...

বন্যহস্তীৰ আক্ৰমণত দুধনৈত পুনৰ এগৰাকী মহিলাৰ মৃত্যু

Spread the love

বন্যহস্তীৰ আক্ৰমণত দুধনৈত পুনৰ এগৰাকী মহিলাৰ মৃত্যু

গোৱালপাৰা জিলাত ২৪ ঘন্টাৰ ভিতৰত তিনিজনে প্ৰাণ হেৰুৱালে

দুধনৈ:

গোৱালপাৰা জিলাত ২৪ ঘন্টাৰ ভিতৰত হাস্তী- মানুহৰ সংঘাতৰ পৰিণতিত তিনিগৰাকীকৈ লোকে প্ৰাণ হেৰুৱাব লগা হৈছে ৷ এই ঘটনাই সমগ্ৰ গোৱালপাৰা জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কালি অসম মেঘালয় সীমান্তৱৰ্তী খামাৰীত বিয়লি দুইমান বজাত দিনৰ পোহৰতে দুজনকৈ ব্যক্তিয়ে বনৰীয়া হাতীৰ আক্ৰমণত দুৰ্ভাগ্যজনক ভাবে নিহত হোৱাৰ প্ৰতিক্ৰিয়া মাৰ নাযাওতেই আজি পুৱা ৭ মান বজাত দুধনৈ কুশধোৱাত বন্যহস্তীৰ আক্ৰমণত গুৰুত্বৰ ভাবে আহত হব লগীয়া হয় কণিকা খাখলাৰী নামৰ আন এগৰাকী পঞ্চাশউৰ্ধৰ মহিলা৷ পুৱা ৭মান বজাত ঘন কুৱলীৰ মাজেৰে কুশধোৱাত প্ৰৱেশ কৰা এটা অকলশৰীয়া হাতীয়ে আকস্মিক ভাবে কণিকা খাখলাৰীক আক্ৰমণ কৰে ৷ এই আক্ৰমণত গুৰুত্বৰ ভাৱে আহত হয় কণিকা খাখলাৰী। আহত কণিকা খাখলাৰীক লগে লগে দুধনৈৰ এফ আৰ ইউ হস্পিতালত লৈ যোৱা হয়। যদিও দুধনৈ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ অন্তত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়। কিন্তু উন্নত চিকিৎসা লাভ কৰাৰ আগতেই মহিলা গৰাকীয়ে মৃত্যু বৰণ কৰে৷ এই ঘটনাই ইতিমধ্যে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে৷ জাকৰ পৰা ফালৰি কাটি অহা এটা অকলশৰীয়া হাতী জিলাবাসীৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে ৷ প্ৰতিদিনে হোৱা বনৰীয়া হাতীৰ সন্ত্ৰাসত উজাগৰী নিশা কটাব লগা হোৱা গ্ৰামাঞ্চলৰ ৰাইজ অতীষ্ঠ হৈ পৰিছে ৷ বন বিভাগৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷ বন বিভাগে বৃহৎ বৃহৎ হাতীৰ জাক তথা অকলশৰীয়া হাতীটোক নিয়ন্ত্ৰণ কৰি নোৱাৰাটো বনবিভাগৰ বাবে চৰম বিফলতা হিচাবে গণ্য কৰিছে ৷ বনৰীয়া হাতীৰ গতিবিধিৰ ওপৰত যেনেদৰে সজাগতা সৃষ্টি কৰিব লাগিছিল তাকে নকৰি কেবল মাত্ৰ সামান্যতম খা-খবৰ লৈয়ে নিজৰ দায়িত্ব সামৰি থয় বনকৰ্মী সকলে ৷ তাৰ বিপৰীতে জিলাখনত অমল হাজং, নিৰ্মল সূত্ৰধৰ, তীৰ্থলোচন, প্ৰদীপ দৈমাৰী “বনৰীয়া হাতী আৰু মানুহৰ সংঘাত” শীৰ্ষক এটা ওৱাটচ আপ গ্ৰুপৰ জৰিয়তে ৰাইজক সজাগতা মুলক বাৰ্তাৰে এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আছে ৷ সেয়েহে জিলা বন দুৰ্বল ভুমিকাৰ বাবে সকলো হেৰুৱাই ক্ষোভত ফাটি পৰিছে ক্ষতিগ্ৰস্ত ৰাইজ ৷ খাদ্যৰ সন্ধানত মেঘালয় পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীয়ে অকল গ্ৰামাঞ্চলৰ ৰাইজৰে ক্ষতি কৰাই নহয় মঙলবাৰে গোটেই নিশা দুধনৈ চহৰৰ মাজ মজিয়াত থকা বনবিভাগৰ কাৰ্যালয় আৰু দুধনৈ আৰক্ষী থানাৰ কাষতে মানুহৰ ঘৰ, বজাৰ, কাৰ্যালয়ত তাণ্ডব চলাই বিস্তৰ ক্ষতিসাধন কৰিছিল৷ এতিয়া পুহ মহীয়া প্ৰচণ্ড শীত আৰু ঘন কুৱলীৰ বাবে ভয় আৰু শংকাৰ মাজত উজাগৰি নিশা যাপন কৰিব লগা হৈছে ৰাইজে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *