...
Spread the love

 

 

১৯৬২ চনৰ ভাৰত-চীন যুদ্ধ

 

 

চুবেদাৰ যোগিন্দৰ সিঙে সাহসেৰে চীনা সেনাৰ সৈতে যুঁজি নিজ জীৱন ত্যাগ

 

চাইন অন ডেস্ক:

আজিও চীনৰ আক্ৰমণ আমি পাহৰিব পৰা নাই। বিগত
১৯৬২ চনৰ ভাৰত-চীন যুদ্ধত ২৩ অক্টোবৰত সাহসী বীৰ চুবেদাৰ যোগিন্দৰ সিঙে সাহসেৰে অনুপ্ৰৱেশকাৰী চীনা সেনাৰ সৈতে যুঁজি নিজৰ জীৱন আহুতি দিছিল যেতিয়া চীনা সেনাই তিনিটা পৰ্যায়ত প্ৰচণ্ড আক্ৰমণ চলাইছিল, তেতিয়া প্লাটুনৰ সেনাপতি যোগিন্দৰ সিঙে নিজৰ বাহিনীৰ কেইজনমান জোৱানৰ সৈতে সাহসেৰে যুঁজি ড্ৰেগন বাহিনীক ভাৰতৰ সীমাৰ পৰা আঁতৰাই পঠাইছিল ।

কিন্তু অৱশেষত যেতিয়া পৰিস্থিতি অসহ্যকৰ হৈ পৰে তেতিয়া যোগিন্দৰ সিং আৰু তেওঁৰ বাহিনীৰ জোৱানসকলে নেতৃত্বৰ কৰ্তব্যক গাফিলতি নকৰি মাতৃভূমিক সুৰক্ষিত কৰাত নিজৰ জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰি চীনা বাহিনীৰ ওপৰত বেয়নেটৰ সৈতে আক্ৰমণ কৰিছিল এইগৰাকী দেশ প্ৰেমিক বীৰ, পৰমবীৰ চক্ৰ বিজেতা যোদ্ধাই ।

বৃহস্পতিবাৰে এই উপলক্ষে টাৱাং ৱাৰ মেমৰিয়েলৰ পৰা ভাৰত-চীন সীমান্তলৈ এক বাইক ৰেলীৰ আয়োজন কৰা হয়। ভাৰতীয় সেনাই কালিত দিনটোত বীৰ ছহিদ গৰাকীলৈ শ্ৰদ্ধা জনাই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে। ভাৰত-চীন সীমান্তত আজিৰ দিনটোত দেশৰ পৰ্যটক উপস্থিত হৈ
বীৰ চুবেদাৰ যোগিন্দৰ সিঙক শ্ৰদ্ধা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *