিছতে প্ৰাক্তন প্ৰশিক্ষাৰ্থী সকলৰ এক সন্মিলনত পল্লবী শৰ্মা,প্লাৱন বৰা,নৃপেন শইকীয়া,দিপাঞ্জলী বৰা আদিয়ে অংশ গ্ৰহণ কৰে। নিশালৈ অনুষ্ঠিত সংগীত সন্ধ্যাত হোলী গীত,জিকিৰ, কামৰূপী লোকগীত আদি পৰিৱেশন হোৱাৰ লগতে থাকে তৰুণ শইকীয়াৰ গীতৰ শৰাই। যতীন্দ্ৰ মোহন বৈৰাগীয়ে উদ্বোধন কৰা সাংস্কৃতিক সন্ধ্যাখনিৰ অন্যতম আকৰ্ষণ আছিল মমী গোস্বামীৰ দ্বাৰা পৰিচালিত মহিলাৰ নগঞা ওজাপালি। কলং কলা কেন্দ্ৰই অলপতে অনুষ্ঠিত কৰা নগঞা ওজাপালি কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে পৰিৱেশন কৰা ওজাপালি অনুষ্ঠানটি নগাঁৱত প্ৰথমবাৰৰ বাবে মহিলাই পৰিৱেশন কৰা নগঞা ওজাপালি অনুষ্ঠান হিচাপে চিহ্নিত হৈছে। সংগীতানুষ্ঠানত প্ৰশান্ত গোস্বামী,সত্যকাম বৰা,সুদৰ্শনা কাশ্যপ,ৰেখাশ্ৰী বৰা,চম্পা দেৱী, দৰ্শিতা বৰা,অৰুনাভ গোস্বামী আদিয়ে গীত পৰিৱেশ কৰে।