সোমবাৰে নগাঁৱত কবি নৱকান্ত বৰুৱাৰ শতবৰ্ষৰ শুভাৰম্ভ
কুমাৰ বিভূতিৰ সম্পাদনাত প্ৰকাশ পাব চাৰিশ পৃষ্ঠাৰ অমূল্য গ্ৰন্থ বোধিপৰ্ণৰ ছায়াত নৱকান্ত বৰুৱা
মনোৰমা ভূঞা,ৰুমু বেগম,কাৰুন্য ভটাচাৰ্য,ৰিন্টু দাস গোস্বামী আৰু বিজয়া গগৈলৈ শিশু শিক্ষা সাহিত্য বঁটা-২০২৫
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,
আধুনিক অসমীয়া কবিতাৰ এক বিস্ময় নৱকান্ত বৰুৱা। অসমীয়া কাব্যজগতৰ ইতিহাসত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ব্যাপ্ত এক প্ৰতিভাৰ নাম নৱকান্ত বৰুৱা। এই মহান কবিগৰাকীৰ চলিত বৰ্ষৰ ২৯ ডিচেম্বৰত নগাঁৱত জন্ম শতবৰ্ষৰ আৰম্ভণি হ’ব। এই উপলক্ষে কবিগৰাকীৰ জন্মভূমি নগাঁৱত একাংশ অনুৰাগীয়ে প্ৰয়াত কবিগৰাকীৰ জন্ম শতবৰ্ষ পালনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। কবি নৱকান্ত বৰুৱাৰ শৈশৱৰ চোতালৰ হৰিতকীৰ তলত নগাঁওবাসীয়ে তেওঁৰ ওপজা দিনটোত যোৱা পয়ত্ৰিছ বছৰে কবিতাৰ দিন হিচাপে পালন কৰি আহিছে। ১৯৯০ চনত পক্ষীতীৰ্থ চামগুৰি বিলৰ পাৰত কবিগৰাকীৰ জীৱিত কালতে পোন প্ৰথমবাৰৰ বাবে নগাঁওবাসীয়ে ওপজা দিনটোত “কবিতাৰ দিন” হিচাপে পালন কৰি আহিছে। এইবছৰো ২৯ ডিচেম্বৰত নগাঁও নতুন বজাৰস্থিত কবি নৱকান্ত বৰুৱাই শৈশৱ পাৰ কৰা চোতালতে জন্ম শতবৰ্ষ উৎসৱ আৰম্ভ কৰিব বুলি কবিতাৰ দিন উদযাপন সমিতিৰ সভাপতি বিনু লস্কৰ ঠাকুৰীয়া, সম্পাদক দেবেন শইকীয়া আৰু নগাঁও জিলা অকণিৰ সাহিত্য সভাৰ সভাপতি নবীন কলিতা আৰু সম্পাদক কবিন পাটৰে এক প্ৰেছ বিবৃতিযোগে জানিব দিছে। উল্লেখ্য যে কবিতা দিনৰ অনুষ্ঠানত আমন্ত্ৰিত কবিৰ কবিতা পাঠ,কবি নৱকান্ত বৰুৱাদেৱৰ ৰচিত গ্ৰন্থৰ প্ৰদশৰ্নীৰ লগতে পাঁচগৰাকী শিশু সাহিত্যিকলৈ শিশু শিক্ষা সাহিত্য বঁটা আগবঢ়োৱা হ’ব বুলি জনাইছে। শিশু শিক্ষা সাহিত্য বঁটা-২০২৫ৰ বাবে নিৰ্বাচিত হোৱা সাহিত্যিকসকলৰ ভিতৰত আছে মনোৰমা ভূঞা (ৰহা),ৰুমু বেগম (নগাঁও),কাৰুন্য ভটাচাৰ্য (খুটিকটীয়া), ৰিন্টু দাস গোস্বামী(ভোটাই গাঁও) আৰু বিজয়া গগৈ(ৰহা)। বৰেণ্য কবিগৰাকীৰ শতবৰ্ষৰ লগত সংগতি ৰাখি কবি কুমাৰ বিভূতিৰ সম্পাদনাত প্ৰকাশ পাব “বোধিপৰ্ণৰ ছায়াত নৱকান্ত বৰুৱা” শীৰ্ষক বৰ্ণাঢ্য এখন গ্ৰন্থ। অসমৰ ভোটাতৰা সদৃশ কবিগৰাকীৰ সৃষ্টি আৰু চেতনাক অসমৰ বিদ্বৎ সমাজে নিজা দৃষ্টিভংগীৰে কৰা বিশ্লেষণাত্মক আলোচনাসমূহক একত্ৰ ৰূপত প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছে কবি বিভূতিয়ে। চাৰিশ পৃষ্ঠাৰ গ্ৰন্থখনৰ জৰিয়তে নৱকান্ত বৰুৱাৰ বহু নজনা দিশ উন্মোচিত হোৱাৰ সমান্তৰালকৈ গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা নৱকান্ত বৰুৱাৰ তিনিটা বিশেষ লেখা আৰু জীৱনৰ শেষ কবিতাটোৱেও গ্ৰন্থখনৰ বিশেষ তাৎপৰ্য বহন কৰিছে বুলি সম্পাদক কুমাৰ বিভূতিয়ে জানিবলৈ দিছে। নৱকান্ত বৰুৱাৰ অনুৰাগী তথা অধ্যয়নশীল ব্যক্তিসকলে গ্ৰন্থখনৰ জৰিয়তে নতুন সোৱাদ পোৱাটো একপ্ৰকাৰ নিশ্চিত।তাৎপৰ্যপূৰ্ণ যে বিশিষ্ট কবি প্ৰয়াগ শইকীয়াৰ উদ্যোগত বিগত ২০০২ বৰ্ষৰ পৰা বৰ্তমানলৈকে প্ৰয়াত কবিগৰাকীৰ মহাপ্ৰয়াণৰ দিনটো “দলঙত কবিতা” শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। নগাঁৱৰ গৌৰৱ তথা অসমীয়া কাব্যজগতৰ ভোটাতৰাস্বৰূপ কবি নৱকান্ত বৰুৱা “এখুদ ককাইদেউ” নামেৰে জনপ্ৰিয় ছদ্মনাম। তেওঁ “সীমা দত্ত” ছদ্মনামেৰেও কবিতা ৰচনা কৰিছিল। “মোৰ আৰু পৃথিৱীৰ” কাব্য গ্ৰন্থৰ বাবে তেওঁ অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰিছিল। ১৯৭৫ চনত “ককাদেউতাৰ হাড়” উপন্যাসৰ বাবে তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰদান কৰা সাহিত্য অকাডেমি বঁটা আৰু ১৯৭৬ চনত ভাৰত চৰকাৰে প্ৰদান কৰা পদ্মভূষণ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ ১৯৯৩ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ১৯৯৮ চনত কমল কুমাৰী ফাউণ্ডেচনে প্ৰদান কৰা “কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা” লাভ কৰিছিল। ১৯৯০ চনত নৱকান্ত বৰুৱাই অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। এই মহান কবিগৰাকীৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানত বিশিষ্ট কবি বিপুল জ্যোতি শইকীয়া,কবি জীৱন নৰহ,শিৱানন্দ কাকতি,নৱকান্ত বৰুৱাৰ জ্যেষ্ঠা কন্যা আইনু বৰুৱা, উদয়ন হাজৰিকাকে প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট লেখক-সাহিত্যিক উপস্থিত থাকিব । এই অনুষ্ঠানতে সাহিত্যিক পেঞ্চনাৰ চন্দ্ৰ শইকীয়াৰ এখনি গ্ৰন্থও উন্মোচন কৰা হ’ব। নগঞা কৃতধী নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষৰ এই শুভাৰম্ভণি অনুষ্ঠানত সকলো কাব্যানুৰাগীৰ উপস্থিতি উদ্যোক্তা সকলে বিনম্ৰতাৰে কামনা কৰিছে।