ডিব্ৰুগড় জিলাত ১,৩৩০.৮৮ কিলোমিটাৰ পথ নিৰ্মাণ সম্পুৰ্ণ
‘পি.এম.জি.এছ.ৱাই’ ৰ ৰূপালী জয়ন্তী বৰ্ষ উদ্যাপন ডিব্ৰুগড় লোকনিৰ্মাণ বিভাগৰ
চাইন অন ডেস্ক:
ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত ২০০০ বৰ্ষৰ ২৫ ডিচেম্বৰত আৰম্ভ হোৱা ‘প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনা’ চমুকৈ ‘পিএমজিএছৱাই’ৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়াৰ উপলক্ষ্যত ভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰে ডিব্ৰুগড় লোকনিৰ্মাণ বিভাগে৷ উল্লেখ্য যে অত্যন্ত পিছপৰা গ্ৰাম্য অঞ্চলক সংযোগ প্ৰদানৰ উদ্দেশ্যেৰে ভাৰত চৰকাৰে সমভূমি অঞ্চল আৰু বিশেষ শ্ৰেণী [ৰাজ্য]ত ২৫০ আৰু তাতকৈ অধিক জনসংখ্যাৰ, ৫০০ [জনগণনা ২০০১] পৰ্যন্ত জনসংখ্যাৰ যোগ্য অসংলগ্ন বাসস্থানলৈ সৰ্বস্তৰৰ সুবিধা প্ৰদানৰ বাবে ২৫ ডিচেম্বৰ ২০০০ তাৰিখে ‘পিএমজিএছৱাই’ আৰম্ভ কৰা হৈছিল৷ উত্তৰ-পূব, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, মৰুভূমি উন্নয়ন কাৰ্যসূচীৰ দ্বাৰা চিনাক্ত কৰা মৰুভূমি অঞ্চল আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়, পৰিকল্পনা আয়োগে দৰিদ্ৰতা নিৰ্মূলকৰণৰ কৌশল হিচাপে চিনাক্ত কৰা ৮৮ খন নিৰ্বাচিত পিছপৰা জিলাত প্ৰথমে এই আঁচনি ৰূপায়ণ কৰা হৈছিল৷ বিগত পচিশটা বছৰত ভাৰতবৰ্ষত ‘পি.এম.জি.এছ.ৱাই’ৰ অধীনত মুঠ ৮.২৫ লাখ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ আঁচনিৰ বিপৰীতে ৭.৮৭ লাখ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হৈছে৷ ‘পি.এম.জি.এছ.ৱাই’ৰ প্ৰধান উদ্দেশ্য হৈছে গ্ৰাম্য বাসস্থান আৰু অন্যান্য মূল অঞ্চলত শক্তিশালী, সৰ্বস্তৰীয়া পথ নিৰ্মাণ৷ পঞ্চায়তীৰাজ আৰু নিৰ্বাচিত স্থানীয় প্ৰতিনিধিয়ে কোনবোৰ বাসস্থান বাছনি কৰিব সেইটো সিদ্ধান্ত লয়৷ এই আঁচনিখন ২০১৫-১৬ চনলৈকেহে কেন্দ্ৰীয়ভাৱে পুঁজিৰে চলিছিল৷ তেতিয়াৰ পৰাই এই ধন কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ভাগ কৰা হৈছে৷ উত্তৰ-পূব আৰু হিমালয়ৰ ৰাজ্যসমূহৰ বাবে [জম্মু আৰু কাশ্মীৰ, উত্তৰাখণ্ড, আৰু হিমাচল প্ৰদেশ] এটা প্ৰকল্পৰ ৯০ শতাংশ কেন্দ্ৰীয় চৰকাৰৰ পুঁজি আৰু এই খৰচৰ ১০ শতাংশ ৰাজ্য চৰকাৰৰ পুঁজি লোৱা হয়৷ আন ৰাজ্যসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা প্ৰকল্পৰ প্ৰায় ৬০ শতাংশ ধন আগবঢ়ায় আৰু বাকী ৪০ শতাংশ ৰাজ্য চৰকাৰৰ পুঁজি৷ এই উপলক্ষে বিভাগটোৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা অনুষ্ঠানত ডিব্ৰুগড় লোকনিৰ্মাণ বিভাগ [পথ]ৰ ডিব্ৰুগড় কাৰ্যবাহী অভিযন্তা হেমন্ত কুমাৰ দাস বাঘ্ৰীয়ে আদৰণি ভাষণত আঁচনিখনৰ ভিন্ন দিশৰ সম্পৰ্কে আলোকপাত কৰি কয় যে দেশত আটাইতকৈ বেছি দিন ৰূপায়ন হৈ থকা আঁচনিখনেই হৈছে ‘পি.এম.জি.এছ.ৱাই’৷ আমি বিভাগে কেৱল এই আঁচনিখনৰ কথা জানিলে নহ’ব, ৰাইজেও জনাৰ প্ৰয়োজন আছে৷ সেয়ে ডিব্ৰুগড় জিলাৰ সকলো স্তৰৰ ৰাইজক এইকথা অৱগত কৰাৰ বাবেই এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলিও তেওঁ অৱগত কৰে৷ ভাষণত তেওঁ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত বৰ্তমানলৈকে এই আঁচনিৰ অধীনত ১,৩৩০.৮৮ কিলোমিটাৰ পথ নিৰ্মাণ সম্পুৰ্ণ কৰা হৈছে বুলিও অৱগত কৰে৷ অনুষ্ঠানত ডিব্ৰুগড় জিলা পৰিষদৰ উপাধ্যক্ষ সুমন মেছ দিহিঙীয়া, জিলা অ’বিচি ব’ৰ্ডৰ চেয়াৰমেন ভূপেন গগৈ, জলসম্পদ বিভাগৰ অৱসৰী অতিৰিক্ত মুখ্য অভিযন্তা উমা বৰুৱা, অৱসৰী শীৰ্ষ বেংক বিষয়া পদুম পোনা বৰুৱা, বিশিষ্ট সমাজকৰ্মী, ডিব্ৰুগড়ৰ ‘চিকুন এনজিঅ’ৰ সভাপতি পূৰ্ণানন্দ ভঁৰালী, জ্যেষ্ঠ সাংবাদিক, পথ সুৰক্ষা কৰ্মী ৰতন হাজৰিকা, আন্তঃৰাষ্ট্ৰীয় মাষ্টৰ্াৰ্চ এথলিট গনেশ গগৈ আদিয়ে এই আঁচনিখনে যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ জড়িয়তে গ্ৰাম্যাঞ্চলৰ ভিন্ন দিশৰ উন্নতিৰ ক্ষেত্ৰত কঢ়িয়াই অনা দিশসমূহৰ সম্পৰ্কত নিজৰ নিজৰ অভিমত ব্যক্ত কৰি ভূতপূৰ্ব প্ৰধানমন্ত্ৰী বাজপেয়ীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ডিব্ৰুগড় লোকনিৰ্মাণ বিভাগ [পথ] ৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দিগন্ত বৰাই শলাগ জ্ঞাপন কৰা অনুষ্ঠানতে বিভাগীয় ঠিকাদাৰ তথা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথলিট গনেশ গগৈক প্ৰশংসাপত্ৰ, শৰাই আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ আনহাতে আঁচনিখনৰ সম্পৰ্কে প্ৰজেক্টৰযোগে তথ্যসমৃদ্ধ এক বক্তব্য প্ৰদান কৰে সহকাৰী অভিযন্তা নেহা বৰাই৷ অনুষ্ঠানত ডিব্ৰুগড় লোকনিৰ্মাণ বিভাগ [গৃহ] ৰ কাৰ্যবাহী অভিযন্তা লোকেশ মজুমদাৰ, সমাজকৰ্মী কৈলাশ শইকীয়াৰ লগতে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি, অভিযন্তা আৰু কৰ্মচাৰীসকল উপস্থিত থাকে৷