ৰাজ্যসভাৰ ৩ আসনতে এনডিএ
বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী যোগেন মহন-তেৰছ গোৱালা প্রমোদ বড়ো
কংগ্ৰেছ-বিৰোধীয়ে নিদিলে মনোনয়ন
চাইন অন ডেস্ক:
ৰাজ্যসভালৈ যোৱাটো প্রায় নিশ্চিত হৈছে এনডিএৰ তিনিগৰাকী প্রার্থী ক্রমে মাহমৰাৰ বিধায়ক যোগেন মহন, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা আৰু বিটিচিৰ প্ৰাক্তন মুখ্য কার্যবাহী তথা ইউপিপিএলৰ মুৰব্বী প্রমোদ
বড়োেৰ।বৃহস্পতিবাৰে বিয়লি ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে মনোনয়ন-পত্র দাখিলৰ অন্তিম দিনা আন কোনো প্রার্থীয়ে মনোনয়ন-পত্র নির্বাচনৰ ৰিটার্নিং বিষয়াৰ ওচৰত দাখিল নকৰাত কাৰ্যতঃ এনডিএৰ হৈ মনোনয়ন দাখিল কৰা এই তিনিওগৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হোৱাটো নিশ্চিত হৈছে।
এতিয়া অসমত অহা ১৬ মার্চত হ’বলগা ৰাজ্যসভা নিৰ্বাচনৰ কোনো আনুষ্ঠানিকতা নাথাকিল। অবশ্যে মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিনলৈহে নির্বাচন আয়োগে বিজয়ী তিনিগৰাকীৰ নাম ঘোষণা কৰিব। পুৱাৰ ভাগতে দিছপুৰত ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিটার্নিং বিষয়াৰ ওচৰত বিজেপিৰ হৈ মাহমৰাৰ বিধায়ক তথা মন্ত্রী যোগেন মহন, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা আৰু ইউপিপিএল প্রধান প্রমোদ বড়োৱে নিজৰ নিজৰ মনোনয়ন-পত্র দাখিল কৰে। ৰাজ্যসভাৰ তিনিওগৰাকী প্রার্থীৰ মনোনয়ন দাখিলৰ সময়ত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্রী অতুল বৰা, দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা নির্বাচন প্রভাবী বৈজয়ন্ত জয় পাণ্ডা, মন্ত্রী ঊর্ধাও গৌৰা ব্রহ্ম, মন্ত্রী অশোক সিংহল, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আদিকে ধৰি ভালেসংখ্যক দলীয় নেতা-কর্মীয়ে সংগ দিয়ে। উল্লেখ্য যে ৰাজ্যসভাৰ তিনিখন আসনৰ ভিতৰত দুখন আসনত শাসকীয় পক্ষৰ জয় নিশ্চিত আছিল যদিও তৃতীয় আসনৰ বাবে বিৰোধীৰ জোৰ আছিল। কিন্তু বিৰোধীৰ মাজত প্রার্থী প্রক্ষেপৰ ক্ষেত্ৰত কোনো ঐকমত্য নোহোৱাত তৃতীয় আসনৰ বাবে বিৰোধীৰ কোনো প্রার্থীয়ে আজি মনোনয়ন দাখিল নকৰিলে। যাৰ বাবে তৃতীয়খন আসনতো এনডিএৰ হৈ ইউপিপিএলৰ প্রার্থী প্রমোদ বড়োৰ জয় নিশ্চিত হৈ পৰিল। স্মৰ্তব্য যে ৰাজ্যসভা নিৰ্বাচনৰ বাবে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলেও মনোনয়ন-পত্র সংগ্রহ কৰিছিল। এআইইউডিএফ দলে তৃতীয় আসনত আজমলৰ বাবে উমৈহতীযা যুঁজৰ প্ৰস্তাৱ দিছিল। কিন্তু কংগ্রেছে এআইইউডিএফৰ এই প্ৰস্তাৱত কোনো সঁহাৰি নিদিলে। আনহাতে বিজেপি দলৰো ছগৰাকী নেতাই মনোনয়ন-পত্র সংগ্ৰহ কৰিছিল। এইখিনিতে উল্লেখ কৰা প্রয়োজন যে মন্ত্রী যোগেন মহন ২০১৬ চনত মাহমৰা সমষ্টিক প্রতিনিধিত্ব কৰি প্ৰথমবাৰৰ বাবে অসম বিধানসভাত প্রৱেশ কৰিছিল। সেইবাৰ তেওঁ সৰ্বানন্দ সোণোৱালৰ মন্ত্রীসভাত স্থান লাভ কৰিছিল।