নামৰূপত এভিএফচিচিএলৰ আধাৰশিলা অনুষ্ঠানত মুখ্যমন্ত্ৰী
প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমে আকাশ চুইছে:হিমন্ত বিশ্ব শৰ্মা
চাইন অন ডেস্ক:
‘অসমীয়াই সুযোগ আৰু সুবিধা পালে আকাশ চুব পাৰে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অসমীয়াই আকাশ চুইছে।’ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ
এমোনীয়া-ইউৰীয়া সাৰ প্ৰকল্প আধাৰশিলা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উপস্থিত থকা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, অসম এতিয়া ‘এ’ ফৰ আপেল নহয়, ‘এ’ ফৰ অসম ক’বলৈ সময় আহি পৰিছে। আজি বিকাশৰ উৎসৱ চাৰিওফালে অনুষ্ঠিত হৈছে। এফালে বিকাশ আনফালে অস্তিত্ব ৰক্ষাৰ আন্দোলন। আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ পৰিণত কৰিবলৈ কাম কৰিছোঁ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰু কয়, আজি আমাৰ বাবে অতি আনন্দ আৰু আৱেগৰ দিন। ২০২১ চনত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত
নামৰূপৰ ৰাইজে বিভিএফচিএলক জীৱন্ত ৰূপ দিবলৈ অনুৰোধ জনাইছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নামৰূপৰ আশা আৰু আকাংক্ষাৰ কথা অৱগত কৰিছিলোঁ। ৫ লাখ মেট্ৰিক টনৰ ইউৰীয়া প্ৰকল্প উৎপাদনৰ অনুমোদন জনোৱাৰ কথা প্ৰধানমন্ত্ৰীক কৈছিলোঁ। কিন্তু আশা কৰাতকৈ বহুত বেছি প্ৰকল্পৰ উপহাৰ দিলে মোডীয়ে। আজি ১২ লাখ মেট্ৰিক টনৰ প্ৰকল্প আধাৰশিলা কৰা হৈছে। ৰাজ্য চৰকাৰক ৪০ শতাংশ অংশীদাৰিত্বৰ সুযোগ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নুমলিগড় শোধানাগাৰক ২৬ শতাংশৰ অংশীদাৰিত্বৰ সুযোগ আৰু সুবিধা দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম দ্ৰুতগতিৰে বিকাশ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কয়, ডিগবৈ শোধানাগাৰ ১ মেট্ৰিক টনলৈ বৃদ্ধিৰ বাবে ৭৬০ কোটি টকাৰ অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। নুমলিগড় ৰিফাইনেৰীৰ ৪০ হাজাৰ কোটি টকাৰ অনুমোদন, জাগীৰোডত ছেমি কণ্ডাক্টৰ নিৰ্মাণ, গুৱাহাটী বিমানবন্দৰৰ টাৰ্মিনেল, কাজিৰঙাৰ এলেভেটেড কৰিডৰ, ব্ৰহ্মপুত্ৰৰ সুৰংগ নিৰ্মান আদি প্ৰকল্পসমূহ উল্লেখযোগ্য। ৰাজ্যৰ জনজীৱনলৈ ২০১৪ চনৰ পিছত নতুন আশা আৰু নতুন পৰিৱৰ্তনৰ আৰম্ভনি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। আমি অসমীয়াই কেতিয়াও এজন প্ৰধানমন্ত্ৰীৰ পৰা এনেকুৱা আশা কৰা নাছিলোঁ।
আমাৰ ৰাজ্যখনৰ জনজীৱনলৈ প্ৰধানমন্ত্ৰীয়ে ভাবিব নোৱাৰা পৰিৱৰ্তন আনিলে। অসম ভাৰতবৰ্ষৰ ভিতৰত পাঁচখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গতি আৰম্ভ কৰিলে। অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ দেশৰ প্ৰধানমন্ত্ৰী পদত দুবাৰকৈ অধিষ্ঠিত হোৱা ড০ মনমোহন সিঙৰ অসমল প্ৰতি অৱহেলাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কয়, ড০ মনমোহন সিঙৰ দিনত অসমত ছেমিকণ্ডাক্টৰ, নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণ কৰিব পাৰিলে হয়। কিন্তু সেই কাম কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে নকৰিলে। কিন্তু আমাৰ আৱেগক সন্মান জনাই মোডীয়ে সেই কাম কৰিলে। আমাৰ ভাষাক ধ্ৰুপদী ভাষা স্বীকৃতি দি ভাষাটোক সুৰক্ষিত কৰাত গুৰুত্ব দিলে। চৰাইদেউৱে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিলে। লাচিতৰ সুউচ্চ প্ৰতিমা নিৰ্মাণ কৰিলে। জাতিটোক আগুৱাই নিবলৈ নতুন নতুন সুবিধা দিবলৈ আহ্বান জনাইছোঁ। জাতিয়ে কেতিয়াও কল্পনা কৰিব নোৱাৰা কাম মোডীয়ে বাস্তৱত ৰূপায়ন কৰিলে। নামৰূপৰ পবিত্ৰ ভূমিত উন্নয়নৰ নতুন দিগন্তৰ সূচনা কৰা বুলি মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মাই আৰু কয়, অসমীয়া জাতিৰ বাবে গৌৰৱৰ বিষয়। প্ৰধানমন্ত্ৰীৰ অৱদানক কেতিয়াও নাপাহৰো। নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে জাতিটো নৱজাগৰণৰ সৃষ্টি হোৱাৰ কথা নাপাহৰো। আমাৰ সপোনবিলাক পূৰণ হোৱাৰ দিশে অগবাঢ়িছে। অসমৰ ৰাইজক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ। আমাক আশীৰ্বাদ কৰিব, যাতে অসমৰ উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাত আগুৱাই নিব পাৰোঁ।