...
Spread the love

 

 

ডিব্ৰুগড়ত শুভাৰম্ভ ‘স্বাস্থ্যৱান নাৰী, শক্তিশালী পৰিয়াল’ অভিযানৰ

 

 

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে‌ অংশ‌ লয় শুভাৰম্ভণি অনুষ্ঠানত
মহিলাসকলৰ স্বাস্থ্য সেৱা নিশ্চিতকৰণৰ বাবে এই অভিযান
ঠায়ে ঠায়ে অনুষ্ঠিত স্বাস্থ্য শিবিৰ আৰু মেগা ৰক্ত দান শিবিৰ

 

 

চাইন অন ডেস্ক:

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতবৰ্ষৰ মহিলা, কিশোৰ-কিশোৰী আৰু শিশুৰ স্বাস্থ্যসেৱা আৰু পুষ্টি সেৱা শক্তিশালী কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ ‘স্বস্থ নাৰী, সশক্ত পৰিৱাৰ অভিযান’ ( সুস্থ নাৰী,সবল পৰিয়াল অভিযান ) ৰ শুভ উদ্বোধন কৰে । তাৰেই অংশ‌ হিচাপে কালি ডিব্ৰুগড়ত বকপৰাস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত “স্বস্থ নাৰী, সশক্ত পৰিৱাৰ” অভিযানৰ শুভাৰম্ভণি কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (MoHFW) আৰু মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে (MoWCD) যৌথভাৱে নেতৃত্ব দিয়া এই পদক্ষেপে মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পুষ্টিৰ অৰ্থে কাম কৰিব। অনুৰূপ ভাবে ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ ডিব্ৰুগড় জিলাৰ সমূহ আয়ুষ্মান আৰোগ্য মন্দিৰ, প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য শিবিৰৰ আয়োজন কৰাৰ লগতে প্ৰতিৰোধমূলক, প্ৰচাৰমূলক আৰু নিৰাময়মূলক স্বাস্থ্য সেৱা প্ৰদানৰ প্ৰসাৰ ঘটাব । মহিলা আৰু কিশোৰী ছোৱালীৰ স্বাস্থ্য আৰু পুষ্টিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে ৰক্তহীনতা প্ৰতিৰোধ, সুষম খাদ্য আৰু ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত সজাগতা অভিযান চলাব। ইয়াৰ উপৰিও স্বস্থ নাৰী, সাশক্ত পৰিয়াল অভিযানৰ যোগেদি জিলাখনৰ মহিলা‌ সকলৰ অসংক্ৰামক ৰোগ, ৰক্তহীনতা, যক্ষ্মা আৰু ছিকেল চেল ৰোগৰ পৰীক্ষা,প্ৰসৱৰ পূৰ্বে যত্ন, প্ৰতিষেধক, পুষ্টি, তেল আৰু চেনীৰ ব্যৱহাৰ হ্ৰাস কৰণ, মানসিক স্বাস্থ্য, জীৱনশৈলী আৰু মানসিক স্বাস্থ্য সজাগতামূলক কাৰ্য্যকলাপৰ জৰিয়তে মাতৃ, কিশোৰী আৰু শিশুৰ স্বাস্থ্যৰ উন্নতি সাধন কৰাৰ উদ্দেশ্যে লোৱা হৈছে । লগতে এই অভিযান কালত আয়ুষ্মান ভাৰত কাৰ্ডৰ ই কে ৱাই চি, আভা আই ডি প্ৰস্তুতকৰণ, নিক্ষয় মিত্ৰৰ সৃষ্টি আৰু স্বেচ্ছামূলক ৰক্তদান ইত্যাদি ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব উল্লেখযোগ্য যে, এই স্বস্থ নাৰী, সাশক্ত পৰিয়াল অভিযানৰ লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বাস্থ্যবান , শক্তিশালী আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগী আগুৱাই নিয়া । আনহাতে, এই “স্বস্থ নাৰী, সাশক্ত পৰিৱাৰ ” আৰু “সেৱা হি সমৰ্পন” কাৰ্যসূচীৰ অংশ হিচাপে বকপৰা ৰাজহুৱা প্ৰেক্ষাগৃহত আৰু চাবুৱা চাহ বাগিচা চিকিৎসালয়ৰ লগতে জিলাখনৰ বিভিন্ন চিকিৎসালয়ত মেগা ৰক্ত দান শিবিৰৰো আয়োজন কৰে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে । প্ৰণিধানযোগ্য যে এই উদ্বোধনী অনুষ্ঠানত এক মেগা চিকিৎসা শিবিৰৰো স্বাস্থ্য বিভাগে আয়োজন কৰে য’ত মেডিচিন, শিশু ৰোগ বিশেষজ্ঞ, স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ,ই এন টি বিশেষজ্ঞ , দন্ত চিকিৎসক, চকু চিকিৎসকৰ‌ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাৰ‌লগতে মানসিক স্বাস্থ্য,
যক্ষ্মাৰ স্ক্ৰীনিং , অসংক্ৰামক ৰোগৰ স্ক্ৰীনিং ,
প্ৰাক প্ৰসৱ পৰীক্ষা ,চিকল চেল এনিমিয়া স্ক্ৰীনিং, কেন্সাৰ স্ক্ৰীনিং,আভা আৰু আয়ুষ্মান কাৰ্ড ,আই ই চি আৰু কাউন্সেলিং, টীকাকৰণ ,এনিমিয়া স্ক্ৰীনিং , পৰিপুষ্টি সম্পৰ্কীয় কাউন্সেলিং,ঔষধালয়,পৰীক্ষাগাৰ ইত্যাদিৰো ব্যৱস্থা কৰা হয় । ইয়াৰ উপৰিও সমগ্ৰ জিলা খনত মুঠ ২৯৪ টা চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি প্ৰায় ১২ হাজাৰৰো অধিক লোকক স্বাস্থ্য সেৱা প্ৰদান কৰা হয় । অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰিও খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, জিলা আয়ুক্ত বিক্ৰম কৈৰী , অসম চৰকাৰৰ যুটীয়া সচিব তথা ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ অভিভাৱক বিষয়া ডাঃ প্ৰণতি গগৈ, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ ৰাজ্যিক পৰামৰ্শদাতা আনন্দ শৰ্মা প্ৰমুখ্যে জিলা প্ৰশাসনৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া আৰু‌ সামাজিক ক্ষেত্ৰত‌ সক্ৰিয় ব‌্যক্তি, স্হানীয় ৰাইজ আৰু‌ ছাত্ৰী সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *