...

যশস্বী সাংবাদিক, দ্য আছাম ট্ৰিবিউনৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাক শ্ৰদ্ধাৰ্ঘ

Spread the love

 

যশস্বী সাংবাদিক, দ্য আছাম ট্ৰিবিউনৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাক শ্ৰদ্ধাৰ্ঘ

 

গুৱাহাটীৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

 

গুৱাহাটী:

“প্ৰখ্যাত সাংবাদিক, ‘দ্য আছাম ট্ৰিবিউন’ৰ স্বত্বাধিকাৰী তথা সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাদেৱৰ বিয়োগ অসমৰ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।”– সদ্যপ্ৰয়াত প্ৰফুল্ল গোবিন্দ বৰুৱাদেৱৰ গুৱাহাটীৰ চানমাৰিস্থিত বাসগৃহত সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত হৈ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক দেখা কৰি সমবেদনা জনায়।

সোণোৱালে কয়, “সততা, গঠনমূলক দৃষ্টিভংগী আৰু জাতীয় দায়বদ্ধতাৰে বৰুৱাদেৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সংবাদ সেৱাৰ গুণগত মান সুদৃঢ় কৰি গ’ল। তেখেতৰ জাতীয় চেতনা আৰু অম্লান কৰ্মৰাজি সমাজ জীৱনৰ লগতে সংবাদ ক্ষেত্ৰৰ বাবে পাথেয় হৈ ৰ’ব। তেখেতৰ বলিষ্ঠ নেতৃত্বত দ্য আছাম ট্ৰিবিউনে পূৰ্বৰ সুনাম অটুট ৰাখিছিল আৰু সেই গ্ৰহণযোগ্যতা, বিশ্বাসযোগ্যতাৰ অনিৰুদ্ধ যাত্ৰা আগুৱাই যাব বুলি আমি আশাবাদী। তেখেতক মই বহুবাৰ লগ পাইছোঁ, তেখেতৰ সান্নিধ্যই আমাক উদ্বুদ্ধ কৰিছিল। জাতীয় জীৱনৰ হকে নিষ্ঠাৰে কাম কৰি যাবলৈ তেখেতে আমাক অনুপ্ৰাণিত কৰিছিল।”

Leave a Reply

Your email address will not be published. Required fields are marked *