গংগাধৰ নৈৰ তীব্ৰ গৰাখহনীয়া
স্থানীয় বিধায়ক,সাংসদৰ ভূমিকাক লৈ ক্ষোভ
ধুবুৰী:
ধুবুৰী জিলাৰ গোলকগঞ্জত গংগাধৰ নৈৰ গৰাহখহনীয়াই তাণ্ডব ৰূপ লোৱাৰ সময়ত স্থানীয় বিধায়ক, সাংসদকে ধৰি বিভাগীয় আমোলাৰ ভূমিকাক লৈ ক্ষোভৰ সৃষ্টি হৈছে ভুক্তভোগী সকলৰ। জানিব পৰা মতে, গোলকগঞ্জ পৌৰসভা এলেকাৰ ১ আৰু ২ নং ৱাৰ্ডত আৰম্ভ হোৱা গংগাধৰ নৈৰ তীব্ৰ গৰখহনীয়াত অঞ্চল দুটাৰ কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ উপক্ৰম ঘটিছে। আনকি, গোলকগঞ্জৰ স্থানীয় কংগ্ৰেছী বিধায়ক আব্দুছ সোবাহান আলী সৰকাৰক বহু আবেদন-নিবেদন কৰিও কোনো সুফল নোপোৱা বুলিও ক্ষোভ উজাৰা পোৱা গৈছে একাংশই।
আনকি, বিষয়টো লৈ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনেও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে। নিৰ্বাচন আহিলেই বিভিন্ন প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দাবীৰে ভোট ভিক্ষা বিচৰা নিৰ্বাচিত প্ৰতিনিধি সকলে দিঠকত গৈ এইদৰে মূৰ-পোলোকা দিয়া কাৰ্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ সংশ্লিষ্ট চৰকাৰী বিভাগটোৰ ভূমিকাক লৈও উত্থাপন হৈছে প্ৰশ্নৰ।