...

অসম চাহ কৰ্মচাৰী সংঘৰ ৬৩ সংখ্যক কেন্দ্ৰীয় অধিৱেশন

Spread the love

অসম চাহ কৰ্মচাৰী সংঘৰ ৬৩ সংখ্যক কেন্দ্ৰীয় অধিৱেশন

দ্বিতীয় দিনাৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা

চাইন অন ডেস্ক:

মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম চাহ কৰ্মচাৰী সংঘৰ ৬৩ সংখ্যক ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিনা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে উজ্বলিল।
চাহ কৰ্মচাৰী সংঘৰ মাৰ্ঘেৰিটা শাখাৰ আতিথ্যত মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱ প্ৰাঙ্গনত কালিৰ পৰা আৰম্ভ হোৱা অধিবেশনৰ আজি দ্বিতীয় দিনা পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলা হয়।
সংঘৰ পতাকা উত্তোলন কৰে মহম্মদ হাৰিচুজ জামালে আৰু বিশটা শাখাৰ পতাকা উত্তোলন কৰে শাখাৰ সভাপতি সকলে। ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ পতাকা উত্তোলন কৰে অসম চাহ কৰ্মচাৰী সংঘৰ সাধাৰণ সম্পাদক ঋষভ কলিতাই।স্মৃতি তৰ্পণ মুকলি কৰে চাহ কৰ্মচাৰী সংঘৰ মাৰ্ঘেৰিটা শাখাৰ প্ৰাক্তন সম্পাদক চুচেন শইকীয়াই। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বিশিষ্ট সমাজ সেৱক মানজেলা চিংফৌৱে ।এই অনুষ্ঠানত কেইবা হাজাৰ লোকে একে লগে গালে মায়াবিনী গীত। প্ৰবীণ সাংবাদিক জগত চাংমাইয়ে গছ পুলি ৰোপণ শুভাৰম্ভ কৰে। সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট অভিনেতা অংশুমান ভূঞা ই।বিয়লি ভাগত অসম চাহ কৰ্মচাৰী সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহম্মদ হাৰিচুজ জামালে পৌৰাহিত্য কৰা মুকলি সভা উদ্বোধন কৰিব অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *