নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ৪২ সংখ্যক নৱাগত আদৰণি সভা সম্পন্ন
নগাঁও :-
“ভাষা জীয়াই ৰাখিবলৈ হাতেৰে লিখা আখৰৰ চৰ্চা হ’ব লাগিব । ভাষা শক্তিশালী হোৱাৰ মূলতেই হৈছে গ্ৰন্থ ৰচনা। এইদৰেই অসমীয়া ভাষা-সাহিত্য চহকী হৈছে। আজি মধ্য অসমৰ আগশাৰীৰ বাণিজ্য শিক্ষাৰ অনুষ্ঠান নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ৪২ সংখ্যক নৱাগত আদৰণি সভাৰ মুকলি সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি বিশিষ্ট সাংবাদিক নৰেশ কলিতাই এই মন্তব্য কৰে। তেওঁ আৰু কয় যে অসমীয়া মানুহ আবেগিক। অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি অসমীয়া মানুহৰ দুৰ্বলতা আছে। তেওঁ লগতে কয় যে অসমীয়া ভাষা পূৰ্বৰ পৰা চহকী। বিগত ১২৫ বছৰৰ ভিতৰত অসমীয়া ভাষাত ১লাখ ১০ হাজাৰ শব্দ নতুনকৈ অন্তৰ্ভুক্ত হৈছে। ইয়াৰ মূল কাৰণ হৈছে অসমত গ্ৰন্থ ৰচনা হৈ থকাটো। বহতে ক’ব বিচাৰে যে বাতৰি কাকতৰ পঢ়ুৱৈৰ সংখ্যা কমিছে। আচলতে সেয়া সঁচা নহয়। বাতৰি কাকতৰ ই-সংস্কৰণ দেশ বিদেশৰ লাখ লাখ লোকে পঢ়ে। 
জুবিন গাৰ্গৰ সৃষ্টিৰাজি আগতে প্ৰকাশ হোৱা নাছিল। জীৱিত অৱস্থাত এই গৰাকী প্ৰতিভাৰ আকৰ জুবিন গাৰ্গক যিদৰে সন্মান দিব লাগে সেয়া নহ’ল।
কলিতাই প্ৰতিভাধৰসকলক জীৱিত অৱস্থাত সন্মান জনোৱা উচিত বুলি মন্তব্য কৰি কয় যে অসমীয়া ভাষা-সাহিত্য- সংস্কৃতিৰ জুবিন গাৰ্গে আগবঢ়োৱা অৱদানৰ ধাৰা অসমৰ মানুহে অব্যাহত ৰাখিব লাগিব। জুবিন গাৰ্গৰ মৃত্যুক লৈ এতিয়া শোকাকুল পৰিবেশ হৈছে – প্ৰতিবাদ হৈছে। এয়া স্বাভাৱিক কথা । কিছুমানে জুবিনক লৈ ৰাজনীতি কৰিছে। এইটো অতি দুৰ্ভাগ্যজনক কথা । জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ ওপৰত গুৰুত্ব দিব লাগে । জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ তীৰ্থ ক্ষেত্ৰলৈ
ইপিনে অধ্যাপক ভূপেশ টুমুঙে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ স্নাতকোত্তৰ বটা বিশাল আগৰৱালক,শ্ৰেষ্ঠ স্নাতক ৰচিতা সেনক,দ্বীপৰাজ দাসক বাণিজ্য প্ৰশাসনৰ শ্ৰেষ্ঠ স্নাতক আৰু দিব্যা সিঙক শ্ৰেষ্ঠ পুথিভঁৰাল ব্যৱহাৰিক বঁটা প্ৰদান কৰা হয়।অধ্যাপিকা নাতাশা বৰুৱাই আঁত ধৰা নৱাগত আদৰণি অনুষ্ঠানত নতুন শিক্ষাৰ্থী ছেহনাজ বেগম চৌধুৰী,মেহেক আজিজ,পুৰণি শিক্ষাৰ্থী নেহা কোৱৰ,প্ৰিয়ঙ্কা সিং,ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰোহিত বসুমতাৰী,অধ্যাপিকা ৰূপশিখা গোস্বামী আৰু বন্তি কলিতাই ভাষণ প্ৰদান কৰে।অধ্যাপক ড০ কুলেন্দ্ৰ দাসে আঁত ধৰা অনুষ্ঠানত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ বিজয়ী খেলুৱৈসকলক বঁটা প্ৰদান কৰা হয় ।
ঋতু পৰ্ণ শৰ্মা