অনিদ্ৰা,অনাহাৰে ৩ দিন আবদ্ধ !
শুব পৰা নাই ইৰাণত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীৰ হাহাকাৰ অৱস্থা
ইৰাণত ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণ,জীৱনক লৈ চিন্তিত প্ৰায় ৩০০ ভাৰতীয় শিক্ষাৰ্থী
* তেহৰাণ(ইৰাণ) :
অনিদ্ৰা,অনাহাৰে ৩ দিন আবদ্ধ !
শুব পৰা নাই ইৰাণত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীৰ হাহাকাৰ অৱস্থা।ইৰাণত ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণ,জীৱনক লৈ চিন্তিত প্ৰায় ৩০০ ভাৰতীয় শিক্ষাৰ্থীৰ।
মধ্যপ্ৰাচ্যৰ দেশ ইজৰাইল আৰু ইৰাণৰ সংঘৰ্ষই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিগত ৩-৪ দিন ধৰি দুয়োখন দেশৰ মাজত সংঘৰ্ষ অব্যাহত আছে। দুয়োপক্ষই শ শ মিছাইল, ড্ৰোণ আদি নিক্ষেপ কৰিছে । দুয়োখন দেশতে এতিয়ালৈ বহু সামৰিক বাহিনীৰ লগতে সাধাৰণ নাগৰিকৰো মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । একেদৰে লোকসকলে বাংকাৰ আৰু সুৰংগ সদৃশ সুৰক্ষিত স্থানত আশ্ৰয় লৈছে ।
ইয়াৰ মাজতে ইৰাণত থকা ভাৰতীয় শিক্ষাৰ্থীৰ মাজত হাহাকাৰ লাগিছে । শতাধিক ভাৰতীয় শিক্ষাৰ্থীয়ে তেওঁলোকক শীঘ্ৰে স্থানান্তৰ কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনাইছে । জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ বহু যুৱক-যুৱতীয়ে সমগ্ৰ ইৰাণৰ বিভিন্ন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে । তাৰ ভিতৰত আছে শ্বাহিদ বেহেস্তি বিশ্ববিদ্যালয়, ইৰাণ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয় আদি ।
বৰ্তমানৰ ভয়ংকৰ পৰিস্থিতিৰ কথা বৰ্ণনা কৰি তেহৰাণৰ শ্বাহিদ বেহেস্তি বিশ্ববিদ্যালয়ৰ এম বি বি এছৰ তৃতীয় বৰ্ষৰ ভাৰতীয় ছাত্ৰ ইমতিছালে কয়, “শুকুৰবাৰে পুৱতি নিশা ২:৩০ মান বজাত জোৰেৰে বিস্ফোৰণ হোৱাত মই সাৰ পাই বেছমেণ্টলৈ দৌৰি গৈছিলো । তেতিয়া পৰা মই শুব পৰা নাই । ইমতিছালে জনোৱা মতে তেওঁ অধ্যয়ন কৰি থকা বিশ্ববিদ্যালয়খনত ৩৫০ তকৈ অধিক ভাৰতীয় শিক্ষাৰ্থী আছে ।
ফোনযোগে সংবাদ মাধ্যমক তেওঁ কয়, “আমি আমাৰ এপাৰ্টমেণ্টৰ বেছমেণ্টৰ ভিতৰত আবদ্ধ হৈ আছো । আমি প্ৰতি নিশাই বিস্ফোৰণৰ শব্দ শুনিবলৈ পাওঁ । এটা বিস্ফোৰণ মাত্ৰ ৫ কিলোমিটাৰ দূৰতে হৈছিল । তিনিদিন ধৰি আমি শুব পৰা নাই ।” জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ হাণ্ডৱাৰাৰ বাসিন্দা ইমতিছালে লগতে কয় যে তেওঁৰ বিশ্ববিদ্যালয়খনে পাঠদান বন্ধ কৰি দিছে আৰু বোমা বিস্ফোৰণৰ বাবে শিক্ষাৰ্থীসকলো ওলাই যোৱা নাই ।
উল্লেখ্য যে, ইৰাণত ইজৰাইলৰ আক্ৰমণত নিহত তিনিগৰাকী ইৰাণী পাৰমাণৱিক বিজ্ঞানী শ্বহীদ হোৱা বেহেস্তি বিশ্ববিদ্যালয়ৰে অধ্যাপক আছিল । বিশ্ববিদ্যালয় প্ৰশাসনে শিক্ষাৰ্থীসকলৰ সৈতে নিৰন্তৰ যোগাযোগত আছে যদিও বেছিভাগ ভাৰতীয় শিক্ষাৰ্থীয়েই সুৰক্ষাৰ স্বাৰ্থতে ভাৰতলৈ ঘূৰি আহিব বিচাৰিছে ।
আন এজন ভাৰতীয় ছাত্ৰ মোহিদিনে কয়, “আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছো যে পৰিস্থিতি অধিক বেয়া হোৱাৰ আগতেই আমাক লৈ যাওঁক । দূতাবাসে হেল্পলাইন নম্বৰ শ্বেয়াৰ কৰিছে আৰু যোগাযোগত আছে, কিন্তু আমি ভয় খাইছো আৰু ঘৰলৈ যাব বিচাৰিছো ।”
শেহতীয়াকৈ ভাৰতীয় দূতাবাসে এই ৰাজহুৱা পৰামৰ্শৱলীৰ জৰিয়তে সকলো ভাৰতীয় নাগৰিক আৰু ভাৰতীয় মূলৰ ব্যক্তিক ঘৰৰ ভিতৰতে থাকি চৰকাৰী চেনেলসমূহ চাই থাকিবলৈ আহ্বান জনাইছে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ এক বিবৃতিত কোৱা হৈছে যে বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতিৰ মাজত ইৰাণত অধ্যয়ন কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা আৰু মংগল নিশ্চিত কৰাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি থকা হৈছে । দূতাবাসেও পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ কৰি আছে আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে জড়িত হৈ সহায় আগবঢ়াইছে । কিছুমান স্থানত দূতাবাসৰ জৰিয়তে ইৰাণৰ ভিতৰৰ নিৰাপদ স্থানলৈ ছাত্ৰ-ছাত্ৰীক স্থানান্তৰ কৰা হৈছে । অন্যান্য সম্ভৱপৰ বিকল্পসমূহো পৰীক্ষা কৰি থকা হৈছে বুলি বিবৃতিত কোৱা হৈছে ।
তেহৰাণৰ পৰা কিছু নিলগত থকা কেৰমাণ ইউনিভাৰ্চিটী অৱ মেডিকেল ছায়েন্সৰ এমবিবিএছৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ফাইজান নবীয়ে কয় যে যদিও কেৰমাণ তেহৰাণতকৈ তুলনামূলকভাৱে সুৰক্ষিত যদিও আতংক দ্ৰুতগতিত বিয়পি পৰিছে ।
তেওঁ কয়, “আজি আমাৰ চহৰত গুলীৰ শব্দ শুনিছো । তেহৰাণত মোৰ বন্ধুসকল আতংকিত হৈ পৰিছে । আমাক ৩-৪ দিনলৈ খোৱাপানী জমা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । পৰিস্থিতি ইমান বেয়া হৈছে ।”
শ্ৰীনগৰৰ বাসিন্দা ফাইজানে কয়, “মোৰ পিতৃ-মাতৃয়ে দিনটোত ১০ বাৰলৈ ফোন কৰি আছে । ইণ্টাৰনেট ইমানেই লেহেমীয়া যে মই হোৱাটছএপ মেছেজ এটাও পঠিয়াব নোৱাৰো।আমি ইয়ালৈ আহিছিলো চিকিৎসক হ’বলৈ । এতিয়া আমি মাত্ৰ জীয়াই থাকিবলৈ চেষ্টা কৰিছো ।”
ইফালে ইৰাণৰ আকাশমাৰ্গ নিষিদ্ধ আৰু সংঘৰ্ষ কেতিয়া কমিব তাৰ কোনো স্পষ্ট সময়সীমা নাই । এনে পৰিস্থিতিত ভাৰতীয় শিক্ষাৰ্থীসকল উদ্বিগ্ন হৈ পৰিছে। অৱশ্যে শিক্ষাৰ্থীসকলক ভাৰতলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে সেয়া সময়তহে পৰিস্ফুট হ’ব ।