Skip to content
গুৱাহাটীৰ কৃত্ৰিম বান ৰুধিবলৈ এম জি ভি কে ভানুৱে দিলে পৰামৰ্শ কোন এই এম জি ভি কে ভানু ? বৰ্তমানে ব্যাপক চৰ্চালৈ আহিছে ভানু ! সেয়ে তেওঁক লৈ বৰ্তমান চৰ্চা !
চাইন অন ডেস্কঃ গুৱাহাটীৰ কৃত্ৰিম বান ৰুধিবলৈ এম জি ভি কে ভানুৱে দিলে পৰামৰ্শ।কোন এই এম জি ভি কে ভানু ? আপোনাৰ মনত আছে নে ? তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰণ গগৈৰ শাসন কালৰ কথা। বিগত দুদিনমান ধৰি কৃত্ৰিম বানত ককবকাইছে গুৱাহাটী মহানগৰীৰ নাগৰিকে।এফালে চৰকাৰৰ গুৱাহাটীক বানমুক্ত কৰাৰ মিছা প্ৰতিশ্ৰুতি, আনফালে মহানগৰবাসীৰ জীৱন-যন্ত্ৰণা।বিভিন্ন নতুন নতুন আঁচনি-প্ৰকল্পৰে গুৱাহাটীক বানমুক্ত কৰাৰ চৰকাৰৰ প্ৰয়াসৰ বিপৰীতে দিনক দিনে ক্ৰমাৎ জটিল হৈ পৰিছে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা। আনহাতে, নতুন নতুন অঞ্চলো শেহতীয়াভাৱে বানৰ কবলত পৰিছে।ইয়াৰ মাজতেই সামাজিক মাধ্যমত এগৰাকী ব্যক্তিৰ নাম চৰ্চালৈ আহিছে। সেই ব্যক্তিজনেই হৈছে প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু । এম জি ভি কে ভানুৰ কাৰ্যকালত তদানীন্তন কংগ্ৰেছ চৰকাৰে গুৱাহাটীত হোৱা কৃত্ৰিম বানৰ বাবে সৰ্বত্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।এনে পৰিস্থিতিতে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰশাসনিক বিষয়া এম জি ভি কে ভানুক দিছিল গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ দায়িত্ব।তেতিয়া ভানুৱে মুখ্যমন্ত্ৰীক এবছৰৰ ভিতৰত কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল । কথা মতেই কাম । ইয়াৰ পাছত অনিল নগৰ, নবীন নগৰৰ বাহিৰে গুৱাহাটীৰ ৰাইজে কৃত্ৰিম বানৰ সমস্যাৰ পৰা যথেষ্ট সকাহ পালে। কোনো কোনো অঞ্চলৰ ৰাইজে পাহৰিছিল কৃত্ৰিম বাননো কি ? এম জি ভি কে ভানুৰ সেই তৎপৰতা আৰু দক্ষতা মহানগৰবাসীৰ বাবে স্মৰণীয় হৈ আছে । সেয়ে তেওঁক লৈ বৰ্তমান চৰ্চা হৈছে । এই চৰ্চা এতিয়া ব্যাপক ৰূপত । তেওঁ আগবঢ়ালে গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰাৰ কেইবাটাও সমাধান সূত্ৰ। ভানুৱে কয়, “গুৱাহাটীত কৃত্ৰিম বান হ’লেই বৰষুণ বেছি হোৱা, মেঘালয়ৰ পানী অহা আৰু বশিষ্ঠৰ পানী বঢ়া বুলি নানা কথা কৈ আহিছে । “ “১৯৯১ পৰাই গুৱাহাটীৰ পানী দেখিছো।গুৱাহাটীত পানী আহেই, কিন্তু কিমান সময় পানী থাকিব লাগে।কিয়নো মেঘালয়ত নগৰীকৰণ হৈ আছে।গুৱাহাটীৰ কাষৰীয়া মেঘালয়ৰ পাহাৰবোৰৰ খনন হৈছে । চৰকাৰে সমস্যাবোৰ সমাধান কৰিব লাগে।সমস্যাবোৰৰ কথা ৰাইজৰ আগত কোৱাটো চৰকাৰৰ কাম নহয় বিষয়াই কাম কৰিছেনে নাই, ঠিকাদাৰে কি কাম কৰিলে।গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিবলৈ দুটা পদ্ধতি আছে ।” ভানুৱে কয় । গুৱাহাটীৰ পদ্ধতি দুটা কি ? প্ৰথমটো হৈছে বৰষুণ নোহোৱা সময়ত কি কাম কৰিব লাগিব আৰু বৰষুণ হোৱাৰ সময়ত কি কাম কৰিব।
দ্বিতীয়তে চৰকাৰে কেনেকৈ আন্তঃগাথঁনিৰ উন্নয়ন কৰিব আৰু কেনেদৰে কাৰ্যকৰী কৰিব সেয়া নিশ্চিত কৰিব লাগিব।
কৃত্ৰিম বানৰ সমস্যাৰ সমাধান এই দুটা কাৰণৰ ওপৰত নিৰ্ভৰ কৰিব । বৰ্তমান গুৱাহাটী যি সমস্যাৰ সন্মুখীন হৈছে এই দুটা কথা আওকাণ কৰাৰ বাবে । গুৱাহাটীৰ পানী ব্ৰহ্মপুত্ৰত পেলোৱাৰ বাবে তিনিটা ৰাস্তা আছে। এই কেইটা হৈছে দীপৰ বিল, বোন্দাজান আৰু ভৰলুমুখ।পানীখিনি ব্ৰহ্মপুত্ৰত পেলাবলৈ কি ব্যৱস্থা কৰা আছে। তদুপৰি মহানগৰীৰ নলা পৰিষ্কাৰৰ ক্ষেত্ৰত পুংখানুপুংখভাৱে নিৰীক্ষণ কৰাটো অতি জৰুৰী । এয়া নকৰিলে ইয়াত দুৰ্নীতি হোৱা সম্ভাৱনা থাকে।ইয়ো আন এটা সমস্যা। কি কাৰণত বৰ্তমান মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা জটিল হ’ব ধৰিছে বৰ্তমান তিনিটা কাৰণত গুৱাহাটীত কৃত্ৰিম বান বাঢ়িছে। তেওঁ কয়, “গুৱাহাটী কাষৰীয়া অঞ্চলৰ পৰা জলপ্ৰবাহ বৃদ্ধি পাইছে।উপযুক্ত সময়ত পানীৰ পাম্পিং নকৰা, দীপৰ বিল আৰু শিলসাঁকো বিল সঠিকভাৱে পৰিচালনা নকৰাৰ বাবে।” “বিগত দুটা দিনত গুৱাহাটীত কৃত্ৰিম বানে যি পৰিৱেশৰ সৃষ্টি কৰিছে, সেয়া কৰ্মক্ষেত্ৰৰ গাফিলতিৰ বাবে হৈছে। আন্তঃগাঁথনি ব্যৱস্থাপনাৰ গাফিলতি আৰু পৰিচালনা কৰাৰ গাফিলতিৰ বাবে হৈছে। বৰষুণ হ’লে আমি হুলস্হূল কৰো।” ভানুৱে কয় । “চৰকাৰে কৃত্ৰিম বানৰ কিবা এটা কাৰণ দেখুৱাই দিয়ে আৰু পূজা-বিহু আহিলেই আমি সকলো পাহৰি যাওঁ।মে’ মাহৰ পৰা পুনৰ এই হুলুস্হূল আৰম্ভ হয়।গুৱাহাটীৰ কৃত্ৰিম বান নাইকীয়া কৰিবলৈ পূজাৰ পিছতেই সমাধানৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিব লাগিব বুলিও তেওঁ কয়। Post navigation