Skip to content কেৰেলাৰ ফেডাৰেল বেংকৰ ২৭ কোটি টকা অসৎ হৰলুকী!
কুখ্যাত চাইবাৰ অপৰাধী কেৰেলা আৰক্ষীৰ জালত
ধৃত ছাইবাৰ অপৰাধী মৰিগাঁৱৰ
বিলাসী বাসগৃহ, ২৭ লাখটকীয়া বাহন জব্দ
মৰিগাঁও:
চাইবাৰ অপৰাধৰ হাব হিচাপে পৰিচিত মৰিগাঁও জিলাৰ লাহৰীঘাটত কেৰেলা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কুখ্যাত চাইবাৰ অপৰাধী।কেৰেলাৰ ফেডাৰেল বেংকৰ পৰা অসৎ উপায়েৰে লাহৰীঘাটৰ চাইবাৰ অপৰাধীয়ে হৰলুকী হৈছিল। ফেডাৰেল বেংকৰ গোচৰৰ ভিত্তিত লাহৰীঘাটত উপস্থিত হয় কেৰেলা আৰক্ষীৰ এটি তিনিজনীয়া আৰক্ষীৰ দল। কেৰেলাৰ ফেডাৰেল বেংকৰ ২৭ কোটি টকা হৰলুকী কৰা মূল মাষ্টাৰ মাইণ্ড চিৰাজুল ইছলামৰ ঘৰ বোৱালগুৰিত। যোৱা নিশা লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষকৰ সহযোগত কেৰেলা আৰক্ষীৰ এটি দলে কুখ্যাত চাইবাৰ অপৰাধী চিৰাজুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।পিছত সমজিলা আৰক্ষী অধীক্ষক ড০ দিগন্ত বৰুৱা আৰু কেৰেলা আৰক্ষীৰ দলটিয়ে ধৃত কুখ্যাত চাইবাৰ অপৰাধীটোৰ বাসগৃহ আৰু ফাৰ্মত অভিযান চলায় ।ধৃত চাইবাৰ অপৰাধীটোৰ বিলাসী বাসগৃহ প্ৰত্যক্ষ কৰি স্তম্ভিত হৈ পৰে আৰক্ষীৰ দলটি।আনহাতে ধৃত চাইবাৰ অপৰাধীটোৱে ব্যৱহাৰ কৰা ২৭ লাখটকীয়া বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে ধৃত ছাইবাৰ অপৰাধী চিৰাজুল ইছলামৰ নিজৰ একাউণ্টৰে ৪ কোটি টকা হৰলুকী কৰিছিল।কেৰেলা আৰক্ষীয়ে অধিক তদন্তৰ বাবে ধৃত চাইবাৰ অপৰাধী চিৰাজুল ইছলামক কেৰেলালৈ লৈ যায়।