কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমণৰ প্ৰাকক্ষণত বটদ্ৰৱাত ৰবিবাৰে উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া । বটদ্ৰৱাত উপস্থিত বিজেপিৰ সভাপতিগৰাকীয়ে “বটদ্ৰৱা প্ৰকল্প” পৰিদৰ্শন কৰে। উল্লেখ্য যে,তদানীন্তন মুখ্যমন্ত্রী বিশেষ তৎপৰতাত বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনলৈ অহাৰ পাছতেই গুৰুজনাৰ জন্মস্থানৰ আকাশী গঙ্গাৰ পাৰৰ ১৬৫বিঘা ভূমি মিঞাৰ দখলৰ পৰা বেদখল মুক্ত কৰি “বটদ্ৰৱা প্ৰকল্প” নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।
ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ বটদ্ৰৱা আগমণৰ প্ৰাকক্ষণত বিজেপিৰ দলীয় নেতা কৰ্মীৰ লগতে জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে।ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱা সময়লৈকে অসমত মিঞা নাথাকিবই। ইপিনে,ঐতিহাসিক ৰবিবাৰে বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশীগংগাৰ তীৰত নিৰ্মাণ হোৱা বটদ্ৰৱা প্ৰকল্পৰ কামৰ বুজ ল’বলৈ উপস্থিত হয় পীযূষ হাজৰিকা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ প্ৰকল্প বুলি প্ৰকাশ কৰে। হাজৰিকাই লগতে কয় যে এই স্থান অসমীয়াৰ স্বাভিমান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত নিৰ্মাণ হোৱা বটদ্ৰৱা প্ৰকল্প শুভ উদ্বোধন কৰিবলৈ বটদ্ৰৱালৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। গতিকে সকলো আহক বটদ্ৰৱা থানলৈ।
প্ৰায় ৬০হাজাৰ ভক্ত বৈষ্ণৱ,আইমাতৄৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই বিশেষ অনুষ্ঠানৰ পূৰ্বে বটদ্ৰৱাৰ প্ৰকল্পস্থলীত বিধায়ক ৰূপক শৰ্মা,জিতু গোস্বামী,ৰমাকান্ত দেউৰী আৰু শশীকান্ত দাসো উপস্থিত থাকে। উল্লেখ্য যে,২৯ ডিচেম্বৰত বটদ্ৰৱাত উপস্থিত হৈ মাংগলিক অনুষ্ঠানৰ মাজেৰে নামকীৰ্তন,গায়ন-বায়নৰ অনুষ্ঠানৰ মাজেৰে ৰাইজৰ বাবে মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। লগতে দুহেজাৰ গায়ন-বায়ন আৰু আয়তীৰ নাম-কীৰ্ত্তনৰে অমিত শ্বাহক আদৰণি জনোৱা হ’ব ।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.