কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ অন্তিম গীতটিৰ বিষয়ে জানে নে ?
ক’ত আৰু কেনেকৈ ৰচনা কৰিছিল ?
“এয়ে মোৰ শেষ গান” – এই গীতটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অন্যতম গভীৰ আৰু হৃদয়স্পৰ্শী সৃষ্টিসমূহৰ ভিতৰত অন্যতম ।
চাইন অন ডেস্ক:
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ অন্তিম গীতটি কি বাৰু ? আপুনি বাৰু জানে নেকি ? গীতটি বহুতৰে হয়টো চিনাকি বা আপুনিও শুনিছে নিশ্চয়।কিন্তু ৰাভাই কি পৰিস্থিতিত এই গীতটি ৰচনা কৰিছিল ? সেই বিষয়েও বোধকৰো,বহুতেই নাজানে।এই সন্দৰ্ভত গীতটিৰ ৰচনাৰ অন্তৰালৰ কথা সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বিৰাজ ৰাভাই।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ সাংস্কৃতিক জগতৰ ত্ৰিমূৰ্তিৰ ভিতৰত অন্যতম এজন।বিষ্ণুপ্ৰসাদ ৰাভা মানেই নিজেই এক বৃহত প্ৰতিষ্ঠান, দস্তাবেজৰ এখন বৃহৎ গ্ৰন্থ,যি কেতিয়াও পঢ়ি শেষ কৰিব নোৱাৰি।ৰাভাই জীৱনৰ অন্তিম শয়নলৈ গীত ৰচনা কৰি গৈছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ সকলো সময়তে বহুতো ঘাত-প্ৰতিঘাতৰ মাজেদি তেওঁৰ সাহিত্য, নাটক, খেল আৰু সংস্কৃতিৰ এক বৃহৎ সংখ্যক সৃষ্টি সমাজক দি গৈছে । জীৱনৰ শেষ সময়ত ৰচনা কৰা তেওঁৰ বিশেষ গীতটি হৈছে ‘এয়ে মোৰ শেষ গান জীৱন নাটৰ শেষ ৰাগিনীৰ কল্যাণ খৰমান’ । গীতটিৰ বিষয়ে কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই কয়, “গীতটি বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁৰ মৃত্যুৰ দুদিন পূৰ্বে লিখিছিল আৰু তেওঁ হয়তো কোনোবা গায়কৰ বাবে অপেক্ষা কৰিছিল। মৃত্যুৰ পূৰ্বে গীতটি কমৰেড দধি মহন্তৰ হাতত তুলি দিছিল।দধি মহন্তই এই গীতটি গুৱাহাটী ক্লাৱৰ ওচৰত বিশিষ্ট শিল্পী খগেন মহন্তৰ হাতত দিছিল আৰু খগেন মহন্তই ১৯৬৯ চনৰ ২০ জুনত ৰেডিঅ’ত এই গীতটি পৰিৱেশন কৰিছিল।”
উল্লেখ্য যে ‘এয়ে মোৰ শেষ গান – এই গীতটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অন্যতম গভীৰ আৰু হৃদয়স্পৰ্শী সৃষ্টিসমূহৰ ভিতৰত অন্যতম । গীতটিত জীৱনৰ অন্তিম মুহূর্ত, আত্মচিন্তা আৰু মানুহৰ কৰ্মৰ ওপৰত গভীৰ দৰ্শন ফুটাই তোলা হৈছে।গীতটি জীৱনৰ অন্তিম ক্ষণত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ তেওঁৰ চিকিৎসাধীন হৈ থকা কোঠাটোৰ ই এক বৃহৎ সৃষ্টি।এই গীতটিৰ জৰিয়তে কলাগুৰুয়ে যেন জীৱনৰ অন্তিম গীত গাইছে –জীৱনৰ সংকট, সমাজৰ মুখামুখি হোৱা বিভাজন আৰু এজন শিল্পীৰ দায়িত্ব– এইবোৰ গভীৰতাৰে প্ৰকাশ পায়।
অন্তিম বিদায়ৰ অনুভূতি – গীতটি বিষাদ আৰু স্নিগ্ধতাৰে ভৰপূৰ।যেন এয়া এজন শিল্পীৰ শেষ আত্মঘোষণা।মানৱতাৰ আবেদন – গীতটিত সমাজত সদ্ভাৱ, সমতা আৰু ন্যায় প্রতিষ্ঠাৰ বাণী পোৱা যায়।শিল্পী হিচাপে দায়িত্ববোধ – কলা, সংগীত আৰু কবিতাৰ জৰিয়তে এগৰাকী শিল্পীয়ে কেনেদৰে সমাজক জাগ্ৰত কৰে, সেয়া ফুটাই তোলা হৈছে। উল্লেখ্য যে বিষ্ণুপ্ৰসাদ ৰাভাৰ এই গীতটিৰ জৰিয়তে নিজৰ বিপ্লবী মনোভাৱ, মানৱতাবাদ আৰু শিল্প সাহিত্যৰ প্ৰতি থকা গভীৰ দৃষ্টিভংগীক প্ৰকাশ কৰে।