গণতান্ত্ৰিক স্বৰাজ প্ৰতিষ্ঠাৰ সংগ্ৰামলৈ আগবাঢ়ি আহক – ডঃ নগেন শইকীয়া
সকলো বিৰোধী ৰাজনৈতিক দললৈ নাগৰিক অভিবৰ্তনৰ মুকলি আহ্বান- শীঘ্ৰে বিৰোধী ঐক্য গঢ়ি তোলক
*চাইন অন ডেস্ক:*
দেশখনৰ গণতন্ত্ৰক যদি জীয়াই ৰাখিব লাগে, নাগৰিকৰ অধিকাৰ যদি সুৰক্ষিত হ’ব লাগে, বৰ্তমানৰ স্বেচ্ছাচাৰী শাসন ব্যৱস্থা আৰু ধৰ্মীয় উন্মাদৰ যদি উপশম ঘটাব লাগে, তেন্তে অচিৰেই সকলো বিজেপি বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হওক আৰু আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হওক। — একাধিক বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৃন্দক আগত ৰাখি এই আহ্বান জনালে ৰাজহুৱা ভাবে ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনে আহ্বান কৰা এখন গণ-অভিৱৰ্তণে।শুকুৰবাৰৰ দিনা ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ সভাপতি শৰৎচন্দ্ৰ নেওগ, কাৰ্যকৰী সভাপতি ৰঞ্জন গগৈ আৰু ট্ৰেড ইউনিয়নৰ নেতৃ মীৰা তাঁতীৰ সভাপতি মণ্ডলীৰ সভাপতিত্বত ডিব্ৰুগড় আমোলাপট্টি নাট্য মন্দিৰত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা কেইবাশতাধিক ৰাইজৰ সমবেতত, মূলতঃ ‘গণতন্ত্ৰ বচাওক, নাগৰিকৰ অধিকাৰ সুৰক্ষা দিয়ক’- এই মূল উদেশ্যকে সন্মুখত লৈ এখন গণ-অভিৱৰ্তণ অনুষ্ঠিত হয়। জিলা সন্মিলনৰ অন্যতম সম্পাদক বলীন্দ্ৰ কুমাৰ শইকীয়াৰ পৰিচালনাত সভাৰ আৰম্ভনিতে টিংখাং অঞ্চলৰ শিল্পীদলে গণসঙ্গীত পৰিৱেশন কৰাৰ পাছত অভিবৰ্তন উদ্বোধন কৰি এটি চমু ভাষণ দিয়ে বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াই।শাৰীৰিক অসুস্থতাৰ বাবে সোঁশৰীৰে সভাত উপস্থিত থাকিব নোৱাৰি বাণীবদ্ধ ৰূপত প্ৰদান কৰা ভাষণত তেখেতে উল্লেখ কৰে যে, বৰ্তমানৰ স্বেচ্ছাচাৰী-অত্যাচাৰী শাসক গোষ্ঠীক আগন্তুক নিৰ্বাচনত পৰাভূত কৰি গণতান্ত্ৰিক স্বৰাজ প্ৰতিষ্ঠাৰ সংগ্ৰামত সকলোৱে অংশগ্ৰহণ কৰাৰ প্ৰয়োজন।
ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনে অভিৱৰ্তণৰ বাবে প্ৰস্তুত কৰা আধাৰ পত্ৰ পাঠ কৰে জিলা সন্মিলনৰ সাধাৰণ সম্পাদক-উত্তম কুমাৰ চেতিয়াই। সভাপতি মণ্ডলীৰ আসনৰ পৰা অন্যতম সভাপতি শৰৎচন্দ্ৰ নেওগে সভাৰ আৰম্ভনিতে ৰাজ্যৰ সকলো বিৰোধী ৰাজনৈতিক দল সমূহলৈ আহ্বান জনাই ভাষণ প্ৰসঙ্গত ব্যক্ত কৰে যে, স্বেচ্ছাচাৰী-গণতন্ত্ৰ বিৰোধী তথা ভাৰতীয় সংবিধান অবমাননাকাৰী বিজেপিক প্ৰতিহত কৰাৰ ক্ষেত্ৰত বিৰোধী ঐক্যৰ গত্যন্তৰ নাই। এই ক্ষেত্ৰত তাত্ক্ষণিক ব্যৱস্থা হাতত লৈ বিৰোধী দল সমূহে একক ভাবে আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন।
সভাত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈ, (ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী)ৰ অন্যতম ৰাজ্যিক সম্পাদক নিৰঙ্কুশ নাথ, ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক কনক গগৈ, ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী)ৰ ৰাজ্যিক সম্পাদক বিবেক দাস, ৰাইজৰ দলৰ অন্যতম বিষয়ববীয়া ধৈৰ্য কোঁৱৰ আদি সকলোবোৰ ৰাজনৈতিক দলৰ নেতৃবৃন্দই একেমুখে বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত সকলোবোৰ বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হোৱাটোকে কামনা কৰে আৰু সকলোৱে আশাকৰে যে এই ঐক্যবদ্ধ হোৱাৰ প্ৰক্ৰিয়াটো অতি শীঘ্ৰেই সম্পন্ন হ’ব।অভিবৰ্তনে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা এটা প্ৰস্তাৱত কোৱা হৈছে যে, আজিৰ অভিবৰ্তনত বিজেপি বিৰোধী দল সমূহৰ নেতৃবৃন্দই আগন্তুক নিৰ্বাচনত ঐক্যবদ্ধ ভাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ যি আশ্বাস ৰাজহুৱা ভাবে প্ৰদান কৰে তাক অভিবৰ্তনে আদৰণি জনাই আৰু এই ক্ষেত্ৰত সকলো নাগৰিককে যথাসময়ত কাৰ্যক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।সভাত উপস্থিত থাকে গুৱাহাটীৰ পৰা অহা অসম নাগৰিক সমাজৰ বিষয়ববীয়াদ্বয় ক্ৰমে পৰেশ মালাকাৰ আৰু অধিবক্তা সান্তনু বৰঠাকুৰ।