...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৬৪ সংখ্যক শিক্ষক দিৱস উদযাপন

Spread the love

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৬৪ সংখ্যক শিক্ষক দিৱস উদযাপন

মুখ্য অতিথি হিচাপে পাৰ্থ সাৰথি মহন্ত

সন্মানীয় অতিথি হিচাপে প্ৰাঞ্জল শইকীয়াৰ অংশগ্ৰহণ

৩ গৰাকী শিক্ষকক শিক্ষক বঁ‌টা প্ৰদান

 

চাইন অন ডেস্ক:

দেশৰ অন্য প্ৰান্তৰৰ লগতে আজি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়তো দেশৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি, দাৰ্শনিক-পণ্ডিত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিৱস ৬৪ সংখ্যক শিক্ষক দিৱস হিচাপে ওলহ-মালহেৰে উদযাপন কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনৰ উদ্যোগত ”ৰংঘৰ’ প্ৰেক্ষাগৃহত আয়োজিত এই বিষয়ক এখন গুৰু-গম্ভীৰ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ভাৰতৰ আৰক্ষী প্ৰশাসনিক সেৱাৰ বিষয়া, সু-লেখক, অভিনেতা, চলচ্চিত্ৰ-নিৰ্মাতা আৰু সমাজকৰ্মী পাৰ্থ সাৰথি মহন্তই। সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় তাৰকা, চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজক প্ৰাঞ্জল শইকীয়াই।
প্ৰয়াত শিক্ষাবিদ ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলনেৰে এই সভাৰ শুভাৰম্ভনী কৰাৰ পিছতে আদৰণী ভাষণ প্ৰদান কৰে এই অনুষ্ঠানৰ আয়োজক সমিতিৰ সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ নিয়ন্ত্ৰক ড° প্ৰশান্ত কুমাৰ কাকতিয়ে। ইয়াৰ পিছতে শিক্ষক দিৱসৰ বিশেষ ভাষণ প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক জীতেন হাজৰিকাই। ভাষণ প্ৰসংগত শিক্ষাবিদগৰাকীয়ে মহান শিক্ষক ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন আৰু আদৰ্শৰে অনুপ্ৰাণিত হৈ সেৱাৰ মনোভাৱেৰে কাম কৰি যাবলৈ শিক্ষক সমাজৰ প্ৰতি আহ্বান জনায়।
ইয়াৰ পিছতে সভাত উপস্থিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষকসকলক একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱাল আৰু পৰীক্ষাসমূহৰ নিয়ন্ত্ৰক ড° প্ৰশান্ত কুমাৰ কাকতিয়ে।
এই কাৰ্যসূচীৰ পিছতে মুখ্য অতিথিৰ মনোজ্ঞ ভাষণ প্ৰদান কৰে অসম আৰক্ষীৰ জেষ্ঠ্য বিষয়া, সু-লেখক, অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা তথা সমাজকৰ্মী পাৰ্থ সাৰথি মহন্তই। ‘গুৰু’ ক ‘অন্ধকাৰ বিনাশক’ আখ্যা দি অতিথিগৰাকীয়ে কয় যে সাম্প্ৰতিক সমাজ ব্যৱস্থাত গুৰু শব্দৰ সেই পুৰাতন অভিধাক পুনৰ বিশ্লেষণৰ সময় আহি পৰিছে। সাম্প্ৰতিক সময়ত শিক্ষকতা এক প্ৰত্যাহ্বানলৈ পৰ্যৱসিত হোৱা বুলি উল্লেখ কৰি তেখেতে কয় যে আজিৰ শিক্ষকে পৰম্পৰা আৰু নতুনত্বৰ মাজত সামজ্যঞ্চ ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰিব লাগিব।
আনহাতেদি , সন্মানীয় অতিথিৰ ভাষণত অসমৰ চলচ্চিত্ৰ জগতৰ অন্যতম পুৰোধা প্ৰাঞ্জল শইকীয়াই এক আদৰ্শগত জীৱন যাপনৰ পোষকতা কৰে আৰু এইক্ষেত্ৰত শিক্ষক আৰু ছাত্ৰ সমাজক বলিষ্ঠ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। তেখেতে কয় যে আমি কৰা কৰ্ম ৰাজিয়ে পিছৰ প্ৰজন্মক ক্ষতি কৰিব নালাগে। লগতে শ্ৰমবিহীন এটা জীৱন নকটাবলৈও সকলোৰে প্ৰতি তেখেতে আহ্বান জনায়।
উল্লেখ্য যে এই সভাতে ‘ ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক বঁ‌টা, ২০২৫’ আৰু ‘ উপেন্দ্ৰ নাথ গগৈ স্মাৰক শিক্ষক বঁ‌টা ২০২৫’ প্ৰদান কৰা হয়। শিক্ষক সমাজৰ পৰা অহা আবেদনৰ ভিত্তিত তথা বিশেষজ্ঞ কমিটিৰ পৰামৰ্শ অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভেষজ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° হংস ৰাজ ভট্টক ‘উপেন্দ্ৰ নাথ গগৈ সোঁ‌ৱৰণী বঁ‌টা’ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ সোনাৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ড° কৌশিক দিহিঙীয়া আৰু ডিগবৈ মহিলা মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক ড° মানিক কোঁ‌চক ‘ ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক বঁ‌টা ২০২৫ ‘ বঁ‌টাৰে সন্মানিত কৰা হয়। এই বঁ‌টাৰ লগত আছে একোটাকৈ নগদ ধনৰ টোপোলা, স্মাৰক আৰু একোখনকৈ প্ৰশস্তি পত্ৰ।
মনকৰিবলগীয়া যে এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সকলো বিভাগ আৰু অধ্যয়ন কেন্দ্ৰৰ শিক্ষক, গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু বিষয়া-কৰ্মচাৰীৰ উপৰি একাংশ অতিথিও উপস্থিত থাকে।
অনুষ্ঠানৰ শেষত ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰিয়ালৰ হৈ শলাগৰ শৰাই আগবঢ়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে।

Leave a Reply

Your email address will not be published. Required fields are marked *