...

চুবুৰীয়া ৰাজ্য অৰুণাচলত মানৱ সৰবৰাহ !

Spread the love

 

চুবুৰীয়া ৰাজ্য অৰুণাচলত মানৱ সৰবৰাহ !

 

শ্ৰমিকৰ কাম কৰাৰ সুযোগ দিয়াৰ প্ৰলোভনৰে মানৱ সৰবৰাহ ?
ছমাহ ধৰি আৱদ্ধ যুৱকক উদ্ধাৰ ডিব্ৰুগড় আৰক্ষীৰ

 

*চাইন অন ডেস্কঃ*

চুবুৰীয়া ৰাজ্য অৰুণাচলত মানৱ সৰবৰাহ ! দেশৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক লোকক শ্ৰমিকৰ কাম কৰাৰ সুযোগ দিয়াৰ প্ৰলোভনৰে মানৱ সৰবৰাহ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে।কিমান বছৰ ধৰি এই কাৰ্য চলি আহিছে,সেয়া ষ্পষ্ট নহলেও মুঠৰ ওপৰত শ্ৰমিকৰ নামত যে আন এক অনৈতিক কাণ্ড সংঘটিত হৈছে সেয়াও উদ্ধাৰ হোৱা এক শ্ৰমিকৰ দ্বাৰা পৰিস্ফুট হৈ পৰিছে।
অসমত থকা শহুৰেকৰ ঘৰলৈ গৈ দালালৰ ৰোষত পৰি বিগত ছমাহে অৰুণাচলত আৱদ্ধ হৈ থকা উত্তৰ প্ৰদেশৰ যুৱকক উদ্ধাৰ কৰিলে ডিব্ৰুগড় আৰক্ষীয়ে। বৃহৎ ধনৰ বিনিময়ত দালালে উত্তৰ প্ৰদেশৰ দিলীপ সিঙক অৰুণাচলৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানক গতাই দিছিল। উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ২৩ বছৰীয়া দিলীপ সিঙে ছমাহ পূৰ্বে মৰানৰ শহুৰেকৰ ঘৰলৈ আহিছিল। ৰাজা চাউৰীয়া নামৰ দালালজনৰ সৈতে কৰ্মৰ সন্ধানত দীপক সিঙে অৰুণাচলৰ আপাৰ চিয়াং জিলাৰ টাকচিন নামৰ ঠাইলৈ গৈছিল। কিন্তু উত্তৰ প্ৰদেশৰ যুৱকজনক অৰুণাচলতে থৈ উভতি আহে চতুৰ ৰাজা চাউৰীয়া। ফলত মাহ মাহ ধৰি ঠিকাদাৰৰ শাৰীৰিক অত্যাচাৰ তথা মানসিক নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈ আহিছিল। ঘৰলৈ উভতি আহিব খোজা দীলিপক ভয়-ভাবুকিৰে দুবছৰলৈকে থাকিবলৈ বাধ্য কৰোৱা হৈছিল। আনকি বহুবাৰ পলায়নৰো চেষ্টা কৰিছিল দীলিপ সিঙে। কিন্তু আদবাটৰ পৰা পুনৰ ধৰি আনি কামত নিয়োজিত কৰে দালালে। অৱশেষত যুৱকজনে কোনোমতে পৰিয়ালৰ যোগাযোগ কৰাত পৰিয়ালৰ লোকে আইনৰ কাষ চাপে। পৰৱৰ্তী সময়ত ডিব্ৰুগড় জিলা আইনী সেৱা প্ৰাধিকৰণৰ তৎপৰতাত ডিব্ৰুগড় আৰু অৰুণাচল আৰক্ষীৰ সহযোগত যুৱকজন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উত্থাপিত অভিযোগ অনুসৰি অৰুণাচলত বৰ্তমানো আৱদ্ধ হৈ আছে অসমৰ বহু যুৱক। দালাল চক্ৰত পৰি মাহ মাহ ধৰি আৱদ্ধ হৈ বিভিন্ন কামত শাৰীৰিক নিৰ্যাতনৰ মাজেৰে কাম কৰিবলগীয়া হৈছে। আনহাতে ইয়াৰে পশ্চিমবংগৰো বহু যুৱক আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *