...

জ্ঞানৰত্ন সাহিত্য একাডেমীৰ ২০২৫ বৰ্ষৰ বঁটা প্ৰদান

Spread the love

জ্ঞানৰত্ন সাহিত্য একাডেমীৰ ২০২৫ বৰ্ষৰ বঁটা প্ৰদান

পাটাছাৰকুছিৰ দিলীপ কুমাৰ ৰয়লৈ
” শিক্ষক ৰত্ন ৰাষ্ট্ৰীয় বঁটা”

পাটাছাৰকুছি:

জ্ঞানৰত্ন সাহিত্য একাডেমীয়ে সাহিত্য , সমাজ আৰু শিক্ষকতাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বজালী জিলাৰ পাটাছাৰকুছি নিবাসী তথা কনিমাৰা হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক দিলীপ কুমাৰ ৰয়লৈ “শিক্ষক ৰত্ন ৰাষ্ট্ৰীয় বঁটা” আগবঢ়াইছে । আজি গুৱাহাটীৰ অমল প্ৰভা ভৱনত অনুষ্ঠিত একাডেমীৰ ১১ সংখ্যক সন্মিলনত একাডেমীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ড° হেমচন্দ্ৰ বৰ্মণ আৰু উপদেষ্টা ভানু বৰাই ২০২৫ বৰ্ষৰ আন আন বঁটাসমূহৰ লগতে শ্ৰীৰয়লৈ এই বঁটা প্ৰদান কৰে । উল্লেখ্য যে ভাৰতবৰ্ষৰ নিটি আয়োগৰ দ্বাৰা স্বীকৃত জ্ঞানৰত্ন সাহিত্য একাডেমীয়ে সমাজ , সাহিত্য আৰু শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিগত দহবছৰৰ দৰে এইবেলিও বিভিন্ন শিতানত বিশিষ্ট লোকক জ্ঞানৰত্ন ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিছে । ইয়াৰ ভিতৰত বজালী জিলাৰ পৰা এই বঁটা লাভ কৰা একমাত্ৰ বিশিষ্ট লেখক , সমাজসেৱক আৰু সৰ্বোপৰি কৃতী শিক্ষক দিলীপ কুমাৰ ৰয় অন্যতম । উল্লেখ্য যে শ্ৰী ৰয়ে কৃতিত্বৰে একুৰি ওঠৰ বছৰ শিক্ষকতা কৰি চলিত অক্টোবৰ মাহত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিব । অধ্যয়নপ্ৰিয় শ্ৰীৰয়ে ইতিমধ্যে গৱেষণামূলকভাৱে “বজালীৰ স্থানীয় উপভাষা”-ৰ লগতে অসমীঅ ভাষাৰ ব্যৱহাৰিক ব্যাকৰণ , বজালীৰ সাৰথি , বজালীৰ লোক বিশ্বাস আৰু পাঠকৰ দৃষ্টিত সাহিত্য বিচাৰ নামৰ পাঁচখন গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে কেবাখনো গ্ৰন্থ প্ৰকাশৰ পথত আছে । তদুপৰি শ্ৰী ৰয়ে ডেৰকুৰিৰো ওপৰ স্মৃতিগ্ৰন্থ সম্পাদনা কৰাৰ লগতে বিভিন্ন বাতৰি কাকতত তেখেতৰ সাহিত্য , সংস্কৃতি , ভাষা , সমাজ , ধৰ্ম , ভূগোল , পৰিৱেশ , ব্যাকৰণ আদি বিষয় সম্পৰ্কত প্ৰবন্ধ প্ৰকাশ পাই আহিছে । সৰুৰে পৰা কঠোৰ শ্ৰম আৰু অধ্যয়নত ব্ৰতী শ্ৰী ৰয় সাহিত্য চৰ্চা কৰাৰ লগতে একেধাৰে এগৰাকী সাংবাদিক হিচাপেও একুৰিৰো অধিক কাল সেৱা আগবঢ়াইছিল । অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য শ্ৰী ৰয়ে পাটাছাৰকুছি শাখা সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও বিভিন্ন সামাজিক কামত জড়িত হৈ ৰাইজৰ সমাদৰ লাভ কৰি আহিছে । জ্ঞানৰত্ন সাহিত্য একাডেমী, ভাৰতৰ ৰাষ্ট্ৰীয় সভাপতি ড° হেমচন্দ্র বর্মণৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত জ্ঞানৰত্ন সাহিত্য একাডেমীৰ উপদেষ্টা ভানু বৰা, মুখ্য সমন্বয়ক ৰকিবুল আজাদৰ লগতে মুখ্য অতিথি হিচাপে অসম বিধান সভাৰ প্রাক্তন অধ্যক্ষ পৃথিৱী মাঝি উপস্থিত থাকে । মাজুলী শ্রী শ্রী নতুন কমলাবাৰী সত্ৰৰ সত্যজিত মহন্ত , বিশিষ্ট সাহিত্যিক তথা শিক্ষাবি ড° বৈজয়ন্তী গোস্বামী . নর্থ ইষ্ট বুক অফ ৰেকৰ্ডৰ অধ্যক্ষ সোনমনি দত্ত, শিক্ষাবিদ ড° মহানন্দ কুমাৰ , সমাজসৱক দেৱেন চন্দ্ৰ ভূঞা আদি বিশিষ্ট সকলো উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *