...

সাৱধান ! চিকিৎসক হলেও আইনৰ পৰা বাছি নাযাব !

Spread the love

চিকিৎসা নীতি উলংঘা; ৰাজ্যৰ ৩ জ্যেষ্ঠ চিকিৎসকক জৰিমনা

 

গুৱাহাটীঃ

ৰোগীক চিকিৎসা প্ৰদানত কৰা গাফিলতি আৰু চিকিৎসা নীতি উলংঘা কৰাৰ অভিযোগত গুৱাহাটীৰ এখন বেচৰকাৰী হাস্পতালৰ তিনিগৰাকী চিকিৎসকক জৰিমনা বিহা হৈছে । ৰাষ্ট্ৰীয় উপভোক্তা আয়োগে গুৰুতৰ অভিযোগৰ ভিত্তিত এই জৰিমনা বিহিছে ।

ৰাষ্ট্ৰীয় উপভোক্তা আয়োগে শেহতীয়াকৈ ৰোগীক চিকিৎসা প্ৰদানত কৰা গাফিলতি আৰু চিকিৎসা নীতি উলংঘা কৰাৰ অভিযোগত ৰাজ্যৰ প্ৰখ্যাত বেচৰকাৰী চিকিৎসালয়ৰ অন্যতম সঞ্চালক তথা জ্যেষ্ঠ চিকিৎসকসহ তিনিজন চিকিৎসকক ২০ লাখ টকাৰ জৰিমনা বিহিছে ।

অৰুণাচলৰ নীৰ্জুলিৰ বাসিন্দা টাকাম জেমছ নামৰ ভুক্তভোগী লোকজনে দাখিল কৰা এটা গোচৰৰ ভিত্তিত ৰাষ্ট্ৰীয় উপভোক্তা আয়োগে এই জৰিমনা বিহিছে । ভুক্তভোগী লোকজনে দাখিল কৰা এটা গোচৰৰ ভিত্তিত ৰাষ্ট্ৰীয় উপভোক্তা আয়োগৰ বিবাদ নিষ্পত্তি আয়োগে জি এন আৰ চি হাস্পতালৰ অন্যতম সঞ্চালক ডাঃ নভনীল বৰুৱাৰ লগতে ডাঃ বিভান বিহাৰী দে’ আৰু ডাঃ মনোজ আগৰৱালাক এই জৰিমনা বিহিছে । ইয়াৰ লগতে গোচৰৰ নামত ভুক্তভোগী লোকজনে কৰা খৰচ হিচাপে তেওঁক ৫০ হেজাৰ টকা আদায় দিবলৈও উপভোক্তা আয়োগে চিকিৎসকত্রয়ক নির্দেশ দিছে ।

তাৰ পাছতে ভুক্তভোগী লোকজন ২০১৪ চনত উপভোক্তা আয়োগৰ কাষ চাপে। প্রায় এক দশকজোৰা আইনী যুঁজৰ পাছত অলপতে আয়োগে তেওঁৰ সপক্ষে ৰায়দান কৰে । চিকিৎসাৰ গাফিলতিত ভুক্তভোগীজন গুৰুতৰ ক্ষতিৰ বলি হ’বলগা হ’ল বুলি দাঙি ধৰা তথ্য-পাতি আৰু প্ৰমাণত আয়োগ পতিয়ন যায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *