কৰম পূজালৈ গৈ সন্ধানহীন ৯ বছৰীয়া শিশু
১৭ ছেপ্টেম্বৰৰ নিশা উদ্ধাৰ শুক্লাই নৈৰ গাঁতত পুতি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ
ধৰ্ষণ কৰি হত্যাৰ সন্দেহ ৰাইজৰ
ওদালগুৰি জিলাৰ খাগ্ৰাবাৰীৰ নলবাৰীত সংঘটিত এক পৈশাচিক ঘটনাই জোকাৰিছে সমগ্ৰ অঞ্চলটো । বিগত দুই দিন ধৰি সন্ধানহীন হৈ থকা এগৰাকী কণমানিৰ মৃতদেহ নদীৰ বুকুত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। কণমানি জনিৰ ধৰ্ষণ কৰি বৰ্বৰভাৱে হত্যা কৰাৰ সন্দেহ অঞ্চলবাসীৰ ৷