নগাঁৱত কৃষি সামগ্ৰী ব্যৱসায়ীৰ ১৫দিনীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ
২২খন সমবায় সমিতিৰ প্ৰতিনিধিৰ অংশগ্ৰহণ
নগাঁও,
যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় আৰু ৰাজ্যিক সমবায় সমিতিৰ যুটীয়া উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ দ্বাৰা নগাঁৱত কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ মঙলবাৰে শুভাৰম্ভ কৰা হয়। এই উপলক্ষে শিমলুগুৰিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱত অনুষ্ঠিত অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি নগাঁও,মৰিগাঁও আৰু হোজাই জিলাৰ সমবায় সমিতি (DRCS)ৰ সহকাৰী পঞ্জীয়ক মৰমী ভকতে ভাষণ প্ৰসংগত কয় যে কৃষি সামগ্ৰী ব্যৱসায়ী সকলে একাগ্ৰতাৰে প্ৰশিক্ষণ গ্ৰহণ কৰি পৰৱৰ্তী সময়ত নিজৰ অঞ্চলৰ কৃষকসকলক প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰিলে কৃষকসকল উপকৃত হ’ব। অনুষ্ঠানত আৰম্ভণি ভাষণ প্ৰদান কৰি কেন্দ্ৰটিৰ বিজ্ঞানী তথা মূৰব্বী ড০ ভবেশ চন্দ্ৰ ডেকাই কয় যে কৃষি সামগ্ৰী ব্যৱসায়ীসকলক এই ১৫দিনীয়া প্ৰশিক্ষণৰ দ্বাৰা প্ৰয়োজনীয় জ্ঞানেৰে সমৃদ্ধ কৰি উপযুক্ত সময়ত কৃষকসকলৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ মজুত ৰাখি সহায় কৰাৰ লগতে কৃষি ব্যৱস্থাপনা, বিভিন্ন কৃষি প্ৰযুক্তিৰ পৰামৰ্শ প্ৰদানৰ জড়িয়তে কৃষকসকলৰ উত্তম কৃষি কাৰ্যত সহযোগিতা কৰা কৰ্তব্য পালন কৰিব।
কৃষি বিজ্ঞান কেন্দ্ৰ,নগাঁৱৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথে আঁত ধৰা অনুষ্ঠানটি উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা,প্ৰকল্প সহযোগী ৰূপক কুমাৰ টায়ে,পাম পৰিচালক শংকু মনি শৰ্মাকে আদি কৰি কৃষি বিজ্ঞান কেন্দ্ৰ,নগাঁৱৰ কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখ্য যে নগাঁও,মৰিগাঁও আৰু হোজাই জিলাৰ ২২খন সমবায় সমিতিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্য্যসূচী অহা ১২ জানুৱাৰীত সামৰণি পৰিব।