...
Spread the love

অসমত ভুৱা এনকাউণ্টাৰৰ গোচৰৰ তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

২০২১ চনৰ মে’ৰ পৰা ২০২২ৰ আগষ্টলৈ অসমত ১৭১ টা ভুৱা এনকাউণ্টাৰ !

 

চাইন অন ডেস্কঃ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ৰাজ্যত অসম আৰক্ষীৰ দ্বাৰা সংঘটিত ভুৱা এনকাউণ্টাৰৰ সন্দৰ্ভত তদন্ত হ’ব। অসম মানৱ অধিকাৰ আয়োগে অসম আৰক্ষীৰ দ্বাৰা সংঘটিত ভুৱা এনকাউণ্টাৰৰ তদন্ত কৰিব।দেশৰ উচ্চতম ন্যায়ালয়ে অসম মানৱ অধিকাৰ আয়োগক ৰাজ্যত আৰক্ষীৰ দ্বাৰা সংঘটিত ভুৱা এনকাউণ্টাৰ অভিযোগৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে ।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য্য কান্ত আৰু এন কোটেশ্বৰ সিঙৰ এখন বিচাৰপীঠে এই তদন্তৰ নিৰ্দেশ দিছে । ২০২১ চনৰ মে’ৰ পৰা ২০২২ চনৰ আগষ্টৰ ভিতৰত অসমত সংঘটিত ১৭১ টা ভুৱা আৰক্ষীৰ এনকাউণ্টাৰৰ স্বতন্ত্ৰ তদন্ত বিচাৰি দাখিল কৰা এখন আবেদনৰ ওপৰত আদালতে যোৱা ২৫ ফেব্ৰুৱাৰীত শুনানী গ্ৰহণ কৰাৰ পিছতে এই ৰায় প্ৰদান কৰিছে ।
উল্লেখ্য যে দিল্লীস্থিত জ্যেষ্ঠ অধিবক্তা আৰিফ জোৱাদ্দাৰে ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত এক জনস্বার্থজড়িত আবেদন (নং ৮৬/২০২১) দাখিল কৰিছিল । তেওঁ আবেদনখনত উল্লেখ কৰা মতে, ২০২১ চনৰ ১ মে’ মাহৰ পৰা ২০২২ চনৰ ৩১ আগষ্টলৈ ৰাজ্যত ১৭১ টা এনে ভুৱা এনকাউণ্টাৰ সংঘটিত হৈছিল ৷ নিজৰ আবেদনত জোৱাদ্দাৰে এইসমূহ ঘটনাৰ নিৰপেক্ষ তদন্তৰ লগতে চিবিআই তদন্ত আৰু ন্যায়ালয়ৰ পর্যবেক্ষণত আৰক্ষীৰ বিশেষ গোটৰ দ্বাৰাও এক তদন্তৰ দাবী জনাইছিল । তেওঁ লগতে তদন্তৰ পাছত নিহত লোকসকলৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণৰ বাবেও দাবী উত্থাপন কৰিছিল ।
মনকৰিবলীয়া যে আবেদনকাৰীক প্ৰতিনিধিত্ব কৰিছিল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে আৰু তেওঁক সহায় কৰিছিল ৰিয়া যাদৱে।এই গোচৰটোত শীৰ্ষ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰি স্বীকাৰ কৰিছিল যে ভুৱা এনকাউণ্টাৰৰ অভিযোগ গুৰুতৰ। ৰাজহুৱা কৰ্তৃপক্ষৰ দ্বাৰা ভুক্তভোগীসকলৰ ওপৰত অত্যধিক বা বে-আইনী বল প্ৰয়োগ কৰাটো বৈধ হ’ব নোৱাৰে।ইয়াৰে কিছুমান ঘটনাত ভুৱা এনকাউণ্টাৰ হ’ব পাৰে বুলি কৰা অভিযোগ সঁচাকৈয়ে গুৰুতৰ আৰু যদি প্ৰমাণিত হয়, তেন্তে ই সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত জীৱনৰ অধিকাৰৰ এক গুৰুতৰ উলংঘন হ’ব।
এই সন্দৰ্ভত গোচৰটোৰ আবেদনকৰী তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰিফ জোৱাদ্দাৰে কয়, “আদালতে বিষয়টো অসম মানৱ অধিকাৰ আয়োগলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়। উচ্চতম ন্যায়ালয়ে লগতে ২০২২ চনৰ ১৮ জানুৱাৰীত অসম মানৱ অধিকাৰ আয়োগৰ নিজাববীয়াকৈ গোচৰৰ সামৰণি আদেশ বাতিল কৰে আৰু গোচৰটো পুনৰ তদন্ত কৰাৰ নিৰ্দেশ দিয়ে। ৰায়টোত অভিযুক্ত ঘটনাৰ ভুক্তভোগীসকল বা তেওঁলোকৰ পৰিয়ালক গোচৰত অংশগ্ৰহণ কৰাৰ বাবে এক ন্যায্য আৰু অৰ্থপূৰ্ণ সুযোগ দিব লাগিব।এই সন্দৰ্ভত আদালতে ৰাজ্যিক মানৱ অধিকাৰ আয়োগক ইংৰাজী আৰু স্থানীয় ভাষাৰ বাতৰি কাকতত ৰাজহুৱা জাননী জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে যাতে ভুক্তভোগীসকলৰ পৰিয়ালৰ কথা শুনিব পাৰি ।”
অধিবক্তাগৰাকীয়ে কয়, “অসম চৰকাৰে পূৰ্বে দাবী কৰিছিল যে যোৱা দহ বছৰত আৰক্ষীৰ অভিযানত পলায়ন কৰা অপৰাধীসকলৰ মাত্ৰ ১০ শতাংশহে আহত হৈছে আৰু এয়া আত্মৰক্ষাৰ ব্যৱস্থা হিচাপে কৰা হৈছিল।” আৰিফ জোৱাদ্দাৰে পূৰ্বে উচ্চ ন্যায়ালয়ৰ আগত যুক্তি দিছিল যে ২০২১ চনৰ মে’ৰ পৰা ২০২২ চনৰ আগষ্টৰ ভিতৰত অসম আৰক্ষীয়ে ৮০ জনতকৈ অধিক ভুৱা এনকাউণ্টাৰ কৰিছিল, যাৰ ফলত ২৮ জন লোকৰ মৃত্যু হৈছিল ।
তেওঁৰ আবেদনত উল্লেখ কৰা হৈছিল যে “নিহত বা আহত হোৱা বহু লোক ভয়ংকৰ অপৰাধী নাছিল” আৰু আদালতৰ তত্বাৱধানত চিবিআই,বিশেষ তদন্ত দল (এছ আই টি) বা আন ৰাজ্যৰ আৰক্ষী দলৰ দ্বাৰা এক স্বতন্ত্ৰ তদন্তৰ আহ্বান জনাইছিল । ইপিনে, আৰিফ জোৱাদ্দাৰে কয় যে এতিয়া মানৱ অধিকাৰ আয়োগে অসম আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ তদন্ত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ অধীনত বিশেষ ক্ষমতা পাব ।‌ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত মানৱ অধিকাৰ আয়োগে অসম আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ সঠিকভাৱে তদন্ত নকৰিলে পৰৱৰ্তী সময়ত পুনৰ ইয়াৰ বিৰুদ্ধে আদালতত দ্বাৰস্থ হোৱাৰ পথ প্ৰশস্ত থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *