নির্বাচনৰ পূর্বে জনজাতিকৰণ নহয়।এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শর্মাই।সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় জনজাতিকৰণৰ বাবে প্ৰতিবাদৰত হোৱা সংগঠনসমূহেও নির্বাচনৰ পূর্বে জনজাতিকৰণ বিচৰা নাই। তেওঁলোকে চৰকাৰৰ এক সিদ্ধান্ত বিচাৰিছিল আৰু সেই সিদ্ধান্ত ইতিমধ্যে দিয়া হৈছে। নির্বাচনৰ পূর্বে জনজাতিকৰণ হোৱাৰ সম্ভাৱনা নাই এই কাৰণেই যে নির্বাচনলৈ মাত্র দুই-তিনি মাহ আছে। উল্লেখ্য যে জনজাতিকৰণক লৈ শেহতীয়াকৈ মন্ত্রীগোটে প্রস্তুত কৰা প্রতিবেদন চৰকাৰে অসম বিধানসভাত দাখিল কৰিছে। মন্ত্রীগোটৰ এই প্রতিবেদনত জনজাতিকৰণৰ সন্দৰ্ভত বিভিন্ন পৰামৰ্শ চৰকাৰক প্ৰদান কৰা হৈছে। এই প্রতিবেদন অচিৰেই কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰাৰো প্রস্তুতি চলিছে।