নগাঁৱৰ কামপুৰত গণশিল্পী সূৰ্য দাসৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন
নিৰ্মাণ সম্পূৰ্ণ প্ৰতিমূৰ্তি সংস্থাপনৰ দাবী
নগাঁও,
নগাঁও জিলাৰ কামপুৰৰ সুযোগ্য গণশিল্পী সূৰ্য দাসৰ ২১ ডিচেম্বৰৰ দিনা মৃত্যুৰ প্ৰথম বাৰ্ষিকী কামপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ উদ্যোগত উদযাপন কৰা হয় । এই উপলক্ষে কামপুৰ উচ্চতৰ মাধ্যমিক-বহুমুখী বিদ্যালয়ৰ সমীপত আয়োজিত অনুষ্ঠানত সন্মিলনীৰ সভাপতি পুষ্পেন্দ্ৰ নাথৰ দ্বাৰা সূৰ্য দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু সভাপতিত্বত স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত সন্মিলনীৰ উপদেষ্টা অৱসৰপ্ৰাপ্ত অধ্যক্ষ সভাৰাম মজুমদাৰে সূৰ্য দাস কামপুৰৰ তেতেলীসৰাৰ এক আঢ্যবন্ত পৰিয়ালত জন্মগ্ৰহণ কৰি কৈশোৰ পাৰ কৰি গুৱাহাটী ডনবক্সো স্কুলত কিশোৰ আৰু যৌৱনৰ পাতনিৰ লগতে সংগীতৰ জয়যাত্ৰা কেইবা দশকেও অতিক্ৰম কৰে বুলি বক্তব্য ৰাখে। জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ উপ সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰভাত বৰাই গণ শিল্পীগৰাকীৰ গুনাণুকীৰ্তন কৰাৰ লগতে ২০২৪ চনৰ আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰে যদিও সমাধিস্থলীত চৰকাৰৰ কোনো সমাদৰ নোপোৱাত দুখ প্ৰকাশ কৰে। অনুষ্ঠানৰ উদ্দেশ্যে ব্যাখ্যা কৰে সন্মিলনীৰ সম্পাদক অতুল বৰাই। জ্যেষ্ঠ সাংবাদিক-সাহিত্যিক পেঞ্চনাৰ মোলান লস্কৰে গণ শিল্পীজনৰ গণ সংগীত প্ৰদৰ্শনৰ লগতে যোৱা পাঁচ বছৰৰ পূৰ্বে শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিয়ে লাখ লাখ টকা সংগ্ৰহ কৰি মূৰ্তি নিৰ্মাণ সমাপ্ত কৰি আজিও জন্মস্থানত সংস্থাপিত নকৰাৰ কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি সমিতিখনে সকলো হিচাপ ৰাজহুৱা কৰাৰ লগতে মূৰ্তিটো সংস্থাপিত কৰিবলৈ দাবী জনায় । উল্লেখ্য যে নিশালৈকে মৃত্যু তিথি উদযাপন কৰা হয় ।