প্ৰথিতযশা সাহিত্যিক ড০ নগেন শইকীয়ালৈ ‘বৰেণ্য অসমীয়া বঁটা’
*চাইন অন ডেস্ক:*
নৱবৰ্ষৰ প্ৰাকক্ষণত প্ৰথিতযশা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াক প্ৰদান কৰিলে বৰেণ্য অসমীয়া বঁটা। প্ৰাগ নিউজ আৰু দৈনিক জনমভূমি পৰিয়ালে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০২৬ বৰ্ষৰ এই বঁটা বিশিষ্ট সাহিত্যিকগৰাকীক প্ৰদান কৰে প্ৰাগ নিউজ আৰু দৈনিক জনমভূমিৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়নে। এই বঁটাত আছে মান পত্ৰ আৰু ৫০ হেজাৰ টকাৰ এখন চেক। ডিব্ৰুগড় মহানগৰৰ জীৱন ফুকন নগৰস্থিত বাসগৃহত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰি
প্ৰথিতযশা সাহিত্যিকগৰাকীয়ে কয় যে, মানুহৰ ভিতৰত ভালপোৱাৰ ভাৱ আৰু কাম কৰাৰ শক্তিয়েই হ’ল অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। ভালপোৱা নহ’লে কোনো ক্ষেত্ৰত সহজে পৰিপূৰ্ণ নহয়। কাম কৰাৰ মনোভাৱ সমজুৱামনোভাৱ নাথাকিলে ব্যক্তিগত জীৱনত আনন্দৰ মুখ দেখিব নোৱাৰি। আমি যদি নিজৰ জীৱনটো আনৰ কাৰণে ত্যাগ কৰিব পাৰোঁ, তেনেহলে আমাৰ দেশখন, আমাৰ ৰাজ্যখন সুন্দৰ হ’ব। আমাৰ নিজৰ ভিতৰত প্ৰাণ শক্তি লাগে। যি প্ৰাণ শক্তি নহ’লে আমি আগুৱাই যাব নোৱাৰোঁ। আমি কৰা সকলো কামেই আনে ভাল পাব পাৰে, সেইটো বিশ্বাস নকৰোঁ। একেটা ভাষণ প্ৰসংগত প্ৰথিতযশা সাহিত্যিক ড০ নগেন শইকীয়াই আৰু কয়, প্ৰেমেই ভালপোৱা আৰু প্ৰেমেই আমাৰ জীৱনৰ শক্তি। প্ৰেমে আমাক সকলো ক্ষেত্ৰতে আগবঢ়াই নিবলৈ প্ৰেৰণা যোগায়। উল্লেখযোগ্য যে, জ্যেষ্ঠ সাংবাদিক মানসজ্যোতি দত্তই আঁত ধৰা অনুষ্ঠানত দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, বিশিষ্ট সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ কন্দৰ্প কুমাৰ ডেকা , প্ৰাগ জনমভূমিৰ মহাপ্ৰৱন্ধক চন্দ্ৰশেখৰ শৰ্মা আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Like this:
Like Loading...