ৰোগীৰ বিপৰীতে সামগ্ৰী কঢ়িওৱাত ব্যস্ত এম্বুলেন্স!
মালগাড়ী হলগৈ এম্বুলেন্স?
চাইন অন ডেস্ক:

সোণাৰিত দৰিদ্ৰ ৰোগীৰ সেৱাত ব্ৰতী থকা এম্বুলেন্সে কঢ়িয়াইছে ৩০০ লিটাৰ ইন্ধন, এইবাৰ এম্বুলেন্স সেৱা ব্যস্ত বাগিচাৰ ইন্ধন নিয়া কাৰ্যত। সোণাৰিত আটছাৰ বাধা প্ৰদান। এনে কাৰ্যত গৰিহণা প্ৰদান কৰিলে আটছাৰ বিষয়ববীয়াই।

ৰাজ্য চৰকাৰে বাগিচাত প্ৰদান কৰা এম্বুলেন্সৰে ৰোগী কঢ়িওৱাৰ বিপৰীতে কঢ়িওৱা হৈছে সামগ্ৰী। সোণাৰিৰ এখন প্ৰেট্ৰল পাম্পত এম্বুলেন্সত গিলানে গিলানে তেল ভৰ্তি কৰি কঢ়িওৱা হৈছে এম্বুলেন্সত। এই দৃশ্য সোণাৰিৰ লাহটি প্ৰেট্ৰল পাম্পৰ। যি সময়ত এই টতকালীন সেৱাৰ বাবে বহু ৰোগীয়ে এম্বুলেন্সৰ কাৰণে বহু সময়ত মৃত্যু মুখত পৰিব লগা হয় তেনে সময়ত এম্বুলেন্সত সেৱাৰ এক বিপৰীত ছবি দেখা পোৱা গৈছে সোণাৰিত। নাফুক চাহ বাগিচাত প্ৰদান কৰা এই এম্বুলেন্সত ড্ৰামে ড্ৰামে কঢ়িয়াই নিয়া হৈছে ইন্ধন। বাগিচা সমূহত কৰ্মৰত দৰিদ্ৰ পৰিয়ালৰ বাবে প্ৰদান কৰা এম্বুলেন্সত ড্ৰামে ড্ৰামে ইন্ধন কঢ়িওৱাক লৈ ক্ষোভ প্ৰকাশ 