নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত মাজপোটনী আৰু মাজ উৰিয়াগাঁৱত বন্যহস্তী আৰু মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে । জানিব পৰা মতে মঙলবাৰে নিশা এজাক বন্যহস্তীয়ে মাজপোটনীৰ কনক চন্দ্ৰ বৰাৰ ভৰাঁলগৃহ,খেৰগৃহ লণ্ডভণ্ড কৰাৰ লগতে ভৰাঁলৰ বুজন পৰিমাণৰ ধান খাই তহিলং কৰে। ইয়াৰ উপৰিও বৰাৰ বাৰীৰ তামোল গছ,কলগছকে ধৰি বিভিন্ন গছ-গছনিৰ বিস্তৰ ক্ষতি সাধন কৰে। একেদৰে উক্ত গাঁৱতে বন্যহস্তীয়ে হৰেন বৰাৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে বাসগৃহত থকা ধান খায়। তদুপৰি মাজ পোটনী গাঁৱৰে শৰৎ বৰাৰ বাসগৃহও লণ্ডভণ্ড কৰে। আনহাতে মংগলবাৰে নিশাই বন্যহস্তীয়ে মাজ উৰিয়া গাঁৱৰ অৰূপ বৰাৰ বাসগৃহৰ পিছফালে থকা বাৰীৰ তামোল গছ,কলগছ ভাগি অনিষ্ট সাধন কৰে।
উল্লেখযোগ্য যে, ভুক্তভোগী পৰিয়ালসমূহে বন্যহস্তীয়ে আক্ৰমণ কৰাৰ বিষয়ে বন বিভাগক খবৰ দিয়াৰ পিছতো পলমকৈ সংশ্লিষ্ট বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়। ভুক্তভোগী পৰিয়ালসমূহে ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব নোৱাৰাৰ বাবে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপুৰণ দিবলৈ স্থানীয় ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.