অসমৰ সংবাদ জগতৰ বাবে এক দুঃখবৰ
চাবুৱাৰ সাংবাদিক ত্ৰৈলোক্য দাসৰ অকাল বিয়োগ
*চাইন অন ডেস্ক:*
অসমৰ সংবাদ জগতৰ বাবে এক দুঃখবৰ। চাবুৱাৰ নিউজ লাইভ সংবাদ গোষ্ঠীৰ চাবুৱাৰ সংবাদদাতা ত্ৰৈলোক্য দাসৰ অকাল বিয়োগে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলায়।যোৱা ২৯ ডিচেম্বৰত পুৱাৰ সময়ত চাবুৱাৰ হাতিআলি চাহ বাগিচাত এক বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাতে আকস্মিকভাৱে উচ্চ ৰক্তচাপ জনিত কাৰণত হঠাতে ঢলি পৰে। ভিডিঅ’ জানেলিষ্ট গৰাকীক স্থানীয় লোকৰ সহযোগত চাবুৱাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ বাবে ভৰ্তি কৰে যদিও তৎকালে চিকিৎসকৰ পৰামৰ্শ মৰ্মে পৰিয়ালবৰ্গই ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ লৈ যায়। প্ৰাপ্ত খবৰ অনুসৰি ডিব্ৰুগড়স্থিত আদিত্য নাৰ্চিং হোমত জীৱন মৰণৰ লগত যুঁজ কৰি অৱশেষত চিকিৎসাধীন অৱস্থাতে আজি বিয়লি ৫.৩০ মান বজাত শেষ নিশ্বাস ত্যাগ কৰে। ২০১০ চনৰ পৰা ইংৰাজী ভাষাৰ ‘দ্যা চেন্টিনেল’ কাকতৰ জৰিয়তে অসমৰ সংবাদ জগতত আত্মপ্ৰকাশ কৰি পাছলৈ বৈদ্যুতিন মাধ্যমতো সাংবাদ সেৱা আগবঢ়াইছিল ত্ৰৈলোক্য দাসে। প্ৰথমে প্ৰতিদিন টাইমত সেৱা আগবঢ়োৱাৰ লগতে ৬ মাহৰ পূৰ্বে নিউজ লাইভ সংবাদ প্ৰতিষ্ঠানটোৰ সৈতে জড়িত পৰা প্ৰয়াত দাসে চাবুৱাৰ অঞ্চলৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। সৰবৰহী ব্যক্তিৰ মৃত্যুত চাবুৱা মিডিয়া ফ’ৰাম, প্ৰেছ ক্লাৱ, চাবুৱা প্ৰেছ গ্ৰীল্ড, লাহোৱাল প্ৰেছ ক্লাৱ, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ, চাবুৱা আঞ্চলিক ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলন, মটক সন্মিলন, মটক স্বায়ত্বশাসিত পৰিষদ, চাবুৱা শাখা সাহিত্য সভা, চাবুৱা ক্ৰীড়া সন্থা, চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ দুই বিধায়ক বিনোদ হাজৰিকা আৰু পোনাকণ বৰুৱা, মটক মহিলা পৰিষদ, চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিকে ধৰি চাবুৱাৰ বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত পত্নী আৰু একমাত্ৰ সন্তানকে ধৰি দুই জ্যেষ্ঠ ভাতৃসহ ইষ্ট কুটুম্বৰক এৰি গৈছে প্ৰয়াত সাংবাদিক ত্ৰৈলোক্য দাসে।