...
Spread the love

ডিব্ৰুগড় জিলা সাংবাদিক সন্থা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু প্ৰগতি সংঘৰ বিশ্ব পৰিৱেশ দিৱস

আমোলাপট্টী মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বাটৰ নাট প্ৰদৰ্শন

শতাধিক গছপুলি ৰোপণ ব্ৰহ্মপুত্ৰৰ নৱনিৰ্মিত মঠাউৰীত

 

চাইন অন ডেস্কঃ

ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ উদ্যোগত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ আৰু মোহনাঘাট প্ৰগতি সংঘৰ সহযোগত ডিব্ৰুগড়ত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱস। ডিব্ৰুগড় ঐতিহাসিক মোহনাঘাটত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ পুলি ৰূপন, বাটৰ নাট প্ৰদৰ্শন আৰু সম্বৰ্ধনা আদি অনুষ্ঠান ৰূপায়ন কৰা হয়। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই ভাষণ প্ৰসংগত কয় যে,বিশ্বায়নৰ যুগত, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ সময়ত প্ৰকৃতি যিধৰণে ধ্বংস কৰা হৈছে। যাৰ বাবে সেউজীয়া পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্যতা নাইকীয়া হৈছে। এতিয়াও অব্যাহত আছে বনধ্বংস।আমাক উদ্যোগীকৰণ লাগে, কিন্তু উদ্যোগৰ জৰিয়তে সমাজলৈ উন্নয়নৰ লগতে সমাজলৈ বিষবাস্প এৰি দিছে বুলি কৈ ভৱিষ্যতৰ দিনত আহিব পৰা ভয়াবহতাৰ বিষয়ে উল্লেখ কৰি সৰুৰ পৰা ডাঙৰ লৈকে সকলোৱে গছক ভালপোৱা লগতে এজোপা গছ কাটিব লগা হলে,দুজোপা গছ ৰূপন কৰিব লাগে বুলি কয় বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপদেষ্টা বিশিষ্ট শিক্ষাবিদ সাংবাদিক মনোৰঞ্জন হাজৰিকাই এই বিশেষ দিনটোতহে গছ ৰূপন কৰিব লাগে এইয়া নহয় বুলি কৈ, প্ৰতিজন লোকে জীৱনৰ প্ৰতিটো সময়ত গছ ৰুব পাৰে বুলি কয়। একোটা গছপুলি কিয় লাগে এই অনুভৱ আমি এতিয়া কৰিব পৰা নাই যদিও গুজৰাটৰ মৰুভূমি লৈ যেতিয়া যাব, তেতিয়া অনুমান কৰিব পাৰিব গছ কিয় লাগে। আনহাতে শেহতীয়াকৈ সূৰ্যৰ বেঙুনীয়া ৰশ্মি পৃথিৱীৰ বুকুত পৰা বাবেই জনসাধাৰণৰ দৈনন্দিন নানান ৰোগৰ সৃষ্টি হোৱা বুলি কৈ উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক গছ ৰোপণ কৰা লগতে গছজোপা ঠন ধৰি উঠালৈকে সুশ্ৰুষা কৰিবলৈ আহ্বান জনায়।ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি বিপিন শৰ্মা আৰু আমোলাপট্টি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশিষ্ট নিৱন্ধকাৰ চন্দন ফুকনে বক্তব্য প্ৰদান কৰি বন ধ্বংসৰ বাবে বায়ু প্ৰদূষণেই নহয়,শেহতীয়াকৈ ৰাজ্যত বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাবলৈ ধৰা বুলি কৈ এই ক্ষেত্ৰত জনসাধাৰণক আৰু অধিক সচেতন হ’বলৈ আহ্বান জনায়।অনুষ্ঠানত আমোলাট্টি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাতৈ- ছাত্ৰী সকলে “প্লাষ্টিক প্ৰদূষণ” আৰু “বানপানী সময়ত প্লাষ্টিকৰ প্ৰভাৱ” শীৰ্ষক দুখনকৈ সুন্দৰ বাটৰ নাট প্ৰদৰ্শন কৰি উপস্থিত সকলক আপ্লুত কৰাৰ লগতে সজাগতা সৃষ্টি কৰে।আমোলাপট্টী এম ভি স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা এটি গজল পৰিবেশন কৰা লগতে অনুষ্ঠানত উপস্থিত থাকে প্ৰগতি সংঘৰ বিষয়ববীয়া যোগমায়া চাংকাকতি সহ অন্যান্য বিষয়ববীয়া লগতে জিলা সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক মুক্তামণি হাজৰিকা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ বিষয়ববীয়া সকল। বৃহত্তৰ প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক হোমেন ফুকনে শলাগ জ্ঞাপন কৰা বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত উপস্থিত বিশিষ্ট ব্যক্তি, প্ৰগতি সংঘৰ বিষয়ববীয়া,আমোলাপট্টী এম ভি স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে ফল-মুল গছকে ধৰি প্ৰায় শতাধিক বিভিন্ন গছপুলি ৰূপন কৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ নতুনকৈ পুণৰ নিৰ্মাণ কৰা মঠাউৰীত।
উল্লেখযোগ্য যে, উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় জিলা সাংবাদিক সন্থাই ৰাষ্ট্ৰসংঘৰ সংস্থাৰ ভাৰতীয় ফেডাৰেশ্যন আৰু কানৈ মহাবিদ্যালয়ৰ বিচিএ বিভাগৰ সহযোগত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় প্ৰেছ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰা যুৱ সাংবাদিক জেছিম আহমেদক চেলেং, গামোচা, স্মাৰক আৰু প্ৰশস্তি পত্ৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *