অসমত ভুৱা এনকাউণ্টাৰৰ গোচৰৰ তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
২০২১ চনৰ মে’ৰ পৰা ২০২২ৰ আগষ্টলৈ অসমত ১৭১ টা ভুৱা এনকাউণ্টাৰ !
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ৰাজ্যত অসম আৰক্ষীৰ দ্বাৰা সংঘটিত ভুৱা এনকাউণ্টাৰৰ সন্দৰ্ভত তদন্ত হ’ব। অসম মানৱ অধিকাৰ আয়োগে অসম আৰক্ষীৰ দ্বাৰা সংঘটিত ভুৱা এনকাউণ্টাৰৰ তদন্ত কৰিব।দেশৰ উচ্চতম ন্যায়ালয়ে অসম মানৱ অধিকাৰ আয়োগক ৰাজ্যত আৰক্ষীৰ দ্বাৰা সংঘটিত ভুৱা এনকাউণ্টাৰ অভিযোগৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে ।
অধিবক্তাগৰাকীয়ে কয়, “অসম চৰকাৰে পূৰ্বে দাবী কৰিছিল যে যোৱা দহ বছৰত আৰক্ষীৰ অভিযানত পলায়ন কৰা অপৰাধীসকলৰ মাত্ৰ ১০ শতাংশহে আহত হৈছে আৰু এয়া আত্মৰক্ষাৰ ব্যৱস্থা হিচাপে কৰা হৈছিল।” আৰিফ জোৱাদ্দাৰে পূৰ্বে উচ্চ ন্যায়ালয়ৰ আগত যুক্তি দিছিল যে ২০২১ চনৰ মে’ৰ পৰা ২০২২ চনৰ আগষ্টৰ ভিতৰত অসম আৰক্ষীয়ে ৮০ জনতকৈ অধিক ভুৱা এনকাউণ্টাৰ কৰিছিল, যাৰ ফলত ২৮ জন লোকৰ মৃত্যু হৈছিল ।