...

ধুবুৰীৰ আগমনীৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

Spread the love

ধুবুৰীৰ আগমনীৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

ভষ্মীভূত ৯খন দোকান,৭খন মটৰ চাইকেল

ধুবুৰী:

কালি মাজনিশা প্ৰায় ২ মান বজাত ধুবুৰী জিলাৰ আগমনীৰ হালাকুৰা বজাৰত সংঘটিত হয়এক বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডটোত ৯টাকৈ দোকান ভষ্মীভূত হোৱাৰ লগতে জুইত জাহ যায় ৭খনকৈ মটৰ চাইকেলো। ঘটনাস্থলীত উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনীয়ে প্ৰায় ৪ ঘন্টাৰ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবেই অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটা বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, গেলামালৰ দোকান, বাইকৰ গেৰেজ, কিতাপৰ দোকান সহ ৯ খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা এই অগ্নিকাণ্ডটোত বহু লাখ টকাৰ ক্ষয়-ক্ষতি হোৱা বুলি আশংকা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *