...

৫৯ সংখ্যক ঢকুৱাখনা মহাবিদ্যালয় সপ্তাহ

Spread the love

৫৯ সংখ্যক ঢকুৱাখনা মহাবিদ্যালয় সপ্তাহ

বাৰেহনীয়া সাংস্কৃতিক শোভাযাত্ৰা

বিভিন্ন জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে একতাৰ নিদৰ্শন

ঢকুৱাখনা:

উত্তৰ অসমৰ অন্যতম আগশাৰীৰ মহাবিদ্যালয়
ঢকুৱাখনা মহাবিদ্যাল(স্বায়ত্বশাসিত)ত ২৪ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈ আছে মহাবিদ্যালয় সপ্তাহ।৫৯ সংখ্যক মহাবিদ্যালয় সপ্তাহ
উপলক্ষে ছাত্ৰ একতা সভাৰ উদ্যোগত
মঙলবাৰে উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। পুৱা ১০ বজাত আয়তীৰ উৰুলি আৰু শংখধ্বনিৰে মাংগলিক পৰিৱেশত
বিশাল সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা শিল্পী অক্ষয়প্ৰীত গগৈয়ে।ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° যোগানন্দ সূত ,উপাধ্যক্ষ চিত্ৰ কুমাৰ কোচকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক শিক্ষক কৰ্মচাৰী আৰু শিক্ষাৰ্থী উপস্থিত থাকে উদ্বোধনী অনুষ্ঠানত।
মহাবিদ্যালয়খনৰ কলা আৰু বিজ্ঞান শাখাৰ প্ৰতিটো বিভাগে অংশগ্ৰহণ কৰে এই বর্ণিল সাংস্কৃতিক শোভাযাত্ৰাত।বাৰেহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত উপস্থাপন কৰা হয় বিভিন্ন জাতি- জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি।এই শোভাযাত্ৰাত অসমীয়া চহা জীৱনৰ প্ৰতিটো অংশ উপস্থাপন কৰে শিক্ষাৰ্থীসকলে। বিভিন্ন জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে একতাৰ নিদৰ্শন,অসমীয়া সমাজ জীৱনত বাঁহৰ ভূমিকা,অসমীয়া জনজীৱনত গামোচা,মহাপুৰুষজনাৰ অমৰ সৃষ্টিৰাজি, অসমীয়া বাৰমাহ,অসমীয়া থলুৱা খাদ্য সম্ভাৰকে আদি কৰি বিভিন্ন দৃশ্য প্ৰদৰ্শন কৰে এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত৷ইয়াৰ উপৰি ঢকুৱাখনাৰ ঐতিহ্য,অসমীয়া পৰম্পৰাগত বিয়াৰ দৃশ্য আৰু অন্ধবিশ্বাসে সমাজ জীৱনত কেনেদৰে প্ৰভাৱ পেলায় তাৰো প্ৰতীকী ৰূপত উপস্থাপন কৰা হয়।
ইয়াৰোপৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি শিক্ষাৰ্থীসকলে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তুলি ‘জয় জুবিন দা’ ধ্বনিৰে সাংস্কৃতিক শোভাযাত্ৰাক অনন্য মাত্ৰা প্ৰদান কৰে।অসমৰ জাতীয় সাজপাৰ পিন্ধি নৃত্য-গীত প্ৰদৰ্শন কৰি আগবঢ়া সমদলটোক চাই পথচাৰীসকল উৎসাহিত হৈ পৰে।উল্লেখ্য যে ২৯ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া মহাবিদ্যালয় সপ্তাহৰ আজিৰ সাংস্কৃতিক শোভাযাত্ৰাই মহাবিদ্যালয়ৰ প্ৰাংগনৰ পৰা আৰম্ভ হৈ ঢকুৱাখনা নগৰ পৰিভ্ৰমণ কৰি পুনৰ মহাবিদ্যালয়ত আহি সামৰণি পৰে। মহাবিদ্যালয়খনৰ হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্রীয়ে অংশগ্ৰহণ কৰা আৰু অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ সমাহাৰ ঘটা এই সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে আকৰ্ষিত কৰি তোলে।এই শোভাযাত্ৰাত কলা, আৰু বিজ্ঞান শাখাৰ ১২ টা বিভাগৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰা শোভাযাত্ৰাৰ প্ৰতিযোগিতাৰ ফলাফলত বিশেষ পাৰদৰ্শিতা হিচাপে ‘অসমৰ সমাজ জীৱনত বাঁহৰ ব্যৱহাৰ’ বিষয়ত প্ৰথম স্থান লাভ কৰে ৰসায়ন বিজ্ঞান বিভাগে,দ্বিতীয় নৃতত্ব বিভাগ(অসমীয়া জনজীৱনত কলগছৰ ভূমিকা) আৰু সামগ্ৰিক ইতিহাসৰ পৃষ্ঠাত ঢকুৱাখনীয়াৰ ঐতিহ্য,এক অৱলোকন শীৰ্ষক বিষয়ত ইতিহাস বিভাগে তৃতীয় স্থান লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *