...

ব্ৰহ্মপুত্ৰৰ বুকুত “পৰীক্ষা পে চৰ্চা”ত ৰাজ্যৰ ২৫গৰাকী মেধাৱী শিক্ষার্থীৰ অংশগ্ৰহণ

Spread the love

ব্ৰহ্মপুত্ৰৰ বুকুত “পৰীক্ষা পে চৰ্চা”ত ৰাজ্যৰ ২৫গৰাকী মেধাৱী শিক্ষার্থীৰ অংশগ্ৰহণ

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,

ৰবিবাৰে পুৱাই নৌকা বিহাৰ কৰি ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থীৰে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আভ্যন্তৰীণ জল পৰিবহনৰ এম ভি চৰাইদেউ-২ জাহাজখনত ব্ৰহ্মপুত্ৰৰ বুকুত অনুষ্ঠিত মত বিনিময় কাৰ্যসূচীত “পৰীক্ষা পে চৰ্চা”ত ৰাজ্যৰ ২৫গৰাকী মেধাৱী শিক্ষার্থীয়ে অংশগ্ৰহণ কৰে। যিসকল শিক্ষার্থীয়ে প্ৰধানমন্ত্ৰীৰে মত বিনিময় কৰে সেইসকলৰ ভিতৰত মধ্য অসমৰ তিনি গৰাকী শিক্ষাৰ্থীও আছে। তেওঁলোক হৈছে–মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পি এম শ্ৰী আদৰ্শ বিদ্যালয়ৰ একাদশ (ক’লা) শ্ৰেণীৰ ছাত্ৰী কৃষ্টি জিনা বৰা, মৰিগাঁও জিলাৰে জৱাহৰ নৱোদয় বিদ্যালয়ৰ বিজ্ঞান শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰ নঈম মাচুদ আৰু জালুগুটিৰ পি এম শ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী জেনিফা আহমেদে। দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰা তেখেতক সন্মুখৰ পৰাই প্ৰশ্ন কৰিব পৰাৰ সুবিধা লাভ কৰি তিনিও অধিক উৎফুল্লিত হৈ পৰে। তেওঁলোক সেই ক্ষণৰ বাবে অধিৰ আগ্ৰহেৰে বাট চাই ৰোৱা বুলি জনাইছে। উল্লেখ্য যে,কৃষ্টিজিনা ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ‌ শিক্ষয়িত্ৰী-সংগীত শিল্পী গীতুমণি বৰা আৰু হোমেন বৰাৰ জীয়ৰী। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে প্ৰত্যক্ষ বাৰ্তালাপ কৰাৰ সুযোগ লাভ কৰা বাবে গৰ্ব অনুভৱ কৰা বুলি‌ শিক্ষানুষ্ঠান তিনিখনৰ মূৰব্বীয়ে জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে প্ৰত্যক্ষ বাৰ্তালাপ কৰাৰ সুযোগ লাভ কৰা আন ছাত্ৰ-ছাত্ৰীসকল হৈছে–কামৰূপ (মহানগৰ) জিলাৰ ক্ৰমে ৰয়েল গ্ল’বেল স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ বিহান উপাধ্যায়,ডনবস্ক’ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী অনহিতা সিং,উত্তৰ গুৱাহাটী ছোৱালী বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী অর্পিতা দাস,অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্রী নিষ্ঠা বৰগোহাঁই, শংকৰদেৱ বিদ্যা নিকেতন বিষ্ণুপথৰ নৱম শ্ৰেণীৰ ছাত্ৰী শুভ্রজিতা বৰ্মন, খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী ত্রিদিশা মালাকাৰ,মালিগাঁও কেন্দ্রীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অভিনীৎ বৰুৱা,কামৰূপ জিলাৰ দকুছি আদর্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী আশীতা শর্মা,ৰাজ্যিক নৱোদয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ছফিউৰ ৰহমান আৰু দমদমাৰ পি এম শ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ৰঞ্জন কলিতা। উজনি অসমৰ ডিব্ৰুগড় জিলাৰ তিনি শিক্ষার্থী ক্রমে মৰাণৰ বাল্য বিকাশ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ তন্ময় চুতীয়া,মাইজান চাহ বাগিচা আদর্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী পল্লৱী কৰ্মকাৰ আৰু দিৰিয়াল চাহ বাগিচা আদর্শ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ বিকাশ ভূমিজ, কাছাৰ জিলাৰ শিলচৰৰ সৰস্বতী বিদ্যা নিকেতনৰ দশম শ্ৰেণীৰ ছাত্রী দেৱাঞ্জলি ভট্টাচাৰ্য আৰু নৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ পীযূষ দেবনাথ,শ্রীভূমি জিলাৰ বি ভি পি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী আনন্দিতা মিশ্র,বাক্সা জিলাৰ শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অমিত দৈমাৰী,ডিমা হাচাও জিলাৰ হাফলং চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ থাইছিংদেউ থাওছেন,কোকৰাঝাৰ জিলাৰ পাৰ্চাবজিৰ কে জি বি ভিৰ নৱম শ্ৰেণীৰ ছাত্ৰী জ্যোৎস্না বসুমতাৰী,গোলাঘাট জিলাৰ গোলক বৰবৰা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী দিশা মির্ধা,কাৰ্বি আংলং জিলাৰ পি এমশ্রী জেং ৰংপি ইংলিছ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী ক্রিষ্টিনা বেপি আৰু নলবাৰী জিলাৰ গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী দৃষ্টি গোস্বামীও এই কাৰ্যসূচীত অংশ লয়। উল্লেখ্য যে পুৱা ৮:৪৫ বজাৰ পৰা প্ৰায় ৯:৪০ বজালৈ
ব্ৰহ্মপুত্ৰৰ বুকুত “পৰীক্ষা পে চৰ্চা” কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী সময়ত বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু নামৰূপলৈ ৰাওনা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *