...
Spread the love

 

অবিস্বাশ্য ! কিমাৰ্শ্বযম ! আশ্বৰ্য !

 

ভয়ংকৰ বিমান দুৰ্ঘটনাৰ মাজতো জীৱন ৰক্ষা পৰিল ৰমেশৰ
বিমানখনৰ ১১A নম্বৰ ছিটত বহি আছিল ৰমেশ
বিমানখনত আছিল প্ৰায় ২৪২ জন লোক
গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও অভিশপ্ত বিমানতে আছিল

 

আহমেদাবাদ :

গুৰুবাৰ বা শুভবাৰ নহল ভাৰতৰ বাবে।ইতিহাসৰ আটাইতকৈ কলা দিন হিচাপে পৰিগণিত হল বৃহস্পতিবাৰ।কালি(বৃহস্পতিবাৰে) দিনৰ ভাগত সংঘটিত হয় কাহানিও কল্পনা কৰিব নোৱৰা এক ভয়াৱহ বিমান দুৰ্ঘটনা।উৰণৰ মাত্ৰা কেইছেকেণ্ডৰ ভিতৰতে সংঘটিত হয় এই শোকাৱহ ঘটনাটো৷দুৰ্ঘটনাগ্ৰস্ত বিমানখন দেখিলেই গা শিয়ৰি উঠিব আপোনাৰো ৷

দুৰ্ঘটনাত পতিত হোৱা বিমানখনত যে যাত্ৰী জীৱিত থাকিব পাৰে সেয়া কল্পনাৰো বাহিৰত । কিন্তু শোকৰ মাজতে এটা পৰিয়ালৰ মুখলৈ হাঁহি বিৰিঙিছে ৷ কিয়নো আহমেদাবাদৰ এই বিমান দুৰ্ঘটনা পতিত হোৱা এজন ব্যক্তিক সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কথাতেই কয় নহয়- ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে…

 

 

 

 

বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে জীৱিত অৱস্থা উদ্ধাৰ হোৱা ব্যক্তিজন । জানিব পৰা মতে, বিমানখনৰ ১১A নম্বৰ ছিটত বহি আছিল জীৱিত অৱস্থাত উদ্ধাৰ হোৱা বিমান যাত্ৰীজনে ।এই দুৰ্ঘটনাত জীৱন ৰক্ষা পোৱা ব্যক্তিজন হৈছে ৰমেশ বিশ্বাস কুমাৰ । ৪০ বছৰীয়া ৰমেশ ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিক । ৰমেশে দিয়া তথ্য অনুসৰি, হঠাতে এটা ডাঙৰ বিস্ফোৰণ হয়, তাৰ পিছত চাৰিওফালে কেৱল জুইৰ শিখা দেখা গৈছিল।তেওঁ কয়, ‘‘মই কেনেকৈ বাচিলো নাজানো। মোক এম্বুলেন্সৰ সহায়ত চিকিৎসালয়লৈ অনা হৈছিল ।’’

তেওঁ কয়, ‘‘এই দুৰ্ঘটনাটো টেক অফৰ প্ৰায় ৩০ ছেকেণ্ডৰ পিছত সংঘটিত হৈছিল আৰু এই সকলোবোৰ ইমান সোনকালে হৈছিল যে একোৱে ধৰিব নোৱাৰিলো ৷’’ নিজকে ভাগ্যৱান বুলি অভিহিত কৰি ৰমেশে কয় যে তেওঁ এতিয়াও বিশ্বাস কৰিব পৰা নাই যে তেওঁ কেনেকৈ এই দুৰ্ঘটনাৰ পৰা নিৰাপদে ৰক্ষা পৰিল ।

বিগত ২০ বছৰ ধৰি ব্ৰিটেইনত বাস কৰিছিল বিশ্বাসে । যোৱা কেইবাদিনো তেওঁ ভাৰতত আছিল । পৰিয়ালক লগ কৰিবলৈ ইয়ালৈ আহিছিল । এই বিমানত তেওঁ জ্যেষ্ঠ ভাতৃ অজয় ​​কুমাৰ ৰমেশৰ সৈতে লণ্ডনলৈ বুলি ওলািছিল । তেওঁৰ ভাতৃৰ বয়স ৪৫ বছৰ ।

বিশ্বাসে কয়, ‘‘এই দুৰ্ঘটাৰ পাচতে মই সংজ্ঞাহীন হৈ পৰিছিলো ৷ সম্ভেদ ঘূৰি অহাৰ পাচত চৌদিশে কেৱল জুইৰ শিখা দেখিছোলো ৷ ইফালে সিফালে সকলো বস্তু সিঁচৰতি হৈ পৰিছিল ৷ মানুহৰ মৃতদেহবোৰ দেখা পাইছিলো ৷ এই সকলোবোৰ দেখি মই ভয় খাইছিল । প্ৰাণ ৰক্ষাৰ বাবে মই এটা দিশত আগবাঢ়ি আহিলো ৷ তাৰ পিছত তাত উপস্থিত থকা লোকসকলে মোক তুলি এম্বুলেন্সত ভৰাই দিলে ।’’

তেওঁ লগতে কয় যে তেওঁ ১১A চিটত আৰু ভায়েক দ্বিতীয় শাৰীত বহি আছিল । ভাতৃক স্মৰণ কৰি ৰমেশে কয় যে এতিয়ালৈকে ভাতৃৰ কোনো সন্ধান পোৱা নাই ।

উল্লেখ্য যে, উক্ত এই এয়াৰ ইণ্ডিয়াৰ বিমানখনত ১৬৯ জন ভাৰতীয় নাগৰিক, ৫৩ জন ব্ৰিটিছ নাগৰিক, ৭ জন পৰ্তুগীজ আৰু এজন কানাডিয়ান নাগৰিক আছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *